--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি পনীৰ খাই ভাল পায়নে... বহু লোকৰে প্ৰিয় খাদ্য পনীৰ। নিৰামিষভোজীসকলৰ বাবেতো পনীৰ ৰাজকীয় খাদ্যৰ দৰে। পনীৰ আমিষভোজী-নিৰামিষভোজী সকলোৰে মাজত অতি জনপ্ৰিয়। পনীৰ গাখীৰৰ পৰা তৈয়াৰ কৰা হয়। মটৰ পনীৰ, পনীৰ টিক্কা, কড়াই পনীৰ, পনীৰ দো-পিঁয়াজা, পনীৰ পৰঠা, পনীৰ ৰল, পনীৰ বাটাৰ মাছালা আৰু কিমান যে কি পনীৰৰ লোভনীয় ব্যঞ্জন আছে। পনীৰ কেৱল খাবলৈকে সোৱাদযুক্ত নহয় শৰীৰতো ই যথেষ্ট সুপ্ৰভাৱ পেলায়।  পনীৰত প্ৰ'টিন,ফছফৰাছ,পটাছিয়াম, কাৰ্বোহাইড্ৰেট, ফোলেট, ভিটামিন, চেলেনিয়াম, আৰু কেলচিয়াম আদি থাকে আৰু ইয়াৰ গ্ৰহণে যথেষ্ট স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে। 

পনীৰৰ স্বাস্থ্যজনিত লাভালাভ কি জানো আহক

১)ইয়াত পোৱা কেলচিয়ামে হাড় শক্তিশালী কৰাত সহায় কৰিব পাৰে। 

২)পনীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা আছে।

৩)পনীৰ খাই চৰ্বি দহন কৰিব পাৰি। কিয়নো ইয়াত লিনোলিক এচিড থাকে, যি আমাৰ শৰীৰত চৰ্বি দহন প্ৰক্ৰিয়াটো দ্ৰুত কৰাত সহায় কৰিব পাৰে।

৪)পনীৰে স্তনৰ কৰ্কট ৰোগ ৰোধ কৰে।

৫)পনীৰ খালে দাঁত মজবুত হয়।

৬)পনীৰে পাচন শক্তি বৃদ্ধি কৰে।

৭)মধুমেহ ৰোগীৰ কাৰণে পনীৰ যথেষ্ট উপকাৰী।

৮)হৃদৰোগৰ ৰোগীৰ বাবে পনীৰ যথেষ্ট উপকাৰী।

৯)মাহেকীয়া বন্ধ হোৱাৰ সময়ত থকা মানসিক চাপ আৰু শাৰীৰিক চাপ পনীৰে নোহোৱা কৰে।

১০)শৰীৰ আৰু গাঁঠিৰ বিষৰ বাবে পনীৰ উত্তম।

১১)পনীৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

১২)কেঁচা পনীৰ খালে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়। কিয়নো পনীৰত প্ৰ'টিন, ভিটামিন-A, বি1, বি3, বি6 ৰ লগতে বহুতো পুষ্টি আৰু চেলেনিয়াম, ভিটামিন E, এণ্টিঅক্সিডেণ্ট থাকে যি মুক্ত ৰেডিকেলৰ বিৰুদ্ধে যুঁজাৰ সহায়ক। ই ছাল সতেজ আৰু উজ্জ্বল কৰি তোলে।

গতিকে পনীৰৰ সুস্বাদু ব্যঞ্জন ৰান্ধি খাওক আৰু স্বাস্থ্যৱান হৈ থাকক।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ