--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইণ্ডিয়া মৰ্চাৰ মিত্ৰ দলবোৰৰ নেতাসকলৰ নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত এখন বৈঠকৰ পাছত সংবাদমেলত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেয়ে কয় যে আগন্তুক সময়ত তেওঁলোকৰ সমন্বিত ৰাজনৈতিক আৰু সংসদীয় কৌশল গঢ়াৰ পাঁচটা মূল বিষয়ত বিৰোধী দলবোৰ ঐকমত্যত উপনীত হয়।

ডিজিটেল ডেস্ক: ইণ্ডিয়া মৰ্চাৰ ২৫টা বিৰোধী দলে সোমবাৰে এক পাঁচদফীয়া কর্মসূচী গ্ৰহণ কৰে। এই কৰ্মসূচীৰ ভিতৰত আছে নির্বাচনী অনিয়মৰ বিষয়ত ভাৰতৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ পদত্যাগ দাবী আৰু দেশে মুখামুখি হোৱা অর্থনৈতিক প্রত্যাহ্বানৰ বিষয়ত সংসদৰ বর্ষাকালীন অধিৱেশনৰ আগত সর্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা দিয়া। 


ইণ্ডিয়া মৰ্চাৰ মিত্ৰ দলবোৰৰ নেতাসকলৰ নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত এখন বৈঠকৰ পাছত সংবাদমেলত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেয়ে কয় যে আগন্তুক সময়ত তেওঁলোকৰ সমন্বিত ৰাজনৈতিক আৰু সংসদীয় কৌশল গঢ়াৰ পাঁচটা মূল বিষয়ত বিৰোধী দলবোৰ ঐকমত্যত উপনীত হয়। তেওঁ কয়, 'আজি আমি পাঁচটা বিষয়ত সহমত প্রকাশ কৰোঁ আৰু আমি এই পাঁচদফীয়া কৰ্মসূচীৰ মতে কাম কৰিম। প্রথম দফা হৈছে, এফ আই আৰ, ভোট চুৰি আৰু নিৰ্বাচন চুৰিৰ ক্ষেত্ৰত ভাৰতৰ মুখ্য ন্যায়াধীশলৈ (চি জে আই) এখন পত্র প্ৰেৰণ। সোনকালেই চি জে আইলৈ উক্ত পত্ৰ প্ৰেৰণ কৰা হ'ব।' নীট আৰু চি বি এছ ই-ৰ পৰীক্ষাত অৱতীৰ্ণ লাখ লাখ শিক্ষার্থীৰ আশা ভংগ কৰাৰ অভিযোগ কৰি তেওঁ কয় যে দ্বিতীয় দফা হৈছে কেন্দ্রীয় শিক্ষা মন্ত্ৰীৰ তৎকালীন পদত্যাগৰ দাবী। তৃতীয় দফাৰ মতে, ভাৰতৰ শোচনীয় অর্থনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত এক সৰ্বদলীয় বৈঠকৰ বাবে দাবী জনোৱা হ'ব। খৰ্গেৰ মতে, প্ৰস্তাৱিত বৈঠকত নিবনুৱা, মূল্য বৃদ্ধি, কৃষকৰ উদ্বেগ আৰু সাধাৰণ নাগৰিকৰ ওপৰত প্ৰভাৱ পেলোৱা আন সমস্যাবোৰৰ আলোচনা হোৱা উচিত। 


চতুর্থ দফা মতে, ইণ্ডিয়া মৰ্চাৰ মিত্ৰ দলবোৰ প্ৰতি দুমাহৰ মূৰত বৈঠকত মিলিত হ'ব। ইণ্ডিয়া মৰ্চাৰ কৰ্মসূচীৰ পঞ্চম দফা মতে, সংসদীয় সমন্বয় অব্যাহত ৰাখি সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত প্রতিদিনা পুৱা ইণ্ডিয়া মৰ্চাৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত খৰ্গেৰ উপৰি উপস্থিত থকাসকলৰ ভিতৰত আছিল কংগ্ৰেছৰ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, আৰ জে ডিৰ নেতা তেজস্বী যাদৱ, তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা মমতা বেনার্জী, চি পি আই (এম এল)-ৰ সাধাৰণ সম্পাদক দীপাংকৰ ভট্টাচাৰ্য, পি ডি পিৰ সভানেত্রী মেহবুবা মুফটি, এন চি পি (শাৰদ পাৱাৰ) নেত্রী সুপ্রিয়া সুলে, ভি চি কেৰ মুৰব্বী থয় তিৰুমাৱালাৱন আৰু চি পি আই (এম)ৰ সাংসদ জন ব্রিটাছ। আনসকলৰ ভিতৰত উদ্ধৱ থাকৰে আৰু হেমন্ত ছোৰেন আদিয়ে ভার্চুৱেলী বৈঠকত অংশ গ্রহণ কৰে।

উৎস: দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ