--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "ভূত" কেৱল ভয়ংকৰ নেকি? ছবি আৰু সাহিত্যই বেলেগ ধৰণেও কয়। কেতিয়াবা ‘ভূত’ ভাল বন্ধু। কেতিয়াবা ভাল প্ৰেমিক। কেতিয়াবা আকৌ বৰদান দিয়ে। বাস্তৱতো এনে ‘ভূতৰ কাহিনী’ পোৱা আছে।

প্ৰায় ২০০ বছৰ আগতে অষ্ট্ৰেলিয়াত এটা ‘ভূত’ৰ আবিৰ্ভাৱ হৈছিল। দেশখনৰ এটা অঞ্চলৰ মানুহে এতিয়াও এই ‘ভূত’ক উদযাপন কৰে। বহুতে ‘ভূত’ৰ সাজ-পোছাক পিন্ধি ঘূৰি ফুৰে।

এই কাহিনীটো ফ্ৰেডেৰিক ফিচাৰৰ। ফ্ৰেডেৰিক আছিল ইংলেণ্ডৰ এজন ব্যৱসায়ী। তেওঁৰ এখন দোকান আছিল। জ্ঞাতে বা অজ্ঞাতে তেওঁ নিজৰ দোকানত ভুৱা নোট ৰাখিছিল। এই লেনদেনৰ বাবে ফ্ৰেডেৰিকক দোষী সাব্যস্ত কৰা হয়।

ইংৰাজী আদালতে ফ্ৰেডেৰিকক ১৪ বছৰৰ কাৰাদণ্ড বিহে। সেই সময়ত ইংলেণ্ডৰ পৰা বহু দোষীক অষ্ট্ৰেলিয়ালৈ পঠিওৱা হৈছিল। ফ্ৰেডেৰিককো পঠিওৱা হ’ল।

১৮১৫ চনত ফ্ৰেডেৰিকক আদালতে শাস্তি প্ৰদান কৰে। তেওঁ অষ্ট্ৰেলিয়ালৈ পঠিওৱা হ’ল। ফ্ৰেডেৰিকে পঢ়িব জানিছিল। অষ্ট্ৰেলিয়ালৈ গৈ তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। বহুতো মাটি কিনিলে। কাগজ কল এটাও খুলিলে।য

১৮২২ চনত ফ্ৰেডেৰিক ১৪ বছৰৰ কাৰাদণ্ডৰ আধা সময় কটায়। ইয়াৰ পিছত তেওঁ জামিনৰ বাবে আৱেদন কৰে। লগতে অষ্ট্ৰেলিয়াত কিছু মাটি কিনাৰ অনুমতি বিচাৰে। প্ৰশাসনে অনুমতি দিলে। ইয়াৰ কিছু সময়ৰ পিছতে ফ্ৰেডেৰিক ছিডনীৰ ওচৰৰ কেম্পবেলটাউনত কেইবাটাও সম্পত্তি কিনিলে। কৃষিভূমিও কিনিলে।

১৮২৫ চনত ফ্ৰেডেৰিক স্থানীয় এজন কাঠমিস্ত্ৰীৰ লগত বিবাদত লিপ্ত হয়। ইয়াৰ পিছত তেওঁক পুনৰ জেললৈ প্ৰেৰণ কৰা হয়। ফ্ৰেডেৰিক চিন্তিত হৈ পৰিছিল যে ফাৰ্মখন, খেতিৰ মাটিখিনি কি হ’ব? ওচৰ-চুবুৰীয়া জৰ্জ অৰেলৰ লগত কথা পাতে। নিজৰ মাটিখিনি নিজৰ দায়িত্বত এৰি তেওঁ জেললৈ গ’ল।

ছমাহ কাৰাগাৰত আছিল ফ্ৰেডেৰিক। জেলৰ পৰা ওলাই জৰ্জক তেওঁৰ মাটি ঘূৰাই দিবলৈ ক’লে। জৰ্জে মাটিখিনি ঘূৰাই দিবলৈ অস্বীকাৰ কৰিলে। মাটিখিনি তেওঁৰ বুলি দাবী কৰিছিল।

১৮২৬ চনৰ ১৭ জুনত ফ্ৰেডেৰিক নিৰুদ্দেশ হয়। জৰ্জে স্থানীয় লোকসকলক ক’লে যে তেওঁ ইংলেণ্ডলৈ উভতি গৈছে। যোৱাৰ আগতে তেওঁ নিজৰ সকলো সম্পত্তি আৰু মাটি তেওঁক বিক্ৰী কৰি দিলে। ফ্ৰেডেৰিকৰ ঘোঁৰাটোও তেওঁ কিনিলে।

ফ্ৰেডেৰিকৰ মৃত্যুৰ চাৰি মাহৰ পাছত স্থানীয় বাসিন্দা জন ফাৰ্লিয়ে এক অদ্ভুত দাবী উত্থাপন কৰে। তেওঁ ক’লে যে তেওঁ ফ্ৰেডেৰিক’ৰ ‘ভূত’ দেখিছিল। এখন দলঙৰ ৰেলিঙত বহি আছিল ‘ভূত’টো। ‘ভূতে’ একো কোৱা নাই বুলিও তেওঁ দাবী কৰে। মাত্ৰ পথাৰখনলৈ উভতি আঙুলিয়াই অদৃশ্য হৈ গৈছিল।

প্ৰথমতে সকলোৱে জনৰ এই দাবী নাকচ কৰিছিল। কিন্তু আৰক্ষীৰ মনত সন্দেহ হ’বলৈ ধৰিলে। দলঙৰ কাষৰ পথাৰখনলৈ গৈ আৰক্ষীয়ে ‘ভূতে’ আঙুলিয়াই দিয়া দিশত তালাচি চলাব ধৰিলে। অনুসন্ধানৰ অন্তত পথাৰৰ পৰা উদ্ধাৰ কৰা হয় ফ্ৰেডেৰিকৰ মৃতদেহ।

আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিলে। জৰ্জক গ্ৰেপ্তাৰ কৰা হয়। জৰ্জে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। আদালতে তেওঁক দোষী সাব্যস্ত কৰে। কিন্তু আদালতত ‘ভূত’ তত্ত্বক কোনো প্ৰমাণ হিচাপে গ্ৰহণ কৰা নহ’ল।

জৰ্জৰ শাস্তি পোৱাৰ পিছত এটা প্ৰশ্নৰ উত্থাপিত হ’ল। জন ফাৰ্লিয়ে সঁচাকৈয়ে ‘ভূত’ দেখিছিল নেকি? বহুতে ভাবে যে ‘ভূত’ৰ কাহিনীটো ফাৰ্লিয়ে নিজেই সৃষ্টি কৰিছিল। হয়তো তেওঁ ফ্ৰেডেৰিকক হত্যা কৰা দেখিছিল। কিন্তু কথাটো কেনেকৈ প্ৰকাশ কৰিব, তাক লৈ অনিশ্চিত আছিল। সেয়ে তেওঁ আৱিষ্কাৰ কৰিলে ‘ভূত’ কাহিনী।

তদন্তকাৰীৰ এটা অংশই বিশ্বাস কৰিছিল যে হত্যাকাণ্ডৰ এজন সাক্ষীয়ে ‘ভূত’ৰ সাজ-পোছাক পিন্ধিছিল। তেওঁ হয়তো ফ্ৰেডেৰিকক জৰ্জে হত্যা কৰা দেখিছে। তেওঁ আৰক্ষীক খবৰ দিবলৈ সাহস নকৰিলে। সেয়ে তেওঁ ‘ভূত’ৰ সাজ-পোছাক পৰিধান কৰি বিষয়টো জনসাধাৰণৰ মাজলৈ লৈ আহিছিল।

ছিডনীৰ এগৰাকী সাংবাদিকে দাবী কৰিছিল যে দলংখনত প্ৰকৃততে কোনেও ‘ভূত’ দেখা নাছিল। আৰক্ষীৰ তদন্তত, বা আদালতৰ ৰেকৰ্ডত তেওঁৰ কোনো উল্লেখ নাই। দলঙৰ ৰেলিঙত তেজৰ দাগ দেখা পাইহে আৰক্ষীয়ে তালাচী আৰম্ভ কৰে। লগতে দলঙৰ তলত বৈ যোৱা খালটোৰ পানীত বগা চালৰ মানুহৰ চৰ্বি দেখা বুলি আৰক্ষীক জনাইছিল স্থানীয় দুজন জনজাতীয় লোকে।

যদিও শেষত ফ্ৰেডেৰিক’ৰ ‘ভূত’ৰ কাহিনী স্থানীয় লোকৰ মুখত প্ৰচাৰ হ’বলৈ ধৰিলে। সেই সন্দৰ্ভত বহু উৰাবাতৰি ওলাইছে। কেম্পবেলটাউনৰ বাসিন্দাসকলে ক্ৰমান্বয়ে সেই ‘ভূত’ৰ সৈতে উৎসৱ উদযাপন কৰিব ধৰিলে।

প্ৰতি বছৰে নৱেম্বৰ মাহত কেম্পবেলটাউনৰ বাসিন্দাসকলে ‘ফিচাৰৰ ভূতৰ উৎসৱ’ উদযাপন কৰে। তাত 'ভুত'ৰ সাজ-পোছাক পিন্ধি ঘূৰি ফুৰে। ফ্ৰেডেৰিকৰ মৃতদেহ পোৱা খালটোৰ নামো ৰখা হৈছে ‘ফিচাৰছ গোষ্ট ক্ৰিক’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ