--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুৱাহাটী পৌৰ নিৰ্বাচনলৈ মাথোঁ কেইদিনমান বাকী থকা অৱস্থাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ মনজিৎ মহন্ত আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এখন সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত কংগ্ৰেছৰ নেতাদুগৰাকীয়ে পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগ উত্থাপন কৰে৷ 

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নেতাদুগৰাকীৰ অভিযোগ, ৰঙা লাইট লগাই মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ গুৱাহাটীত বিজেপিৰ বেনাৰ-পোষ্টাৰে ভৰাই পেলাইছে৷ বিজেপিৰ এই কাৰ্যই নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগ তোলে নেতাদুগৰাকীয়ে৷ ভাৰতৰ নিৰ্বাচন আয়োগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ দলটোৰ৷ আজিৰ সংবাদমেলত নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ সমিতিৰ৷ 

শেহতীয়াকৈ, বিজেপিয়ে নিৰ্বাচনৰ অচিলা লৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰাৰ ভাবুকি দিয়াক লৈও ক্ষোভ প্ৰদেশ কংগ্ৰেছ সমিতিৰ৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে বিজেপি নেতাই ফোনযোগে আঁচনি কৰ্তন কৰিব বুলি দিয়া ভাবুকিৰ ফোন ৰেকৰ্ডিঙো ৰাজহুৱা কৰে সংবাদ মেলত৷ 

নিৰ্বাচনী আয়োগক সকীয়নি দি প্ৰদেশ কংগ্ৰেছে সুস্থ নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায়৷ অন্যথাই বেলেগ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদেশ কংগ্ৰেছ সমিতিৰ৷ প্ৰয়োজনত আইনী ব্যৱস্থাও গ্ৰহণ কৰিব বুলি নেতাদ্বয়ে সদৰী কৰে৷ 

ইপিনে, বিহুক বণিয়াকৰণ কৰাৰ বিৰোধিতা মীৰা বৰঠাকুৰৰ৷ অসমৰ জাতীয় উৎসৱ বিহুক যাতে মাৰোৱাৰীকৰণ নকৰে, তাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাই বৰঠাকুৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ