--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুৱাহাটী পৌৰ নিৰ্বাচনলৈ মাথোঁ কেইদিনমান বাকী থকা অৱস্থাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ মনজিৎ মহন্ত আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এখন সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত কংগ্ৰেছৰ নেতাদুগৰাকীয়ে পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগ উত্থাপন কৰে৷ 

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নেতাদুগৰাকীৰ অভিযোগ, ৰঙা লাইট লগাই মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ গুৱাহাটীত বিজেপিৰ বেনাৰ-পোষ্টাৰে ভৰাই পেলাইছে৷ বিজেপিৰ এই কাৰ্যই নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগ তোলে নেতাদুগৰাকীয়ে৷ ভাৰতৰ নিৰ্বাচন আয়োগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ দলটোৰ৷ আজিৰ সংবাদমেলত নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ সমিতিৰ৷ 

শেহতীয়াকৈ, বিজেপিয়ে নিৰ্বাচনৰ অচিলা লৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰাৰ ভাবুকি দিয়াক লৈও ক্ষোভ প্ৰদেশ কংগ্ৰেছ সমিতিৰ৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে বিজেপি নেতাই ফোনযোগে আঁচনি কৰ্তন কৰিব বুলি দিয়া ভাবুকিৰ ফোন ৰেকৰ্ডিঙো ৰাজহুৱা কৰে সংবাদ মেলত৷ 

নিৰ্বাচনী আয়োগক সকীয়নি দি প্ৰদেশ কংগ্ৰেছে সুস্থ নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায়৷ অন্যথাই বেলেগ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদেশ কংগ্ৰেছ সমিতিৰ৷ প্ৰয়োজনত আইনী ব্যৱস্থাও গ্ৰহণ কৰিব বুলি নেতাদ্বয়ে সদৰী কৰে৷ 

ইপিনে, বিহুক বণিয়াকৰণ কৰাৰ বিৰোধিতা মীৰা বৰঠাকুৰৰ৷ অসমৰ জাতীয় উৎসৱ বিহুক যাতে মাৰোৱাৰীকৰণ নকৰে, তাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাই বৰঠাকুৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ