--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কংগ্ৰেছক এক মোক্ষম আঘাত দি জ্যেষ্ঠ নেতা তথা দেশৰ এগৰাকী আগশাৰীৰ আইনজ্ঞ কপিল ছিবালে ত্যাগ কৰিলে দল। কংগ্ৰেছৰে ৩০ বছৰীয়া সম্পৰ্কৰ অৱসান ঘটালে দেশৰ আগশাৰীৰ ৰাজনীতিক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ উত্তৰ প্ৰদেশৰ পৰা সমাজবাদী পাৰ্টীৰ সমৰ্থনেৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে। মনোনয়ন দাখিলৰ সময়তে তেওঁ কংগ্ৰেছ ত্যাগৰ কথা ঘোষণা কৰিছিল। বিগত ১৬ মে’তেই তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰা বুলি প্ৰকাশ কৰে। এই খবৰে দেশৰ ৰাজনীতি ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ ত্যাগৰ পাছতে তেওঁ দলটো সম্পৰ্কে কৰা প্ৰথম আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰিছে।

এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি তেওঁ কয় যে, আগবাঢ়ি যোৱাটো সদায়ে কঠিন কাম কিন্তু সকলোৱে নিজৰ বিষয়ে চিন্তা কৰা উচিত। এনডি টিভিৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ছিবালে কয়, মোৰ ধাৰণা হৈছিল যে, মোৰ কাৰণে আগুৱাই যোৱা আৰু সংসদত এক স্বতন্ত্ৰ কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশৰ সময় আহিছে। মই এতিয়া কোনো দলৰ সৈতে যুক্ত হৈ থাকিবলৈ বিচৰা নাছিলোঁ।

তেওঁ লগতে কয় যে, এটা দলৰ সৈতে দীঘলীয়া সময় ধৰি যুক্ত হৈ থাকিলে সেই দলটো এৰাটো কঠিন হৈ পৰে। কিন্তু সকলো লোককে নিজৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন আহি পৰে। দেশৰ শেহতীয়া ৰাজনৈতিক গতিবিধি সম্পৰ্কত মন্তব্য কৰি তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, ২০২৪ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী ঐক্য গঠনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে বিভিন্ন দলে। তেওঁ নিজেও এনে এখন মঞ্চ গঠনৰ প্ৰচেষ্টাত আগভাগ লৈছে। কিন্তু কংগ্ৰেছক বাদ দি এই মঞ্চ গঠন সম্ভৱ হৈ উঠিব নে বুলিও তেওঁ প্ৰশ্ন কৰে।

উল্লেখ্য যে, দেশৰ ৰাজনীতিৰ অতি গুৰুত্বপূৰ্ণ প্ৰতিনিধি, জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে দলৰ শেহতীয়া অৱস্থা আৰু নেতৃত্বৰ দুৰ্বলতাৰ প্ৰসংগক লৈ সততে সৰৱ হৈ থকা দেখিবলৈ পোৱা গৈছিল। তেওঁ কংগ্ৰেছৰ বহু চৰ্চিত জি-২৩ গোটৰো সদস্য আছিল। দলৰ নেতৃত্বলৈ বিভিন্ন দাবী তথা অসন্তুষ্টি প্ৰকাশেৰে পত্ৰ প্ৰেৰণ কৰি, নেতৃত্বৰ পৰিৱৰ্তন কামনা কৰি এই জি-২৩ গোট ব্যাপকভাৱে চৰ্চালৈ আহিছিল।
গান্ধী পৰিয়ালৰ নেতৃত্বক লৈ তেওঁ মুকলিকৈয়ে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছিল। উল্লেখ্য যে, শেহতীয়াকৈ তেওঁ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেষ যাদৱৰ সৈতে লক্ষ্ণৌত আলোচনাত মিলিত হৈছিল। তেওঁলোকৰ মাজত সৃষ্টি হোৱা বুজিবুজিৰ পাছতে ছিবালে এনে কঠিন সিদ্ধান্ত গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা আজম খানক জামিন প্ৰদানতো ছিবালৰ ভূমিকা আছিল। উচ্চতম ন্যায়ালয়ত আজম খানৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল কপিল ছিবালে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ