--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে কাশ্মীৰত দেশৰ ভিতৰতে সৰ্বাধিক আপেল উৎপাদন হয় আৰু মুঠ উৎপাদনৰ ৭০ শতাংশ আপেল কাশ্মীৰ উপত্যকাত হয়।

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ অনন্তনাগৰ বাসিন্দা গুলছন বানুৱে গছৰ পৰা সৰি পৰা আপেলবোৰ খাললৈ দলিয়াই আছে। আছাবলত তেওঁৰ আধা একৰ ভূমিত আপেলৰ বাগান আছিল। কিন্তু তেওঁৰ জীৱনলৈ নামি আহে অমানিশা। বহু কষ্টৰে ৰোপণ কৰা আপেলৰ গছত ফলবোৰ লাগিবলৈ ধৰিছিলহে; কিন্তু শনিবাৰে অহা বিধ্বংসী ধুমুহাই তেওঁৰ আপেল বাগানৰ ৯০ শতাংশ ফল তচনচ কৰে। শিলাবৃষ্টি আৰু ধুমুহাই তেওঁৰ অপৰিপক্ব আৰু বিক্ৰীৰ অনুপযোগী আপেলবোৰ নষ্ট কৰি পেলায়। 


গুলছনে কয়, 'এই আপেলবোৰ আছিল আমাৰ জীৱিকাৰ একমাত্র উৎস। কিন্তু ২২ মিনিটৰ ধুমুহাই আমাৰ সপোন ভাঙি চুৰমাৰ কৰে। কালিৰ ধুমুহাত কেৱল গুলছনেই আক্রান্ত হোৱা নাই। কালিৰ ধুমুহাই কাশ্মীৰ উপত্যকাৰ ১২ লাখ লোকৰ জীৱিকাক সংকটত পেলাইছে। প্রতি বছৰে কাশ্মীৰৰ পৰা ১২ লাখ মেট্রিক টন আপেল দেশৰ বিভিন্ন অঞ্চললৈ সৰবৰাহ হয়। কিন্তু চলিত বর্ষত শিলাবৃষ্টি, ধুমুহাই কাশ্মীৰৰ আপেল খেতিৰ বিস্তৰ ক্ষতি কৰিছে। 


আপেল ব্যৱসায়ীৰ ৩০০-৪০০ কোটি টকাৰ লোকচান হৈছে। উল্লেখযোগ্য যে কাশ্মীৰত দেশৰ ভিতৰতে সৰ্বাধিক আপেল উৎপাদন হয় আৰু মুঠ উৎপাদনৰ ৭০ শতাংশ আপেল কাশ্মীৰ উপত্যকাত হয়। বছৰি ৮০০০-১০০০০ কোটি টকাৰ ৰাজহ সৃষ্টি হয় এই আপেল উৎপাদনৰ জৰিয়তে। চলিত মাহত কাশ্মীৰ উপত্যকাৰ বিভিন্ন জিলা- বাৰমুল্লা, ছপিয়ান, অনন্তনাগ আৰু কুলগামত শিলাবৃষ্টি আৰু ধুমুহাত ৮০-৮৫ শতাংশ আপেল খেতিৰ বিস্তৰ ক্ষতি হৈছে। উৎস: দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু