--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা মাহত মৃত্যু হোৱা ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিও বাৰ্লুস্কোনিয়ে নিজৰ উইলত নিজৰ ৩৩ বছৰীয়া প্ৰেমিকা মাৰ্টা ফাচিনাক ১০ কোটি ইউৰো (৯,০৫,৮৬,৫৪,৮৬৮ টকা) এৰি থৈ গৈছে বুলি দ্য গাৰ্ডিয়ানে প্ৰকাশ কৰিছে। ইটালীৰ তিনিবাৰৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সাম্ৰাজ্যৰ মূল্য ৬ বিলিয়ন ইউৰোতকৈও অধিক বুলি অনুমান কৰা হৈছে।

মিছেছ ফাচিনাই ২০২০ চনৰ মাৰ্চ মাহত মিষ্টাৰ বাৰ্লুস্কোনিৰ সৈতে সম্পৰ্ক আৰম্ভ কৰিছিল। যদিও দুয়ো আইনগতভাৱে বিবাহপাশত আবদ্ধ হোৱা নাছিল, তথাপিও তেওঁ মৃত্যুশয্যাত তেওঁক নিজৰ ''পত্নী'' বুলি উল্লেখ কৰা বুলি জানিব পৰা গৈছে।

২০১৮ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছৰে পৰা ইটালীৰ সংসদৰ নিম্ন চেম্বাৰৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ৩৩ বছৰীয়া ফাচিনাই। ১৯৯৪ চনত মিষ্টাৰ বাৰ্লুস্কোনিয়ে প্ৰথমবাৰৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰাৰ সময়ত প্ৰতিষ্ঠা কৰা দল 'ফৰ্জা ইটালিয়া’ৰ সদস্য ফাচিনা।

ইফালে বাৰ্লুস্বোনিৰ ব্যৱসায়িক সাম্ৰাজ্য তেওঁৰ দুই সন্তান মেৰিনা আৰু পিয়ৰ ছিলভিঅ’ৰ নিয়ন্ত্ৰণত থাকিব। ইতিমধ্যে এই ব্যৱসায়ত কাৰ্যবাহী ভূমিকা গ্ৰহণ কৰা এই যুটিটোৱে ফিনিনভেষ্ট পৰিয়ালৰ হোল্ডিঙত ৫৩ শতাংশ অংশীদাৰিত্ব লাভ কৰিব।

ইয়াৰ উপৰিও তেওঁ ভাতৃ পাওলোক ১০০ মিলিয়ন ইউৰো আৰু মাফিয়াৰ সৈতে জড়িত হোৱাৰ বাবে জেলৰ সময় কটাবলগীয়া হোৱা তেওঁৰ ফৰ্জা ইটালিয়া দলৰ প্ৰাক্তন চিনেটৰ মাৰ্চেলো ডেল’উট্ৰিক এৰি থৈ গৈছিল।

ব্যৱসায়ী আৰু প্ৰধানমন্ত্ৰী হিচাপে দশক দশক ধৰি ইটালীৰ জনজীৱনত আধিপত্য বিস্তাৰ কৰা মিষ্টাৰ বাৰ্লুস্কোনিৰ ১২ জুনত ৮৬ বছৰ বয়সত মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস