--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম কোষৰ সম্পাদক তথা এন এছ ইউ আইৰ ৰাজ্যিক মুখপাত্ৰ অনন্যা শইকীয়াই আজি অসম জাতীয় পৰিষদ দলত যোগদান কৰে৷ এগৰাকী মিডিয়া পেনালিষ্ট হিচাপে পৰিচিত শইকীয়াই ইয়াৰ পূৰ্বে কংগ্ৰেছ দলৰ সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে৷

 আজি গুৱাহাটী পৌৰ নিগমৰ ২ নং ৱাৰ্ডৰ অন্তৰ্গত পদুমবড়ীত জাতীয় পৰিষদৰ এখনি নিৰ্বাচনী সভাত যুৱ-নেত্ৰীগৰাকীয়ে দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ উপস্থিতিত যোগদান কৰে৷ সভাপতি গগৈয়ে এখন ফুলাম গামোছা আৰু দলৰ সদস্যভৰ্তিৰ প্ৰ-পত্ৰৰে শইকীয়াক দললৈ আদৰি আনে৷ উক্ত কাৰ্যসূচীত দলৰ উপ-সভাপতি পংকজলোচন দেৱগোস্বামী, সম্পাদক গিৰীণ তালুকদাৰ, জাতীয় মহিলা শক্তিৰ সম্পাদিকা অপৰাজিতা বৰা দাস, তথ্য-প্ৰযুক্তিৰ সম্পাদক দেৱজিৎ চৌধুৰী, জাতীয় যুৱ-শক্তিৰ মুখ্য আহ্বায়ক চন্দ্ৰপল বৰুৱা, দলৰ কামৰূপ জিলা সমিতিৰ সম্পাদক আচিফ আলীসহ নেতাসকল উপস্থিত থাকে৷ যোগদান কৰি অনন্যা শইকীয়াই কয় যে, তেওঁ এটা স্বাভিমানী মন লৈ ৰাজনীতিলৈ আহিছিল৷

 কিন্তু কংগ্ৰেছ দলত থাকি দিল্লীৰ নেতাসকলে অসমৰ স্থানীয় নেতাসকলৰ মতামত আৰু অনুভূতিৰ গুৰুত্ব নিদিয়াকৈ দিল্লীৰ পৰাই দল চলাই থকা কাৰ্য সহ্য কৰিব নোৱাৰি তেওঁ স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠাৰ অংগীকাৰেৰে আগবঢ়া দল জাতীয় পৰিষদত যোগদানৰ সিদ্ধান্ত লয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ