--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ্মক্ষেত্ৰত পুনৰ হত্যাৰ বলি হ’বলগীয়া হ’ল এগৰাকী সাংবাদিক। এইবাৰ ইজৰাইলত হত্যাৰ বলি হৈছে আল জাজিৰাৰ এগৰাকী সাংবাদিক। ইজৰাইল অধিকৃত ৱেষ্ট বেংকত আল-জাজিৰাৰ মহিলা সাংবাদিক শিৰিন আবু আক্লেহক গুলীয়াই হত্যা কৰা হয়। সংবাদ প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ সাংবাদিকগৰাকীৰ মৃত্যুৰ বাবে ইজৰাইলী সামৰিক বাহিনীক দোষাৰোপ কৰিছে। বিখ্যাত পেলেষ্টাইনী সাংবাদিক শিৰিন আবু আক্লেহ চেনেলটোৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল। ইফালে সাংবাদিকজনৰ মৃত্যুৰ পাছত ইজৰাইলী সেনাই এই ঘটনাৰ তদন্ত কৰি থকা বুলি প্ৰকাশ কৰিছে।

আল-জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি, পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ইজৰাইলী সেনাই দখল কৰি ৰখা ৱেষ্ট বেংকত জ্যেষ্ঠ মহিলা সাংবাদিকগৰাকীক গুলীয়াই হত্যা কৰে। ৫১ বছৰীয়া শিৰিন আবু আক্লেহে জেনিন শৰণাৰ্থী শিবিৰত ইজৰাইলী সেনাৰ অভিযানৰ বাতৰি সংগ্ৰহ কৰি আছিল আৰু সেই সময়তে এটা গুলীয়ে তেওঁৰ মুখত আঘাত কৰে। আন এজন পেলেষ্টাইনী সাংবাদিক অল আল-চামুদিও আঘাতপ্ৰাপ্ত হৈছে। অৱশ্যে তেওঁৰ অৱস্থা এতিয়া সুস্থিৰ বুলি কোৱা হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰে যে, সাংবাদিককেইজন ইজৰাইলী গুলীচালনাত আঘাতপ্ৰাপ্ত হৈছিল। ঘটনাটোৰ ভিডিঅ' ফুটেজত, আবু আক্লেহক নীলা জেকেট পিন্ধি থকা দেখা যায় য'ত 'প্ৰেছ' শব্দটো লিখা আছিল। সাংবাদিকজনৰ মৃত্যুৰ বাবে পেলেষ্টাইনে পোনপটীয়াকৈ ইজৰাইলক দোষাৰোপ কৰিছে। কাটাৰৰ সহকাৰী বৈদেশিক মন্ত্ৰী লোলৱাহ আল খাতেৰে বুধবাৰে কয় যে আল জাজিৰাৰ সাংবাদিক শিৰিন আবু আক্লেহক ‘মুখত’ গুলীয়াই হত্যা কৰা হৈছে। তেওঁ প্ৰেছ বুলি লিখা জেকেট পিন্ধি আছিল আৰু তেওঁ চিনাক্ত কৰাত সমস্যা হোৱাৰ কোনো কথা নাছিল।

ইফালে, সাংবাদিকগৰাকীৰ হত্যাৰ পাছত ইয়াক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন আইনজ্ঞ আৰু যুদ্ধ বিশেষজ্ঞই ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে এনে ঘটনৰ পুনৰাবৃত্তি নোহোৱাটো নিশ্চিত কৰাৰ দাবী জনাইছে। যুদ্ধ অপৰদাৰ এক ঘৃণনীয় নিদৰ্শন হিচাপে এই ঘটনাক চিহ্নিত কৰা হৈছে।

ইফালে, মহিলা সাংবাদিকগৰাকীৰ মৃত্যু সন্দৰ্ভত ইজৰাইলী সেনাই কয় যে, জেনিনত থকা তেওঁলোকৰ বাহিনীক আক্ৰমণ কৰা হৈছিল আৰু বিস্ফোৰক জৰিয়তে আক্ৰমণৰ লক্ষ্য কৰা হৈছিল, যাৰ পাছত সেনাই প্ৰত্যাক্ৰমণ কৰে। সেনাই এটা বিবৃতিত কৈছিল যে, বন্দুকৰ গুলীৰ আঘাতত মহিলা সাংবাদিকগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰি আছে। একে সময়তে, তেওঁলোকে এই দাবীও কৰিছে যে, সাংবাদিকজন পেলেষ্টাইনী সশস্ত্ৰ বাহিনীৰ গুলীচালনাতহে মৃত্যুমুখত পৰাৰ আশংকা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ