--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই চৰ্চিত বিষয়ে শাৰাদপন্থী এন চি পিৰ ওপৰত ব্যাপক চাপৰ সৃষ্টি কৰিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক অজিত পাৱাৰপন্থী এন চি পিৰ মুৰব্বী সুনেত্রা পাৱাৰে অলপতে সাক্ষাৎ কৰাৰ পাছতেই এই চর্চা সম্ভাৱনালৈ বৃদ্ধি পাইছে।

ডিজিটেল ডেস্ক: মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ ২০ সাংসদ, উদ্ধৱপন্থী শিৱ সেনাৰ ৬ সাংসদে নিজ দল ত্যাগ কৰি এন ডি এক সমর্থন দিয়াৰ পাছত এইবাৰ বিদ্ৰোহৰ উকমুকনি উঠিছে শাৰদ পাৱাৰ নেতৃত্বাধীন নেশ্যনেলিষ্ট কংগ্রেছ পার্টিত (এন চি পি)। এইবাৰ সংবাদ মাধ্যম আৰু ৰাজনৈতিক পর্যবেক্ষকসকলৰ দৃষ্টি নিৱদ্ধ হৈছে শাৰদপন্থী এন চি পিত। 


শাৰদপন্থী এন চি পিৰ মুঠ আঠগৰাকী লোকসভাৰ সাংসদৰ ভিতৰত ৫গৰাকী সাংসদে বিজেপি নেতৃত্বাধীন এন ডি এ মর্চাত যোগ দিব বুলি ব্যাপক চর্চা আৰম্ভ হৈছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই চৰ্চিত বিষয়ে শাৰাদপন্থী এন চি পিৰ ওপৰত ব্যাপক চাপৰ সৃষ্টি কৰিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক অজিত পাৱাৰপন্থী এন চি পিৰ মুৰব্বী সুনেত্রা পাৱাৰে অলপতে সাক্ষাৎ কৰাৰ পাছতেই এই চর্চা সম্ভাৱনালৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে সুনেত্রা পাৱাৰৰ এন চি পিৰ বিধায়ক ধৰ্মৰাও আটৰামে যোৱা বৃহস্পতিবাৰে দাবী কৰিছিল যে শাৰদপন্থী এন চি পিৰ ৫ সাংসদে বিজেপিত যোগ দিব। 


সংবিধান সংশোধনৰ বিধেয়কবোৰ গৃহীত কৰিবলৈ এন ডি এক দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা দুয়োখন সদনতে প্রয়োজন। আনহাতে, দলত বিদ্ৰোহৰ আগজাননী পাই যোৱা ১৯ জুনত শাৰদ পাৱাৰে তেওঁৰ দলৰ মূল নেতাসকলৰে জৰুৰী বৈঠকত মিলিত হয়। বৈঠকত দলীয় জ্যেষ্ঠ নেতাসকলক বিদ্রোহী বিধায়ক-সাংসদসকলৰ ওপৰত নজৰ ৰাখিবলৈ পাৱাৰে নিৰ্দেশ দিয়ে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান