--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেৱল পাৰিবাৰিক প্ৰতাৰণাই নহয়, ৰাকেশে নিজকে RSS-ৰ নেতা বুলি ভুৱা পৰিচয় দি বহু নিবনুৱাক চাকৰি দিয়াৰ নামতো বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ডিজিটেল ডেস্ক: এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এজন স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে নিজ পত্নীয়েই উত্থাপন কৰিছে ধাৰাবাহিক প্ৰতাৰণা আৰু নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ। গহপুৰৰ বাসিন্দা, নিজকে RSS নেতা বুলি পৰিচয় দিয়া ৰাকেশ শৰ্মা বৰদলৈ নামৰ যুৱকজনৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে তেওঁৰ পত্নী শিল্পীশিখা দেৱীয়ে। ন্যায়ৰ আশাত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ স্বামীৰ সকলো কু-কৰ্মৰ মুখা খুলি দিছে।


শিল্পীশিখাৰ আটাইতকৈ ডাঙৰ অভিযোগটো হৈছে যে তেওঁক আৰু তেওঁলোকৰ কন্যাক সম্পূৰ্ণ অন্ধকাৰত ৰাখি ৰাকেশে অসমীয়া ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন কৰিছে। সেই অভিনেত্ৰীগৰাকীয়ে বৰ্তমান শিল্পীশিখাক দাবী-ধমকি দিয়ে ৰাকেশক এৰি দিবলৈ।


ইয়াৰ লগতে ৰাকেশে একাধিক যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক ৰখাৰ অভিযোগ তুলিছে পত্নীয়ে। বিশেষকৈ বিবাহ বিচ্ছেদ হোৱা মহিলাসকলক তেওঁ ‘টাৰ্গেট’ কৰি প্ৰতাৰণাৰ জাল মেলে বুলি পত্নীয়ে প্ৰকাশ কৰে।


স্বামীৰ এই চৰিত্ৰহীনতাৰ সন্দৰ্ভত যেতিয়াই শিল্পীশিখা দেৱীয়ে প্ৰশ্ন উত্থাপন কৰিছিল, তেতিয়াই তেওঁৰ ওপৰত চৰম শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল ৰাকেশে।


কেৱল পাৰিবাৰিক প্ৰতাৰণাই নহয়, ৰাকেশে নিজকে RSS-ৰ নেতা বুলি ভুৱা পৰিচয় দি বহু নিবনুৱাক চাকৰি দিয়াৰ নামতো বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।


উল্লেখ্য যে, ২০২১ চনত শিল্পীশিখা দেৱী বিবাহপাশত আৱদ্ধ হৈছিল ৰাকেশ শৰ্মা বৰদলৈৰ সৈতে। বিবাহৰ মাত্ৰ দুবছৰ পিছতেই, অৰ্থাৎ ২০২৩ চনৰ আশে-পাশে ৰাকেশৰ এই সকলো কু-কৰ্ম ধৰা পৰিছিল। আনকি শিল্পীশিখাৰ পূৰ্বেও আন এগৰাকী যুৱতীক বিয়া পাতিছিল ৰাকেশে আৰু এটি পুত্ৰ সন্তানো আছে, এই সকলোবোৰ বিয়াৰ দুবছৰৰ পাছতহে গম পায় শিল্পীশিখা দেৱীয়ে। কিন্তু সংসাৰখন ভাঙি যোৱাৰ ভয়ত আৰু দিনবোৰ সোনকালেই ঠিক হৈ যাব বুলি আশা বুকুত বান্ধি ইমান দিনে নীৰৱে অপেক্ষা কৰিছিল পত্নীয়ে।


কিন্তু ধৈৰ্য্যৰ সীমা অতিক্ৰম কৰাত অৱশেষত শিল্পীশিখা দেৱীয়ে আইনী পথ বাছি লয় আৰু সংবাদ মাধ্যমৰ সন্মুখলৈ আহি অভিযুক্ত স্বামী ৰাকেশ শৰ্মা বৰদলৈৰ আচল স্বৰূপ উদঙাই দিয়ে। বৰ্তমান দিছপুৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান