--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ছাত্র সংগঠনৰ মুখ্য উপদেষ্টা তথা বিজেপি কর্মী ৰূপম নন্দী পুৰকায়স্থই কয়, 'গণতান্ত্রিক আন্দোলনৰ নামত অসমত এটা সন্ত্রাসবাদী আন্দোলন চলিছে। gaurav gogoi, political

ডিজিটেল ডেস্ক : গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰাৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে সদৌ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি ছাত্র সন্থা (আকছা)ই বুধবাৰে দিনত শিলচৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত সন্থাৰ মুখ্য উপদেষ্টা ৰূপম নন্দী পুৰকায়স্থই কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল নিক্ষেপ কৰাৰ বাবে অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সম্পূৰ্ণভাৱে দোষী।


গৌৰৱ গগৈয়ে সভাপতি হিচাপে সম্পূর্ণ ব্যর্থ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল নিক্ষেপ কৰাৰ বাবে তেওঁ ক্ষমা বিচাৰিব লাগিব। নহ'লে বৰাক উপত্যকাত গৌৰৱ গগৈক প্ৰৱেশত বাধা দিয়া হ'ব। কংগ্রেছে আন্দোলনৰ নামত গণতন্ত্রক হত্যা কৰা বুলি তেওঁ কয়।


ছাত্র সংগঠনৰ মুখ্য উপদেষ্টা তথা বিজেপি কর্মী ৰূপম নন্দী পুৰকায়স্থই কয়, 'গণতান্ত্রিক আন্দোলনৰ নামত অসমত এটা সন্ত্রাসবাদী আন্দোলন চলিছে। গৌৰৱ গগৈয়ে নিজৰ কৰ্তব্য পালনত ব্যর্থ হৈছে। ৰাজহুৱাভাৱে ক্ষমা নিবিচৰা পর্যন্ত গৌৰৱ গগৈক বৰাকত প্ৰৱেশ কৰাত ছাত্র সংগঠনটোৱে নিষেধাজ্ঞা আৰোপ কৰিছে।' প্রতিজন আক্রমণকাৰীক চিনাক্ত কৰি আদৰ্শ দেখুৱাবলৈ তেওঁ গগৈক দাবী জনায়। গোলাঘাটৰ আক্ৰমণৰ ঘটনা জাতিটোৰ বাবে অপমানজনক বুলি তেওঁ উল্লেখ কৰে। সংবাদমেলত উপদেষ্টা বিশ্বজিৎ দেৱ, সুকমল দাস প্রমুখ্যে উপস্থিত আছিল।


উল্লেখযোগ্য যে সোমবাৰে গোলাঘাটত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত যথেষ্ট সুৰুঙা ধৰা পৰে। মুখ্যমন্ত্ৰীয়ে যাত্ৰা কৰা পথত গোলাঘাট কংগ্ৰেছৰ একাংশ সদস্যই তীব্র প্রতিবাদ সাব্যস্ত কৰে। ক'লা পতাকা জোকাৰি মুখ্যমন্ত্ৰী তথা মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। আনহাতে, মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটলো নিক্ষেপ কৰা হয়। এই ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হয়। অৱশেষত এই ঘটনাত জড়িত ৬ কংগ্ৰেছীক আৰক্ষীয়ে আটক কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ