--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি পনীৰ খাই ভাল পায়নে... বহু লোকৰে প্ৰিয় খাদ্য পনীৰ। নিৰামিষভোজীসকলৰ বাবেতো পনীৰ ৰাজকীয় খাদ্যৰ দৰে। পনীৰ আমিষভোজী-নিৰামিষভোজী সকলোৰে মাজত অতি জনপ্ৰিয়। পনীৰ গাখীৰৰ পৰা তৈয়াৰ কৰা হয়। মটৰ পনীৰ, পনীৰ টিক্কা, কড়াই পনীৰ, পনীৰ দো-পিঁয়াজা, পনীৰ পৰঠা, পনীৰ ৰল, পনীৰ বাটাৰ মাছালা আৰু কিমান যে কি পনীৰৰ লোভনীয় ব্যঞ্জন আছে। পনীৰ কেৱল খাবলৈকে সোৱাদযুক্ত নহয় শৰীৰতো ই যথেষ্ট সুপ্ৰভাৱ পেলায়।  পনীৰত প্ৰ'টিন,ফছফৰাছ,পটাছিয়াম, কাৰ্বোহাইড্ৰেট, ফোলেট, ভিটামিন, চেলেনিয়াম, আৰু কেলচিয়াম আদি থাকে আৰু ইয়াৰ গ্ৰহণে যথেষ্ট স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে। 

পনীৰৰ স্বাস্থ্যজনিত লাভালাভ কি জানো আহক

১)ইয়াত পোৱা কেলচিয়ামে হাড় শক্তিশালী কৰাত সহায় কৰিব পাৰে। 

২)পনীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা আছে।

৩)পনীৰ খাই চৰ্বি দহন কৰিব পাৰি। কিয়নো ইয়াত লিনোলিক এচিড থাকে, যি আমাৰ শৰীৰত চৰ্বি দহন প্ৰক্ৰিয়াটো দ্ৰুত কৰাত সহায় কৰিব পাৰে।

৪)পনীৰে স্তনৰ কৰ্কট ৰোগ ৰোধ কৰে।

৫)পনীৰ খালে দাঁত মজবুত হয়।

৬)পনীৰে পাচন শক্তি বৃদ্ধি কৰে।

৭)মধুমেহ ৰোগীৰ কাৰণে পনীৰ যথেষ্ট উপকাৰী।

৮)হৃদৰোগৰ ৰোগীৰ বাবে পনীৰ যথেষ্ট উপকাৰী।

৯)মাহেকীয়া বন্ধ হোৱাৰ সময়ত থকা মানসিক চাপ আৰু শাৰীৰিক চাপ পনীৰে নোহোৱা কৰে।

১০)শৰীৰ আৰু গাঁঠিৰ বিষৰ বাবে পনীৰ উত্তম।

১১)পনীৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

১২)কেঁচা পনীৰ খালে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়। কিয়নো পনীৰত প্ৰ'টিন, ভিটামিন-A, বি1, বি3, বি6 ৰ লগতে বহুতো পুষ্টি আৰু চেলেনিয়াম, ভিটামিন E, এণ্টিঅক্সিডেণ্ট থাকে যি মুক্ত ৰেডিকেলৰ বিৰুদ্ধে যুঁজাৰ সহায়ক। ই ছাল সতেজ আৰু উজ্জ্বল কৰি তোলে।

গতিকে পনীৰৰ সুস্বাদু ব্যঞ্জন ৰান্ধি খাওক আৰু স্বাস্থ্যৱান হৈ থাকক।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ