--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘোষণা কৰা হ'ল বহুপ্ৰতীক্ষিত অস্কাৰ সন্মান। বিশ্বৰ বিভিন্ন দেশৰ চিনেমাসমূহক সামৰি দেওবাৰে আমেৰিকাৰ লছ এঞ্জেলছৰ দলভী থিয়েটাৰত আয়োজন কৰা হৈছিল ৯৬সংখ্যক অস্কাৰ সন্মান প্ৰদান অনুষ্ঠান।

এই বৰ্ষত ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা চিনেমাই অস্কাৰ সন্মানেৰে সন্মানিত হ’বলৈ সক্ষম হৈছে।  ‘অপেনহেইমাৰে’ লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ সন্মান। ৰবাৰ্ট ডাউনী জুনিয়ৰে লাভ কৰিছে তেওঁৰ প্রথমটো অস্কাৰ বঁটা। ৰবাৰ্ট ডাউনী জুনিয়ৰে শ্রেষ্ঠ সহঃ অভিনেতাৰ খিতাপ লাভ কৰে। ‘অপেনহেইমাৰ’ ছবিৰ বাবে এই বঁটা ৰবাৰ্ট ডাউনী জুনিয়ৰলৈ। ইয়াৰোপৰি 'অপেনহেইমাৰ’ ছবিখনে শ্রেষ্ঠ চিত্রনাট্যৰ শিতানতো লাভ কৰিছে বঁটা।

আনহাতে শ্রেষ্ঠ চিনেমেট’গ্রাফী চলচিত্রৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ‘অপেনহাইমাৰে’। শ্রেষ্ঠ চলচ্চিত্র পৰিচালকৰ খিতাপ লাভ কৰিছে ক্রিষ্ট’ফাৰ ন’লানে। শ্রেষ্ঠ অভিনেত্রীৰ সন্মানেৰে সন্মানিত হৈছে এমা ষ্ট’ন লগতে শ্রেষ্ঠ অভিনেতাৰ খিতাপ কিলিয়ান মৰ্ফিলৈ আগবঢ়োৱা হৈছে।

এইবেলিৰ অস্কাৰ সন্মানত ক্ৰিষ্টোফাৰ ন’লান পৰিচালিত অপেনহেইমাৰে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰু কিলিয়ান মৰ্ফি অভিনীত বায়োপিকে শেহতীয়াকৈ অনুষ্ঠিত ৯৬সংখ্যক একাডেমী বঁটাত সাতটা অস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷

কেনেকৈ নিৰ্মাণ হৈছিল ‘অপেনহেইমাৰ’?
চিনেমাখন কাই বাৰ্ড আৰু মাৰ্টিন জে শ্বেৰউইনৰ ২০০৫ চনৰ জীৱনী ‘আমেৰিকান প্ৰমিথিউছ: দ্য ট্ৰায়াম্ফ এণ্ড ট্ৰেজেডী অব্ জে ৰবাৰ্ট অপেনহেইমাৰ’ৰ ওপৰত আধাৰিত। নোলানৰ দ্বাৰা লিখিত আৰু পৰিচালিত চিনেমাখনৰ কাহিনীভাগ কিতাপখনৰ পৰা লোৱা হৈছে৷

কাহিনীৰ সাৰাংশ:
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লেফটেনেণ্ট জেনেৰেল লেছলি গ্ৰোভছ জুনিয়ৰে পদাৰ্থবিজ্ঞানী জে ৰবাৰ্ট অপেনহেইমাৰক অতি গোপনীয় ম্যানহাটান প্ৰকল্পত কাম কৰিবলৈ নিযুক্ত কৰে। সেই সময়ত অপেনহেইমাৰ আৰু বিজ্ঞানীৰ এটা দলে পাৰমাণৱিক বোমাৰ বিকাশ আৰু ডিজাইনত বহু বছৰ অতিবাহিত কৰে। ১৯৪৫ চনৰ ১৬ জুলাইত তেওঁলোকৰ কাম সফল হয়, কিয়নো তেওঁলোক পৃথিৱীৰ প্ৰথমটো পাৰমাণৱিক বিস্ফোৰণৰ সাক্ষী হয়, যাৰ ফলত বিশ্বৰ ইতিহাসৰ গতিপথ চিৰদিনৰ বাবে সলনি হৈ পৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক