--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জয় সৰকাৰ নামৰ এজন ব্যক্তিয়ে নিজৰ পত্নী পাঞ্চালী পাল সৰকাৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ পিছতেই অভিযুক্ত জয় সৰকাৰে নিজেও আত্মহননৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক: ডিব্ৰুগড়ত ভয়ংকৰ পাৰিবাৰিক হিংসা, স্বামী-স্ত্ৰী সংকটজনক অৱস্থাত AMCHত আছে। ডিব্ৰুগড়ৰ সন্তোষীমা পথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ পাৰিবাৰিক হিংসাৰ ঘটনা। ঘটনাটোত স্বামী-স্ত্ৰী দুয়ো গুৰুতৰভাৱে আহত হৈ বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (AMCH)ত চিকিৎসাধীন অৱস্থাত আছে।


প্ৰাপ্ত তথ্য অনুসৰি, জয় সৰকাৰ নামৰ এজন ব্যক্তিয়ে নিজৰ পত্নী পাঞ্চালী পাল সৰকাৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ পিছতেই অভিযুক্ত জয় সৰকাৰে নিজেও আত্মহননৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।


আৰক্ষী সূত্ৰে জনোৱা মতে, দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে পাঞ্চালী পাল সৰকাৰ তিনিটা সন্তানৰ মাতৃ। ঘটনাৰ পিছত স্থানীয় লোক আৰু আৰক্ষীয়ে ততাতৈয়াকৈ দুয়োজনকে উদ্ধাৰ কৰি AMCHলৈ প্ৰেৰণ কৰে। চিকিৎসকসকলৰ মতে, দুয়োৰে অৱস্থা সংকটজনক।


ইফালে, ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পাৰিবাৰিক অশান্তিৰ প্ৰকৃত কাৰণ আৰু ঘটনাটোৰ নেপথ্যৰ সত্য আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।


এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু পুনৰ এবাৰ পাৰিবাৰিক হিংসাৰ ভয়ংকৰ দিশটো উন্মোচিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী