--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কংগ্ৰেছক এক মোক্ষম আঘাত দি জ্যেষ্ঠ নেতা তথা দেশৰ এগৰাকী আগশাৰীৰ আইনজ্ঞ কপিল ছিবালে ত্যাগ কৰিলে দল। কংগ্ৰেছৰে ৩০ বছৰীয়া সম্পৰ্কৰ অৱসান ঘটালে দেশৰ আগশাৰীৰ ৰাজনীতিক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ উত্তৰ প্ৰদেশৰ পৰা সমাজবাদী পাৰ্টীৰ সমৰ্থনেৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে। মনোনয়ন দাখিলৰ সময়তে তেওঁ কংগ্ৰেছ ত্যাগৰ কথা ঘোষণা কৰিছিল। বিগত ১৬ মে’তেই তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰা বুলি প্ৰকাশ কৰে। এই খবৰে দেশৰ ৰাজনীতি ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ ত্যাগৰ পাছতে তেওঁ দলটো সম্পৰ্কে কৰা প্ৰথম আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰিছে।

এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি তেওঁ কয় যে, আগবাঢ়ি যোৱাটো সদায়ে কঠিন কাম কিন্তু সকলোৱে নিজৰ বিষয়ে চিন্তা কৰা উচিত। এনডি টিভিৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ছিবালে কয়, মোৰ ধাৰণা হৈছিল যে, মোৰ কাৰণে আগুৱাই যোৱা আৰু সংসদত এক স্বতন্ত্ৰ কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশৰ সময় আহিছে। মই এতিয়া কোনো দলৰ সৈতে যুক্ত হৈ থাকিবলৈ বিচৰা নাছিলোঁ।

তেওঁ লগতে কয় যে, এটা দলৰ সৈতে দীঘলীয়া সময় ধৰি যুক্ত হৈ থাকিলে সেই দলটো এৰাটো কঠিন হৈ পৰে। কিন্তু সকলো লোককে নিজৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন আহি পৰে। দেশৰ শেহতীয়া ৰাজনৈতিক গতিবিধি সম্পৰ্কত মন্তব্য কৰি তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়, ২০২৪ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী ঐক্য গঠনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে বিভিন্ন দলে। তেওঁ নিজেও এনে এখন মঞ্চ গঠনৰ প্ৰচেষ্টাত আগভাগ লৈছে। কিন্তু কংগ্ৰেছক বাদ দি এই মঞ্চ গঠন সম্ভৱ হৈ উঠিব নে বুলিও তেওঁ প্ৰশ্ন কৰে।

উল্লেখ্য যে, দেশৰ ৰাজনীতিৰ অতি গুৰুত্বপূৰ্ণ প্ৰতিনিধি, জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে দলৰ শেহতীয়া অৱস্থা আৰু নেতৃত্বৰ দুৰ্বলতাৰ প্ৰসংগক লৈ সততে সৰৱ হৈ থকা দেখিবলৈ পোৱা গৈছিল। তেওঁ কংগ্ৰেছৰ বহু চৰ্চিত জি-২৩ গোটৰো সদস্য আছিল। দলৰ নেতৃত্বলৈ বিভিন্ন দাবী তথা অসন্তুষ্টি প্ৰকাশেৰে পত্ৰ প্ৰেৰণ কৰি, নেতৃত্বৰ পৰিৱৰ্তন কামনা কৰি এই জি-২৩ গোট ব্যাপকভাৱে চৰ্চালৈ আহিছিল।
গান্ধী পৰিয়ালৰ নেতৃত্বক লৈ তেওঁ মুকলিকৈয়ে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছিল। উল্লেখ্য যে, শেহতীয়াকৈ তেওঁ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেষ যাদৱৰ সৈতে লক্ষ্ণৌত আলোচনাত মিলিত হৈছিল। তেওঁলোকৰ মাজত সৃষ্টি হোৱা বুজিবুজিৰ পাছতে ছিবালে এনে কঠিন সিদ্ধান্ত গ্ৰহণ কৰা বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, সমাজবাদী পাৰ্টীৰ জ্যেষ্ঠ নেতা আজম খানক জামিন প্ৰদানতো ছিবালৰ ভূমিকা আছিল। উচ্চতম ন্যায়ালয়ত আজম খানৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল কপিল ছিবালে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে