--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা মাহত মৃত্যু হোৱা ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিও বাৰ্লুস্কোনিয়ে নিজৰ উইলত নিজৰ ৩৩ বছৰীয়া প্ৰেমিকা মাৰ্টা ফাচিনাক ১০ কোটি ইউৰো (৯,০৫,৮৬,৫৪,৮৬৮ টকা) এৰি থৈ গৈছে বুলি দ্য গাৰ্ডিয়ানে প্ৰকাশ কৰিছে। ইটালীৰ তিনিবাৰৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সাম্ৰাজ্যৰ মূল্য ৬ বিলিয়ন ইউৰোতকৈও অধিক বুলি অনুমান কৰা হৈছে।

মিছেছ ফাচিনাই ২০২০ চনৰ মাৰ্চ মাহত মিষ্টাৰ বাৰ্লুস্কোনিৰ সৈতে সম্পৰ্ক আৰম্ভ কৰিছিল। যদিও দুয়ো আইনগতভাৱে বিবাহপাশত আবদ্ধ হোৱা নাছিল, তথাপিও তেওঁ মৃত্যুশয্যাত তেওঁক নিজৰ ''পত্নী'' বুলি উল্লেখ কৰা বুলি জানিব পৰা গৈছে।

২০১৮ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছৰে পৰা ইটালীৰ সংসদৰ নিম্ন চেম্বাৰৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ৩৩ বছৰীয়া ফাচিনাই। ১৯৯৪ চনত মিষ্টাৰ বাৰ্লুস্কোনিয়ে প্ৰথমবাৰৰ বাবে ৰাজনীতিত প্ৰৱেশ কৰাৰ সময়ত প্ৰতিষ্ঠা কৰা দল 'ফৰ্জা ইটালিয়া’ৰ সদস্য ফাচিনা।

ইফালে বাৰ্লুস্বোনিৰ ব্যৱসায়িক সাম্ৰাজ্য তেওঁৰ দুই সন্তান মেৰিনা আৰু পিয়ৰ ছিলভিঅ’ৰ নিয়ন্ত্ৰণত থাকিব। ইতিমধ্যে এই ব্যৱসায়ত কাৰ্যবাহী ভূমিকা গ্ৰহণ কৰা এই যুটিটোৱে ফিনিনভেষ্ট পৰিয়ালৰ হোল্ডিঙত ৫৩ শতাংশ অংশীদাৰিত্ব লাভ কৰিব।

ইয়াৰ উপৰিও তেওঁ ভাতৃ পাওলোক ১০০ মিলিয়ন ইউৰো আৰু মাফিয়াৰ সৈতে জড়িত হোৱাৰ বাবে জেলৰ সময় কটাবলগীয়া হোৱা তেওঁৰ ফৰ্জা ইটালিয়া দলৰ প্ৰাক্তন চিনেটৰ মাৰ্চেলো ডেল’উট্ৰিক এৰি থৈ গৈছিল।

ব্যৱসায়ী আৰু প্ৰধানমন্ত্ৰী হিচাপে দশক দশক ধৰি ইটালীৰ জনজীৱনত আধিপত্য বিস্তাৰ কৰা মিষ্টাৰ বাৰ্লুস্কোনিৰ ১২ জুনত ৮৬ বছৰ বয়সত মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক