--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১৯ বছৰীয়া যুৱতীগৰাকী এবছৰ ধৰি স্থানীয় অঞ্চলটোৰ যুৱক দীপক তিৱাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। ইফালে প্ৰায় এমাহ আগতে পৰিয়ালে তাইৰ বিয়া অন্য যুৱকৰ সৈতে ঠিক কৰি দিছিল।

ডিজিটেল ডেস্ক: প্ৰেমিকৰ ব্লেকমেইলিঙত অতীষ্ঠ হৈ আত্মহত্যা কৰিলে এগৰাকী যুৱতীয়ে। বি এ প্ৰথম বৰ্ষত অধ্যয়নৰত আছিল যুৱতীগৰাকী। প্ৰেমিকাৰ বিয়া অন্য যুৱকৰ সৈতে ঠিক হোৱাৰ পাছতে প্ৰেমিকে ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে। অৱশেষত চিপ লৈ আত্মহত্যা কৰে যুৱতীগৰাকীয়ে। 

উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ পৰা পোহৰলৈ আহিছে এই ঘটনা। ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিয়পি পৰিছে। যুৱতীগৰাকীৰ বিবাহ নৱেম্বৰত ঠিক হৈছিল। সেই খবৰ পোৱাৰ পাছতেই প্ৰেমিকজনে হ' বলগীয়া দৰালৈ প্ৰেৰণ কৰে প্ৰেমিকাৰ অশ্লীল ফটো আৰু ভিডিঅ’।

চেলেমপুৰ কোতৱালি অঞ্চলত বাস কৰা ১৯ বছৰীয়া যুৱতীগৰাকী এবছৰ ধৰি স্থানীয় অঞ্চলটোৰ যুৱক দীপক তিৱাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। ইফালে প্ৰায় এমাহ আগতে পৰিয়ালে তাইৰ বিয়া অন্য যুৱকৰ সৈতে ঠিক কৰি দিছিল। বিয়া ঠিক হোৱাৰ পাছত ছোৱালীজনীয়ে দীপকৰ পৰা আঁতৰি ফুৰিছিল যদিও দীপকে তাইক লগ কৰিবলৈ অহৰহ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে।

ছোৱালীজনীয়ে লগ কৰিবলৈ অমান্তি হোৱাত দীপকে তাইক ভাবুকি দিবলৈ আৰম্ভ কৰিলে। তেওঁৰ লগত থকা অশ্লীল ফটো আৰু ভিডিঅ’বোৰ তাইৰ হ' বলগীয়া দৰালৈ পঠিয়াব বুলি ভাবুকি দিবলৈ ধৰিলে। ইযাৰ পাছতো যুৱতীগৰাকীয়ে দীপকক লগ নকৰাত দীপকে অশ্লীল ভিডিঅ’ আৰু ফটো হ' বলগীয়া দৰা আৰু অন্যান্য আত্মীয়লৈ প্ৰেৰণ কৰে।

বিয়া ভাঙি মানহানি হোৱাৰ ভয়ত ছোৱালীজনীয়ে চিপ লৈ আত্মহত্যা কৰে।যুৱতীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইয়াৰ তদন্ত চলি আছে। এতিয়াও পলাতক অৱস্থাত আছে অভিযুক্ত দীপক। তেওঁৰ সন্ধানত নামি পৰিছে আৰক্ষী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ