--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিৰুদ্ধে  এগৰাকী আমেৰিকান মডেলে তৰা ধৰ্ষণৰ গোচৰে বিশ্বজুৰি জোকাৰণিৰ সৃষ্টি কৰিছিল। ২০১৮ চনৰে পৰা আইনী যুদ্ধ চলি থকা গোচৰটো সন্দৰ্ভত শেহতীয়াকৈ এখন মাৰ্কিন আদালতে ৰায় প্ৰদান কৰিছে।

আদালতে সকলো দিশ বিবেচনা কৰি ৰোনাল্ডোক ধৰ্ষণৰ অভিযোগৰ পৰা স্থায়ীভাৱে মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। আদালতে কেৱল মডেলগৰাকীৰ অভিযোগ খাৰিজ কৰাই নহয়, লগতে তেওঁ যাতে অনাগত দিনত ৰোনাল্ডোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিছে।

২০১৮  চনত, আমেৰিকান মডেল কেথ্ৰিন মেয়ৰ্গাই ৰোনাল্ডোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি আদালতত গোচৰ ৰুজু কৰিছিল।তেওঁ অভিযোগ কৰিছিল যে ৰোনাল্ডোৱে ২০০৯ চনত তেওঁক ধৰ্ষণ কৰিছিল। 

চিজনৰ শেষত, ছুটিত থাকোঁতে লাছ ভেগাছৰ এখন বিলাসী হোটেলত মডেলগৰাকীৰ সৈতে ৰোনাল্ডোৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। আনকি কেথেৰিনে দাবী কৰিছিল যে ৰোনাল্ডোৱে সেই সময়ত শাৰীৰিক সম্পৰ্ক স্থাপন কৰা বাবে তেওঁক বৃহৎ পৰিমাণৰ ধনো পৰিশোধ কৰিছিল।

পৰ্তুগীজ চুপাৰষ্টাৰগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপিত হোৱাৰ লগে লগে ফুটবল জগত বিচলিত হৈ পৰিছিল। ৰোনাল্ডোৱে এই অভিযোগ অস্বীকাৰ কৰিছিল। আনকি আইনী যুঁজতো অভিযোগকাৰী মডেলগৰাকীয়ে বিশেষ অগ্ৰগতি লাভ কৰা নাছিল।

ধৰ্ষণৰ কোনো প্ৰমাণ দাখিলত তেওঁ ব্যৰ্থ হৈছিল।  শেষত মডেলগৰাকীয়ে ধনৰ বিনিময়ত গোচৰটো নিষ্পত্তি কৰিব বিচাৰিছিল। তেওঁ ৰোনাল্ডোৰ পৰা ৫৮০ কোটি টকা বা প্ৰায় ৫৬ নিযুত পাউণ্ড ক্ষতিপূৰণ দাবী কৰিছিল।  

ক্ষতিপূৰণ পৰিশোধ কৰাৰ পৰিৱৰ্তে, ৰোনাল্ডোৱে আইনী উপায়েৰে যুঁজি যোৱাৰ সিদ্ধান্ত লৈছিল

ৰোনাল্ডোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো প্ৰমাণ নাপাই  লাছ ভেগাছ জিলা আদালতৰ ন্যায়াধীশ জেনিফাৰ ডৰছিয়ে ৰোনাল্ডোক দোষমুক্ত কৰাৰ সিদ্ধান্ত লয়। 
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ