--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিৰুদ্ধে  এগৰাকী আমেৰিকান মডেলে তৰা ধৰ্ষণৰ গোচৰে বিশ্বজুৰি জোকাৰণিৰ সৃষ্টি কৰিছিল। ২০১৮ চনৰে পৰা আইনী যুদ্ধ চলি থকা গোচৰটো সন্দৰ্ভত শেহতীয়াকৈ এখন মাৰ্কিন আদালতে ৰায় প্ৰদান কৰিছে।

আদালতে সকলো দিশ বিবেচনা কৰি ৰোনাল্ডোক ধৰ্ষণৰ অভিযোগৰ পৰা স্থায়ীভাৱে মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। আদালতে কেৱল মডেলগৰাকীৰ অভিযোগ খাৰিজ কৰাই নহয়, লগতে তেওঁ যাতে অনাগত দিনত ৰোনাল্ডোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিছে।

২০১৮  চনত, আমেৰিকান মডেল কেথ্ৰিন মেয়ৰ্গাই ৰোনাল্ডোৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি আদালতত গোচৰ ৰুজু কৰিছিল।তেওঁ অভিযোগ কৰিছিল যে ৰোনাল্ডোৱে ২০০৯ চনত তেওঁক ধৰ্ষণ কৰিছিল। 

চিজনৰ শেষত, ছুটিত থাকোঁতে লাছ ভেগাছৰ এখন বিলাসী হোটেলত মডেলগৰাকীৰ সৈতে ৰোনাল্ডোৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। আনকি কেথেৰিনে দাবী কৰিছিল যে ৰোনাল্ডোৱে সেই সময়ত শাৰীৰিক সম্পৰ্ক স্থাপন কৰা বাবে তেওঁক বৃহৎ পৰিমাণৰ ধনো পৰিশোধ কৰিছিল।


পৰ্তুগীজ চুপাৰষ্টাৰগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপিত হোৱাৰ লগে লগে ফুটবল জগত বিচলিত হৈ পৰিছিল। ৰোনাল্ডোৱে এই অভিযোগ অস্বীকাৰ কৰিছিল। আনকি আইনী যুঁজতো অভিযোগকাৰী মডেলগৰাকীয়ে বিশেষ অগ্ৰগতি লাভ কৰা নাছিল।

ধৰ্ষণৰ কোনো প্ৰমাণ দাখিলত তেওঁ ব্যৰ্থ হৈছিল।  শেষত মডেলগৰাকীয়ে ধনৰ বিনিময়ত গোচৰটো নিষ্পত্তি কৰিব বিচাৰিছিল। তেওঁ ৰোনাল্ডোৰ পৰা ৫৮০ কোটি টকা বা প্ৰায় ৫৬ নিযুত পাউণ্ড ক্ষতিপূৰণ দাবী কৰিছিল।  

ক্ষতিপূৰণ পৰিশোধ কৰাৰ পৰিৱৰ্তে, ৰোনাল্ডোৱে আইনী উপায়েৰে যুঁজি যোৱাৰ সিদ্ধান্ত লৈছিল

ৰোনাল্ডোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো প্ৰমাণ নাপাই  লাছ ভেগাছ জিলা আদালতৰ ন্যায়াধীশ জেনিফাৰ ডৰছিয়ে ৰোনাল্ডোক দোষমুক্ত কৰাৰ সিদ্ধান্ত লয়। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ