--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গেলাৰীত উত্তেজনা। খেলপথাৰত বিপক্ষৰ গলবক্সত চেটপিচ। সোঁফালৰ পৰা কৰ্ণাৰ কিক্ ল'বলৈ সাজু এজন খেলুৱৈ। কিছু সময় চাইছে গলবক্সৰ ফালে। তাৰ পিছতে সোঁভৰিৰে  তুলি পঠিয়াইছে বল। আৰু বিপক্ষৰ গলৰক্ষকক থতমত খুৱাই নান্দনিক কাৰ্ভ লৈ বলটো সোমাই পৰিছে নেটত। তাৰ পিছতেই হৰ্ষোল্লাস।  এই গলটো এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। নাই এইয়া কোনো আপুনি টেলিভিচনত দেখি থকা পৃথিৱীবিখ্যাত তাৰকা নহয়। নহয় কোনো মেছি, ৰোনাল্ডো, ৰোনাল্ডিনহো, কাৰ্লোচ, হেনৰী কিম্বা ক্ৰুচ। নহয় কৰ্ণাৰৰ পৰা ৩২ টাকৈ ডাইৰেক্ট গল স্ক’ৰ কৰি অভিলেখ গঢ়ি থোৱা চুক্ৰু গোলেচিন। এইয়া ১৫ বছৰীয়া এক অখ্যাত কিশোৰৰ চমক। এই চমক উত্তৰাখণ্ডৰ মুনচিয়াৰীৰ এখন ভিতৰুৱা গাঁৱৰ কিশোৰ হেমৰাজ জোহৰীৰ। 

এতিয়া হেমৰাজ 'উত্তৰাখণ্ডৰ ৰোনাল্ডো' হিচাপে ভাইৰেল হৈ পৰিছে। কিন্তু এই চমৎকাৰী লক্ষ্য আৰু প্ৰদৰ্শনৰ পিছফালে হেমৰাজে কঢ়িয়াই ফুৰিছে জীৱন সংগ্ৰামৰ এক দীঘলীয়া যাত্ৰা। যি যাত্ৰাত জন্মৰ পৰা নামি পৰিছে হেমৰাজ আৰু সেই একেই যাত্ৰাতে যাত্ৰাৰত হৈ আছে এতিয়াও। হেমৰাজৰ এই নিদাৰুণ যাত্ৰা আৰম্ভ হৈছে মুনচিয়াৰীৰ সেই প্ৰান্তীয় গাওঁখনৰ পৰা, যিখন গাঁৱত জন্ম লৈছে হেমৰাজে। যিখন গাঁৱত এই স্মাৰ্ট চিটিৰ ধাপ্পাবাজীয়ে স্পৰ্শ কৰিব নাই একমাত্ৰ সংযোগী পথটো, যিখন গাঁৱত দৰিদ্ৰতা নিৰ্মূলৰ অভিলাসী চমকে আকোঁৱালি লোৱা নাই হেমৰাজহঁতৰ দৰে অসংখ্য পৰিয়াল, যিখন গাঁৱত ‘খেলৌ ইণ্ডিয়া’ৰ দৰে ক্ৰীড়ামুখী আঁচনিয়ে তুলি দিব পৰা নাই খেলিব পৰাকৈ এটুকুৰা সুবিধাজনক ‘মাটি’ৰ সুবিধা। আৰু তাৰ পৰাই এই অভাৱনীয় প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি ওলাই আহিছে হেমৰাজ। 

এটা মাত্ৰ গলৰ পিছতে এতিয়া ভাইৰেল হৈ পৰিছে হেমৰাজ। কিন্তু এই গলটোতে সীমাবদ্ধ নহয় হেমৰাজৰ ফুটবলৰ ওপৰত থকা অবিশ্বাস্য দখল। ইয়াৰ পিছতো পৰিস্থিতিয়ে পিছলৈ ঠেলে কিশোৰজনক। তথাপি এই সকলো বাধাক অতিক্ৰম কৰি আগুৱাই যাবলৈ বদ্ধপৰিকৰ হেমৰাজ। এখন ভিতৰুৱা গাঁৱত বাস কৰা হেমৰাজৰ পৰিয়ালটো নহয় অৰ্থনৈতিকভাৱে স্বচ্ছল। তেওঁৰ দেউতাকে দৰ্জীৰ কাম কৰে। হেমৰাজসহ চাৰিগৰাকী ভগ্নীৰ পৰিয়ালটো দেউতাকৰ এই সামান্য উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল। 

১১ বছৰ বয়সত হেমৰাজ প্ৰথমবাৰৰ বাবে গাঁৱৰ পৰা মুনচিয়াৰীলৈ যায়। মুনচিয়াৰীৰ খেলপথাৰত খেলি থকা ল’ৰা-ছোৱালীজাকক দেখি পায় হেমৰাজে। প্ৰথমবাৰৰ বাবে খেলপথাৰত অৱতৰণ কৰাৰ সময়ত হেমৰাজৰ নাছিল ফুটবলৰ বাবে প্ৰয়োজনীয় জোতা। খালী ভৰিৰেই খেলা আৰম্ভ কৰে হেমৰাজে। ইয়াৰ পিছতে নিজৰ প্ৰতিভাৰ বলত তেওঁ মুনচিয়াৰী বয়জ নামৰ এটা ক্লাবত যোগদান কৰে। ক্লাবটোৱেই হেমৰাজক যোগান ধৰে জোতাৰ। 

হেমৰাজ নিজৰ গাঁৱৰ পৰা ডেৰাডুনৰ ক্ৰীড়া মহাবিদ্যালয়লৈ ৰাওনা হোৱাৰ পূৰ্বেও  তেওঁলোকৰ পৰিয়ালটোৱে চিন্তাত ভাৰাক্ৰান্ত হ’বলগীয়া হয়। কিয়নো ডেৰাডুনলৈ যাত্ৰা কৰিবলৈ ভাড়াৰ বাবে হেমৰাজৰ পিতৃয়ে টকা ধাৰলৈ ল’বলগীয়া হয়। 

এজন খেলুৱৈৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হয় সঠিক ডায়েট বা খাদ্যৰ। কিন্তু প্ৰয়োজনীয় খাদ্যৰ কথা ভবাটোও হেমৰাজৰ পৰিয়ালৰ বাবে দুৰুহ। কলেজৰ অনুশীলনৰ পৰা ঘৰলৈ অহাৰ পিছত হেমৰাজৰ সন্মুখত প্ৰয়োজনীয় খাদ্যৰ বাবে কোনো বিকল্প নাথাকে। নূন্যতম যি খাদ্যই ঘৰত উপলব্ধ থাকে, সেয়াই গ্ৰহণ কৰিবলগীয়া হয় তেওঁ। 

উল্লেখ্য যে হেমৰাজ প্ৰথমে ফুটবল খেলিবলৈ আৰম্ভ কৰাৰ সময়ত গাঁৱত নাছিল কোনো খেলপথাৰ। খেতি পথাৰতে ফুটবলক লৈ দেখা স্বপ্নৰ পিছত নামি পৰিছিল হেমৰাজ। হেমৰাজে জানিবলৈ দিয়া মতে, তেওঁলোকৰ পাহাৰীয়া অঞ্চলটোৰ এটুকুৰা মাটি খালী হৈ পৰি আছিল। এই এডলীয়া পথাৰখনতে নিজেই এখন সৰু পথাৰ তৈয়াৰ লৈছিল হেমৰাজে। তাৰ পিছত কিছু টকা সংগ্ৰহ কৰি হেমৰাজে এটা বল কিনি আৰু নিজেই খেলপথাৰ হিচাপে তৈয়াৰ কৰি লোৱা সেই সৰু পথাৰখনতে অকলে অনুশীলন কৰিবলৈ আৰম্ভ কৰে। 

ইয়াৰ পিছত নিজৰ চমকপ্ৰদ প্ৰতিভা আৰু অসীম কষ্টৰ বলত হেমৰাজ আগবাঢ়ে ফুটবলৰ জগতখনত। বৰ্তমানলৈকে নিজ ৰাজ্য উত্তৰাখণ্ডক প্ৰতিনিধিত্ব কৰি চাৰবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়টো অংশগ্ৰহণ কৰিছে যুৱ খেলুৱৈগৰাকীয়ে। 

সম্প্ৰতি এই বিশেষ গলটোৰ বাবে সমগ্ৰ দেশতে চৰ্চিত হৈ পৰিছে হেমৰাজ। এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতে কিছু সংবাদকৰ্মীয়ে হেমৰাজক সাক্ষাৎ কৰে। সাংবাদিকৰ আগত হেমৰাজে কয় নিজৰ লক্ষ্যৰ কথা। ফুটবলকে জীৱনৰ উদ্দেশ্য কৰি তোলা হেমৰাজৰ সপোন হৈছে দেশৰ জাতীয় দলৰ পোছাক পৰিধান কৰা। 

হেমৰাজৰ দেউতাকৰো সেই একেই সপোন, ভাৰতক প্ৰতিনিধিত্ব কৰি আন্তৰ্জাতিক পৰ্যায়ত খেলিব হেমৰাজে। কিন্তু হেমৰাজ আৰু তেওঁৰ পৰিয়ালৰ এই স্বপ্নৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে দাৰিদ্ৰতাই। ফুটবলৰ জগতখনত আগবাঢ়িবলৈ হেমৰাজহঁতৰ হাতত নাই পৰ্যাপ্ত ধন। এই দাৰিদ্ৰতাৰ বাবে এতিয়া স্বপ্ন ভংগৰ আশংকাত ভুগিছে পৰিয়ালটো।

শেহতীয়াকৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও হেমৰাজৰ এই বিশেষ গলটোৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। প্ৰতিভাৱান খেলুৱৈজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ধামীয়ে। কিন্তু কেৱল শুভেচ্ছা বা শুভাকাংক্ষাই এজন খেলুৱৈক গঢ় নিদিয়ে। ইয়াৰ বাবে লাগিব পৰ্যাপ্ত সা-সুবিধা। কেৱল হেমৰাজেই নহয়, দেশৰ চুকে-কোণে এনে প্ৰতিভা অনেক সোমাই আছে। এই প্ৰতিভাসমূহক প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰি এখন উপযুক্ত মঞ্চৰ সৃষ্টি কৰাটো চৰকাৰৰ দায়িত্ব। এই দায়িত্ব পালন কৰি চৰকাৰে উলিয়াই আনক অনেকজন হেমৰাজক।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে