--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "তুমি নহ’লে এই চহৰত নুফুলে বগেনভিলিয়া"...বৰ্তমান আচুৰ্য বৰপাত্ৰৰ ফাগুন শীৰ্ষক এলবামটিৰ এটি গীত ৷ এই গীতটিৰ বাবে অসমত জনপ্ৰিয় হৈ পৰিছে এবিধ ফুল ৷ ৰাস্তাৰ দাঁতিত ডাল ভৰি ভৰি ফুলি থকা গুলপীয়া ৰঙৰ ফুলবোৰ আপুনি নিশ্চয় বহুবাৰ দেখিছে। এইয়া হৈছে ব’গেনভেলিয়া বা কাগজ ফুল ৷ 

যদিও এই ফুলবিধ প্ৰায় সকলোৰে বাগিচাত উপলব্ধ কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে চাগে বহু কম সংখ্যক লোকহে জানে ৷ এই ফুলবিধক সকলোৱে দেখিছে কিন্তু আচুৰ্য বৰপাত্ৰৰ গীতটিৰ বাবে বৰ্তমান হয়তো নতুন প্ৰজন্মৰ বাবে খুবেই বিশেষ হৈ পৰিছে এই ফুলবিধ তেন্তে পলম নকৰি আজি এই ফুলবিধৰ  উপকাৰিতা কি কি জানো আহক-

১) বহু সময়ত বতৰ পৰিৱৰ্তনৰ বাবে সকলোৰে চৰ্দি আৰু কাহৰ সমস্যা বাঢ়ি যায়। এনে পৰিস্থিতিত ব’গেইনভেলিয়া ফুল নিখুঁত প্ৰতিকাৰ। এই ফুল পানীত উতলাই খালে আপোনাৰ কাহ সম্পূৰ্ণৰূপে ভাল হয়। ইয়াৰ কফ ওলোৱা গুণ আছে।

২)ডায়েবেটিছ ৰোগীৰ বাবে ঔষধতকৈ কম নহয় এই ফুলৰ পাহি। এইফুলত চেনিৰ মাত্ৰা বজাই ৰাখিবলৈ সকলো গুণ আছে।

৩) আজিকালি বেছিভাগ মানুহৰে এচিডিটিৰ সমস্যা হয়। এনে পৰিস্থিতিত ব’গেইনভেলিয়াৰ ৰসে পেটৰ বিষৰ পৰা সকাহ পোৱাত বহুখিনি সহায় কৰে।

৪) এই ফুলবোৰ যিমান ধুনীয়া সিমানেই উপকাৰী। এইবোৰে শৰীৰৰ পৰা অশুদ্ধি আঁতৰাই শৰীৰক বিষমুক্ত কৰাত অতি সহায়ক বুলি প্ৰমাণিত হয়।

৫) প্ৰায়ে আমাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ গাঁঠিৰ বিষৰ লগত জড়িত বহু সমস্যা হয়। এনে পৰিস্থিতিত এই ফুল অতি সহায়ক বুলি প্ৰমাণিত হয়। ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে গাঁঠিৰ বিষত অতি উপকাৰী।

৬) আজিৰ উত্তেজনাপূৰ্ণ আৰু মানসিক চাপৰ জীৱনত প্ৰায় সকলো বয়সৰ লোক ৰক্তচাপৰ ৰোগী হৈ পৰিছে। এই ব’গেনভেলিয়াৰ ৰসে ৰক্তচাপ নিয়ন্ত্ৰণত অতি ফলপ্ৰসূ হ’ব পাৰে।

৭) এই ফুলৰ এটাই নহয় বহু উপকাৰ আছে। পানীত উতলাই খাব পাৰে বা ইয়াৰ ৰস বনাইও সেৱন কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াৰ চাহ বনাইও উপকৃত হ’ব পাৰে, যিটো কলেষ্টেৰলৰ ওপৰত অতি ফলপ্ৰসূ।

Image Credits: Joystuti Bhuyan

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ