--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেৱল পাৰিবাৰিক প্ৰতাৰণাই নহয়, ৰাকেশে নিজকে RSS-ৰ নেতা বুলি ভুৱা পৰিচয় দি বহু নিবনুৱাক চাকৰি দিয়াৰ নামতো বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ডিজিটেল ডেস্ক: এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এজন স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে নিজ পত্নীয়েই উত্থাপন কৰিছে ধাৰাবাহিক প্ৰতাৰণা আৰু নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ। গহপুৰৰ বাসিন্দা, নিজকে RSS নেতা বুলি পৰিচয় দিয়া ৰাকেশ শৰ্মা বৰদলৈ নামৰ যুৱকজনৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে তেওঁৰ পত্নী শিল্পীশিখা দেৱীয়ে। ন্যায়ৰ আশাত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ স্বামীৰ সকলো কু-কৰ্মৰ মুখা খুলি দিছে।


শিল্পীশিখাৰ আটাইতকৈ ডাঙৰ অভিযোগটো হৈছে যে তেওঁক আৰু তেওঁলোকৰ কন্যাক সম্পূৰ্ণ অন্ধকাৰত ৰাখি ৰাকেশে অসমীয়া ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন কৰিছে। সেই অভিনেত্ৰীগৰাকীয়ে বৰ্তমান শিল্পীশিখাক দাবী-ধমকি দিয়ে ৰাকেশক এৰি দিবলৈ।


ইয়াৰ লগতে ৰাকেশে একাধিক যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক ৰখাৰ অভিযোগ তুলিছে পত্নীয়ে। বিশেষকৈ বিবাহ বিচ্ছেদ হোৱা মহিলাসকলক তেওঁ ‘টাৰ্গেট’ কৰি প্ৰতাৰণাৰ জাল মেলে বুলি পত্নীয়ে প্ৰকাশ কৰে।


স্বামীৰ এই চৰিত্ৰহীনতাৰ সন্দৰ্ভত যেতিয়াই শিল্পীশিখা দেৱীয়ে প্ৰশ্ন উত্থাপন কৰিছিল, তেতিয়াই তেওঁৰ ওপৰত চৰম শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল ৰাকেশে।


কেৱল পাৰিবাৰিক প্ৰতাৰণাই নহয়, ৰাকেশে নিজকে RSS-ৰ নেতা বুলি ভুৱা পৰিচয় দি বহু নিবনুৱাক চাকৰি দিয়াৰ নামতো বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।


উল্লেখ্য যে, ২০২১ চনত শিল্পীশিখা দেৱী বিবাহপাশত আৱদ্ধ হৈছিল ৰাকেশ শৰ্মা বৰদলৈৰ সৈতে। বিবাহৰ মাত্ৰ দুবছৰ পিছতেই, অৰ্থাৎ ২০২৩ চনৰ আশে-পাশে ৰাকেশৰ এই সকলো কু-কৰ্ম ধৰা পৰিছিল। আনকি শিল্পীশিখাৰ পূৰ্বেও আন এগৰাকী যুৱতীক বিয়া পাতিছিল ৰাকেশে আৰু এটি পুত্ৰ সন্তানো আছে, এই সকলোবোৰ বিয়াৰ দুবছৰৰ পাছতহে গম পায় শিল্পীশিখা দেৱীয়ে। কিন্তু সংসাৰখন ভাঙি যোৱাৰ ভয়ত আৰু দিনবোৰ সোনকালেই ঠিক হৈ যাব বুলি আশা বুকুত বান্ধি ইমান দিনে নীৰৱে অপেক্ষা কৰিছিল পত্নীয়ে।


কিন্তু ধৈৰ্য্যৰ সীমা অতিক্ৰম কৰাত অৱশেষত শিল্পীশিখা দেৱীয়ে আইনী পথ বাছি লয় আৰু সংবাদ মাধ্যমৰ সন্মুখলৈ আহি অভিযুক্ত স্বামী ৰাকেশ শৰ্মা বৰদলৈৰ আচল স্বৰূপ উদঙাই দিয়ে। বৰ্তমান দিছপুৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী