--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে কাশ্মীৰত দেশৰ ভিতৰতে সৰ্বাধিক আপেল উৎপাদন হয় আৰু মুঠ উৎপাদনৰ ৭০ শতাংশ আপেল কাশ্মীৰ উপত্যকাত হয়।

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ অনন্তনাগৰ বাসিন্দা গুলছন বানুৱে গছৰ পৰা সৰি পৰা আপেলবোৰ খাললৈ দলিয়াই আছে। আছাবলত তেওঁৰ আধা একৰ ভূমিত আপেলৰ বাগান আছিল। কিন্তু তেওঁৰ জীৱনলৈ নামি আহে অমানিশা। বহু কষ্টৰে ৰোপণ কৰা আপেলৰ গছত ফলবোৰ লাগিবলৈ ধৰিছিলহে; কিন্তু শনিবাৰে অহা বিধ্বংসী ধুমুহাই তেওঁৰ আপেল বাগানৰ ৯০ শতাংশ ফল তচনচ কৰে। শিলাবৃষ্টি আৰু ধুমুহাই তেওঁৰ অপৰিপক্ব আৰু বিক্ৰীৰ অনুপযোগী আপেলবোৰ নষ্ট কৰি পেলায়। 


গুলছনে কয়, 'এই আপেলবোৰ আছিল আমাৰ জীৱিকাৰ একমাত্র উৎস। কিন্তু ২২ মিনিটৰ ধুমুহাই আমাৰ সপোন ভাঙি চুৰমাৰ কৰে। কালিৰ ধুমুহাত কেৱল গুলছনেই আক্রান্ত হোৱা নাই। কালিৰ ধুমুহাই কাশ্মীৰ উপত্যকাৰ ১২ লাখ লোকৰ জীৱিকাক সংকটত পেলাইছে। প্রতি বছৰে কাশ্মীৰৰ পৰা ১২ লাখ মেট্রিক টন আপেল দেশৰ বিভিন্ন অঞ্চললৈ সৰবৰাহ হয়। কিন্তু চলিত বর্ষত শিলাবৃষ্টি, ধুমুহাই কাশ্মীৰৰ আপেল খেতিৰ বিস্তৰ ক্ষতি কৰিছে। 


আপেল ব্যৱসায়ীৰ ৩০০-৪০০ কোটি টকাৰ লোকচান হৈছে। উল্লেখযোগ্য যে কাশ্মীৰত দেশৰ ভিতৰতে সৰ্বাধিক আপেল উৎপাদন হয় আৰু মুঠ উৎপাদনৰ ৭০ শতাংশ আপেল কাশ্মীৰ উপত্যকাত হয়। বছৰি ৮০০০-১০০০০ কোটি টকাৰ ৰাজহ সৃষ্টি হয় এই আপেল উৎপাদনৰ জৰিয়তে। চলিত মাহত কাশ্মীৰ উপত্যকাৰ বিভিন্ন জিলা- বাৰমুল্লা, ছপিয়ান, অনন্তনাগ আৰু কুলগামত শিলাবৃষ্টি আৰু ধুমুহাত ৮০-৮৫ শতাংশ আপেল খেতিৰ বিস্তৰ ক্ষতি হৈছে। উৎস: দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ