--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে এজন প্রখ্যাত উদ্যোগপতি হোৱাৰ উপৰি প্ৰয়াত ৰতন টাটা যে এজন মানৱহিতৈষী ব্যক্তি আছিল, সেই কথা শেহতীয়াকৈ পুনৰ প্ৰমাণিত হ'ল। এজন মানুহৰ উত্তৰাধিকাৰী পত্ৰ তেওঁ এৰি থৈ যোৱা সম্পদেৰে জুখিব নোৱাৰি, যেতিয়া তেওঁৰ ইচ্ছা-পত্ৰত তেওঁৰ দয়ালু আৰু মানৱ হিতৈষী মনোভাব প্রকাশ পায়। 

প্রয়াত ৰতন টাটাই মহানতাৰ নিদৰ্শন পুনৰ দাঙি ধৰি তেওঁ এৰি থৈ যোৱা ইচ্ছা-পত্ৰত তেওঁৰ সাৰথি হৈ থকা লোকসকলৰ জীৱনৰ নিৰাপত্তাৰ বাবে ব্যৱস্থা কৰি থৈ গৈছিল। ৰতন টাটাই তেওঁৰ 'ইচ্ছা-পত্ৰ'ত তেওঁৰ ঘৰুৱা সহায়ক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ বাবে ৩ কোটি টকা থৈ গৈছে। প্রয়াত ৰতন টাটাই তেওঁৰ 'ইচ্ছা-পত্ৰ'ত ঘৰুৱা সহায়ক, ড্ৰাইভাৰ আৰু কার্যালয় সহকাৰীসকললৈ এই ধন আগবঢ়াই থৈ গৈছে। তদুপৰি, তেওঁ বিভিন্ন কৰ্মচাৰীক আগবঢ়োৱা ঋণো মাফ কৰি গৈছে। 

২০২৪ চনৰ ৯ অক্টোবৰত মৃত্যু হোৱা ৰতন টাটাক বছৰ বছৰ ধৰি সেৱা আগবঢ়াই অহা লোকসকলে এই বিত্তীয় সমর্থন লাভ কৰিব। তেওঁৰ 'ইচ্ছা-পত্ৰ' অনুসৰি, সাত বছৰতকৈ অধিক টাটালৈ সেৱা আগবঢ়োৱা সহায়কসকললৈ ১৫ লাখ টকাকৈ আবণ্টন দিয়া হৈছে। অংশকালীন সহায়ক আৰু গাড়ী ধোৱাসকলে ১ লাখ টকাকৈ লাভ কৰিছে। ৰতন টাটাৰ দীৰ্ঘকালৰ ৰান্ধনি ৰাজন শ্ব'ই ১ কোটি টকা লাভ কৰিছে য'ত তেওঁৰ ৫১ লাখ টকাৰ ঋণ মাফ কৰা হৈছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ