--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যক্তিগত সম্পৰ্ক আৰু বলীউড উদ্যোগৰ তাৰকা-খচিত অভিনেতা আৰু অভিনেত্ৰীসকলৰ কিছুমান কাৰ্যকলাপ কেতিয়াবা ট’প ট্ৰেণ্ডিং হৈ পৰে। গ্লেমাৰ জগতৰ তাৰকাসকলে ক’ত, কেতিয়া, কি কৰিব তাকে জানিবলৈ অনুৰাগীয়ে কাণ উনাই থকা দেখা যায়। বলীউডৰ অন্যতম তাৰকা যুটি হৈছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। দুই তাৰকাৰ প্ৰেমকাহিনীৰ বিষয়েও সকলোৱে অৱগত। বলীউডৰ বিখ্যাত অভিনেতা ৰণবীৰ কাপুৰে ১৪ এপ্ৰিলত আলিয়া ভাটৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। শেহতীয়াকৈ, বিবাহৰ এমাহৰ ভিতৰতে কাপুৰ পৰিয়াললৈ আনিছে ভাল খবৰ।

বিবাহৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰ। চকুৰ পলকতে সৰু সৰু পোষ্টবোৰ ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। ইয়াৰ মাজতে আলিয়াৰ বিষয়ে এটা খবৰ ওলাইছে। এই খবৰে আচৰিত কৰি তুলিছে অনুৰাগীক। 

দৰাচলতে আলিয়াৰ ইনষ্টাগ্ৰামত প্ৰকাশ পোৱা এখন আলোকচিত্ৰ এতিয়া এই সকলো জল্পনাৰ সৃষ্টি কৰা দেখা গৈছে। অতিশীঘ্ৰে অভিনেত্ৰীগৰাকী মাতৃ হ'ব পাৰে বুলি অনুমান কৰিছে অনুৰাগীয়ে। এই খবৰ প্ৰকাশৰ পাছতে ইণ্টাৰনেটত বিষয়টোক লৈ হৈছে তুমুল চৰ্চা। এই সন্দৰ্ভত অৱশ্যে তাৰকা দম্পতীয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ