--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বতৰৰ এই জৰুৰী সতর্কবাণী হঠাতে ম'বাইল ফ'নত বাজি উঠে আৰু লাখ লাখ জনতাক সচকিত কৰি তোলে। কিন্তু ঘৰৰ বাহিৰৰ পৰিৱেশ চাই বাসিন্দাসকল আচৰিত হৈ পৰে।

ডিজিটেল ডেস্ক : কেতিয়াবা পুৱাৰ ভাগত, কেতিয়াবা দুপৰীয়া আৰু কেতিয়াবা মাজনিশা হঠাতে বিশাল শব্দৰে ম'বাইলত সংকেত ধ্বনি বাজি উঠে। এই সংকেত ধ্বনি হৈছে অতি প্রতিকূল বতৰৰ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) ধুমুহা-বৰষুণ, বজ্রপাত, প্ৰবল বৰষুণৰ সতর্কবাণী দিবলৈ এই বিশাল সংকেত ধ্বনি ম'বাইল ফ'নত দিয়ে। 


বতৰৰ এই জৰুৰী সতর্কবাণী হঠাতে ম'বাইল ফ'নত বাজি উঠে আৰু লাখ লাখ জনতাক সচকিত কৰি তোলে। কিন্তু ঘৰৰ বাহিৰৰ পৰিৱেশ চাই বাসিন্দাসকল আচৰিত হৈ পৰে। বহিৰত প্ৰতিকূল বতৰৰ কোনো চিন-মোকাম নাই। দেশৰ বিভিন্ন অঞ্চলত বৰ্তমান সময়ত আই এম ডিয়ে এনেধৰণৰ প্ৰতিকূল বতৰৰ সতর্কবাণী ম'বাইল ফ'নত দি আহিছে। নতুনকৈ বিতৰ্কৰ সূত্রপাত হয় দিল্লী-এন চি আৰত। নিশা দুই বজাত দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বাসিন্দাৰ ম'বাইল ফ'নলৈ হঠাতে আই এম ডিৰ সতর্কবাণী আহে। 


ঠিক সেইদৰে উত্তৰ প্ৰদেশ আৰু চুবুৰীয়া অঞ্চলতো 'অতি গুৰুতৰ' বতৰৰ সতর্কবাণী আহে। এই সতর্কবাণী শেষ নিশা অথবা কাহিলিপুৱাৰ ভাগত আহে। কিন্তু এই বতৰৰ সতর্কবাণীৰ পাছত তেনেধৰণৰ কোনো প্রতিকূল বতৰৰ পৰিস্থিতি সৃষ্টি নহ'ল। ইয়াক লৈ বাসিন্দাসকল বিৰক্ত হৈ পৰিছে। দেশৰ অধিকাংশ অঞ্চলতে এনেধৰণৰ ঘটনা প্রায়ে ঘটিবলৈ লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু