--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ্মক্ষেত্ৰত পুনৰ হত্যাৰ বলি হ’বলগীয়া হ’ল এগৰাকী সাংবাদিক। এইবাৰ ইজৰাইলত হত্যাৰ বলি হৈছে আল জাজিৰাৰ এগৰাকী সাংবাদিক। ইজৰাইল অধিকৃত ৱেষ্ট বেংকত আল-জাজিৰাৰ মহিলা সাংবাদিক শিৰিন আবু আক্লেহক গুলীয়াই হত্যা কৰা হয়। সংবাদ প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ সাংবাদিকগৰাকীৰ মৃত্যুৰ বাবে ইজৰাইলী সামৰিক বাহিনীক দোষাৰোপ কৰিছে। বিখ্যাত পেলেষ্টাইনী সাংবাদিক শিৰিন আবু আক্লেহ চেনেলটোৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল। ইফালে সাংবাদিকজনৰ মৃত্যুৰ পাছত ইজৰাইলী সেনাই এই ঘটনাৰ তদন্ত কৰি থকা বুলি প্ৰকাশ কৰিছে।

আল-জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি, পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ইজৰাইলী সেনাই দখল কৰি ৰখা ৱেষ্ট বেংকত জ্যেষ্ঠ মহিলা সাংবাদিকগৰাকীক গুলীয়াই হত্যা কৰে। ৫১ বছৰীয়া শিৰিন আবু আক্লেহে জেনিন শৰণাৰ্থী শিবিৰত ইজৰাইলী সেনাৰ অভিযানৰ বাতৰি সংগ্ৰহ কৰি আছিল আৰু সেই সময়তে এটা গুলীয়ে তেওঁৰ মুখত আঘাত কৰে। আন এজন পেলেষ্টাইনী সাংবাদিক অল আল-চামুদিও আঘাতপ্ৰাপ্ত হৈছে। অৱশ্যে তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ বুলি কোৱা হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰে যে, সাংবাদিককেইজন ইজৰাইলী গুলীচালনাত আঘাতপ্ৰাপ্ত হৈছিল। ঘটনাটোৰ ভিডিঅ' ফুটেজত, আবু আক্লেহক নীলা জেকেট পিন্ধি থকা দেখা যায় য'ত 'প্ৰেছ' শব্দটো লিখা আছিল। সাংবাদিকজনৰ মৃত্যুৰ বাবে পেলেষ্টাইনে পোনপটীয়াকৈ ইজৰাইলক দোষাৰোপ কৰিছে। কাটাৰৰ সহকাৰী বৈদেশিক মন্ত্ৰী লোলৱাহ আল খাতেৰে বুধবাৰে কয় যে আল জাজিৰাৰ সাংবাদিক শিৰিন আবু আক্লেহক ‘মুখত’ গুলীয়াই হত্যা কৰা হৈছে। তেওঁ প্ৰেছ বুলি লিখা জেকেট পিন্ধি আছিল আৰু তেওঁ চিনাক্ত কৰাত সমস্যা হোৱাৰ কোনো কথা নাছিল।

ইফালে, সাংবাদিকগৰাকীৰ হত্যাৰ পাছত ইয়াক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন আইনজ্ঞ আৰু যুদ্ধ বিশেষজ্ঞই ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে এনে ঘটনৰ পুনৰাবৃত্তি নোহোৱাটো নিশ্চিত কৰাৰ দাবী জনাইছে। যুদ্ধ অপৰদাৰ এক ঘৃণনীয় নিদৰ্শন হিচাপে এই ঘটনাক চিহ্নিত কৰা হৈছে।

ইফালে, মহিলা সাংবাদিকগৰাকীৰ মৃত্যু সন্দৰ্ভত ইজৰাইলী সেনাই কয় যে, জেনিনত থকা তেওঁলোকৰ বাহিনীক আক্ৰমণ কৰা হৈছিল আৰু বিস্ফোৰক জৰিয়তে আক্ৰমণৰ লক্ষ্য কৰা হৈছিল, যাৰ পাছত সেনাই প্ৰত্যাক্ৰমণ কৰে। সেনাই এটা বিবৃতিত কৈছিল যে, বন্দুকৰ গুলীৰ আঘাতত মহিলা সাংবাদিকগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰি আছে। একে সময়তে, তেওঁলোকে এই দাবীও কৰিছে যে, সাংবাদিকজন পেলেষ্টাইনী সশস্ত্ৰ বাহিনীৰ গুলীচালনাতহে মৃত্যুমুখত পৰাৰ আশংকা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে