--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১৯ বছৰীয়া যুৱতীগৰাকী এবছৰ ধৰি স্থানীয় অঞ্চলটোৰ যুৱক দীপক তিৱাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। ইফালে প্ৰায় এমাহ আগতে পৰিয়ালে তাইৰ বিয়া অন্য যুৱকৰ সৈতে ঠিক কৰি দিছিল।

ডিজিটেল ডেস্ক: প্ৰেমিকৰ ব্লেকমেইলিঙত অতীষ্ঠ হৈ আত্মহত্যা কৰিলে এগৰাকী যুৱতীয়ে। বি এ প্ৰথম বৰ্ষত অধ্যয়নৰত আছিল যুৱতীগৰাকী। প্ৰেমিকাৰ বিয়া অন্য যুৱকৰ সৈতে ঠিক হোৱাৰ পাছতে প্ৰেমিকে ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰে। অৱশেষত চিপ লৈ আত্মহত্যা কৰে যুৱতীগৰাকীয়ে। 


উত্তৰ প্ৰদেশৰ দেওৰিয়া জিলাৰ পৰা পোহৰলৈ আহিছে এই ঘটনা। ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিয়পি পৰিছে। যুৱতীগৰাকীৰ বিবাহ নৱেম্বৰত ঠিক হৈছিল। সেই খবৰ পোৱাৰ পাছতেই প্ৰেমিকজনে হ' বলগীয়া দৰালৈ প্ৰেৰণ কৰে প্ৰেমিকাৰ অশ্লীল ফটো আৰু ভিডিঅ’।


চেলেমপুৰ কোতৱালি অঞ্চলত বাস কৰা ১৯ বছৰীয়া যুৱতীগৰাকী এবছৰ ধৰি স্থানীয় অঞ্চলটোৰ যুৱক দীপক তিৱাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। ইফালে প্ৰায় এমাহ আগতে পৰিয়ালে তাইৰ বিয়া অন্য যুৱকৰ সৈতে ঠিক কৰি দিছিল। বিয়া ঠিক হোৱাৰ পাছত ছোৱালীজনীয়ে দীপকৰ পৰা আঁতৰি ফুৰিছিল যদিও দীপকে তাইক লগ কৰিবলৈ অহৰহ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে।


ছোৱালীজনীয়ে লগ কৰিবলৈ অমান্তি হোৱাত দীপকে তাইক ভাবুকি দিবলৈ আৰম্ভ কৰিলে। তেওঁৰ লগত থকা অশ্লীল ফটো আৰু ভিডিঅ’বোৰ তাইৰ হ' বলগীয়া দৰালৈ পঠিয়াব বুলি ভাবুকি দিবলৈ ধৰিলে। ইযাৰ পাছতো যুৱতীগৰাকীয়ে দীপকক লগ নকৰাত দীপকে অশ্লীল ভিডিঅ’ আৰু ফটো হ' বলগীয়া দৰা আৰু অন্যান্য আত্মীয়লৈ প্ৰেৰণ কৰে।


বিয়া ভাঙি মানহানি হোৱাৰ ভয়ত ছোৱালীজনীয়ে চিপ লৈ আত্মহত্যা কৰে।যুৱতীগৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ইয়াৰ তদন্ত চলি আছে। এতিয়াও পলাতক অৱস্থাত আছে অভিযুক্ত দীপক। তেওঁৰ সন্ধানত নামি পৰিছে আৰক্ষী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ