--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিৱসাগৰৰ এজন ব্যতিক্ৰমী ছাত্ৰ। যুৱ উশৃংখলতাৰ বিপৰীতে ছাত্ৰজন কিছু পৃথক।

ছাত্ৰজন কিয় ইমান বিশেষ তাৰো আছে এক কাৰণ।

বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ ষষ্ঠ ষান্মসিকৰ ছাত্ৰ গৌৰৱ ৰঞ্জন হাতীমূৰীয়া। গৌৰৱৰ কৰ্মই এতিয়া গৌৰৱ কঢ়িয়াই আনিছে মহাবিদ্যালয়খনৰ বাবে।

গৌৰৱৰ পিতৃগৃহ তিনিচুকীয়াৰ জাগুনত। কিন্তু অধ্যয়নৰ বাবে শিৱসাগৰৰ বাঢ়ৈটিঙত বৰদেউতাকৰ ঘৰত থাকি নিজৰ পঢ়া শুনা কৰি আছে।

গৌৰৱ ৰঞ্জন হাতীমূৰীয়াই নিজৰ শিক্ষা জীৱন আগবঢ়াই নিয়াৰ লগতে আন বহুজন ছাত্ৰৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ।

গৌৰৱ এখন ই-ৰিক্সাৰ চালক। নিজ ভিনিহিয়েকে বাইক ক্ৰয় কৰিবলৈ দিয়া পইচাৰে বাইক ক্ৰয় নকৰি ক্ৰয় কৰিলে এখন ই-ৰিক্সা।

বাইকৰ ডিলাৰলৈ ঢাপলি মেলাৰ বিপৰীতে গৌৰৱে কিছু পৃথক চিন্তা কৰি ক্ৰয় কৰিলে এখন ই-ৰিক্সা।

গৌৰৱৰ পৃথক চিন্তাৰ বাবে এতিয়া সকলোৰে পৰা বুটলিবলৈ সক্ষম হৈছে সাধুবাদ। এতিয়া নিজৰ অধ্যনয়ৰ লগে লগে ই-ৰিক্সাখনৰে ভাড়া মাৰি দৈনিক ৭০০ টকাৰ পৰা ৮০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গৌৰৱে।

আনহাতে প্ৰত্যেক দিনা পুৱা ৭ বজাৰ পৰা ৯ বজালৈ ই-ৰিক্সা চলাই আৰু ৯ বজাৰ পৰা নিজ মহাবিদ্যালয়ত আহি শিক্ষাগ্ৰহণ কৰে।

এতিয়া গৌৰৱৰ ই-ৰিক্সাৰ দৈনিক পেচেঞ্জাৰ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীও। ছাত্ৰীসকলৰ মন্তব্য-গৌৰৱৰ লগত আহি সহপাঠীসকলে সুৰক্ষিত অনুভৱ কৰে।

কম বয়সত কিছু পৃথক চিন্তাৰে গৌৰৱে নিজৰ লগতে আন বহুজনলৈ দেখুৱাইছে স্বাৱলম্বী হোৱাৰ এটা নতুন বাট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ