--°C
Loading...
Listen to Article
2 min read
80%
মহুৱা মৈত্ৰ, শশী থাৰুৰকে ধৰি বহু বিৰোধী নেতা, সাংবাদিকলৈ এপ’লে প্ৰেৰণ কৰিলে  সতৰ্কবাণী! কি সতৰ্কবাণী?
ডিজিটেল ডেস্কঃ  আইফোন নিৰ্মাতা এপ’লে দেশৰ বহু বিৰোধী নেতা আৰু সাংবাদিকলৈ এটা সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছে। এপলে মহুৱা মৈত্ৰ, শশী থাৰুৰকে ধৰি বহুতো বিৰোধী দলৰ নেতালৈ এনে  সতৰ্কবাণী প্ৰেৰণ কৰিছে। এপ’লৰ এনে কাৰ্যৰ পিছতে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য পৱন খেৰাই কৈছে - মৰমৰ মোদী চৰকাৰ, আপোনালোকে  এনে কিয় কৰি আছে?

প্ৰযুক্তি প্ৰতিষ্ঠান এপ’লে মঙলবাৰে  বিৰোধী নেতা আৰু সাংবাদিকলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰি কৈছে  যে তেওঁলোকৰ  আইফোনটো " আক্ৰমণকাৰী"ৰ  লক্ষ্য হৈ পৰিছে। বাৰ্তাটোত কোৱা হৈছে "এপ’লে বিশ্বাস কৰে যে আপোনাৰ এপ’ল আইডিৰ সৈতে সংযোজিত আইফোনটো  চৰকাৰে পৃষ্ঠপোষকতা কৰা  আক্ৰমণকাৰীৰ জৰিয়তে দূৰৈৰ পৰাই  নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰা হৈছে।এই আক্ৰমণকাৰীসকলে আপোনাক ব্যক্তিগতভাৱে ফোন কৰিছে।  তেওঁলোকে আপোনাৰ সংবেদনশীল ডাটা, যোগাযোগ, আনকি কেমেৰা আৰু মাইক্ৰ'ফোন  দূৰৈৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰে।  এই সতৰ্কবাণী গুৰুত্ব সহকাৰে লওক।"

 বিৰোধী নেতাসকলে নিজেই এই বিষয়ে তথ্য দিছে।ৰাজনীতিকৰ  উপৰি  একাংশ সাংবাদিকেও এপ’লৰ জৰিয়তে এনে সতৰ্কবাৰ্তা লাভ কৰিছে  বুলি জানিব পৰা গৈছে। এপ’লৰ জৰিয়তে সতৰ্ক কৰা নেতাসকলৰ ভিতৰত আছে টিএমচিৰ সাংসদ মহুৱা মৈত্ৰ, কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য পৱন খেৰা, শিৱসেনা (ইউবিটি)ৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ, কংগ্ৰেছ সাংসদ শশী থাৰুৰ, চিপিআই-এম নেতা সীতাৰাম য়েচুৰী, আপৰ সাংসদ ৰাঘৱ চাদ্ধা। 

ইয়াৰ উপৰি, এআইএমআইএমৰ মুৰব্বী আসাদুদ্দিন ৱাইচিলৈও এনে এক সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে।এনে ঘটনাৰ পিছতে কংগ্ৰেছ নেতা পৱন খেৰাই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে , "মৰমৰ মোদী চৰকাৰ, আপোনালোকে  এনে কিয় কৰি আছে?" সমাজবাদী পাৰ্টিৰ নেতা আই পি সিঙে কৈছে  যে অখিলেশ যাদৱেও এপ’লৰ জৰিয়তে এনে  এটা সতৰ্কবাৰ্তা লাভ কৰিছে। তেওঁ কৈছে যে বিৰোধী নেতাসকলৰ গোপনীয়তাৰ ওপৰত এই আক্ৰমণ অতি ভয়ংকৰ।

আছাদুদ্দিন ৱাইচিয়ে কয়  যে এপ’লৰ সতৰ্কবাণী লাভ কৰাৰ পিছত ভাব হৈছে   মোৰ ফোনটোও লক্ষ্য কৰা হৈছে। উল্লেখ্য যিসকল বিৰোধী দলৰ  নেতালৈ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ মাজৰে প্ৰায় ভাগেই বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ অংশীদাৰ।  

 অৱশ্যে এপ’লৰ তৰফৰ পৰা ঘটনাটোৰ সত্য-সত্যতাৰ বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান