--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জয় সৰকাৰ নামৰ এজন ব্যক্তিয়ে নিজৰ পত্নী পাঞ্চালী পাল সৰকাৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ পিছতেই অভিযুক্ত জয় সৰকাৰে নিজেও আত্মহননৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক: ডিব্ৰুগড়ত ভয়ংকৰ পাৰিবাৰিক হিংসা, স্বামী-স্ত্ৰী সংকটজনক অৱস্থাত AMCHত আছে। ডিব্ৰুগড়ৰ সন্তোষীমা পথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ পাৰিবাৰিক হিংসাৰ ঘটনা। ঘটনাটোত স্বামী-স্ত্ৰী দুয়ো গুৰুতৰভাৱে আহত হৈ বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (AMCH)ত চিকিৎসাধীন অৱস্থাত আছে।


প্ৰাপ্ত তথ্য অনুসৰি, জয় সৰকাৰ নামৰ এজন ব্যক্তিয়ে নিজৰ পত্নী পাঞ্চালী পাল সৰকাৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ পিছতেই অভিযুক্ত জয় সৰকাৰে নিজেও আত্মহননৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।


আৰক্ষী সূত্ৰে জনোৱা মতে, দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে পাঞ্চালী পাল সৰকাৰ তিনিটা সন্তানৰ মাতৃ। ঘটনাৰ পিছত স্থানীয় লোক আৰু আৰক্ষীয়ে ততাতৈয়াকৈ দুয়োজনকে উদ্ধাৰ কৰি AMCHলৈ প্ৰেৰণ কৰে। চিকিৎসকসকলৰ মতে, দুয়োৰে অৱস্থা সংকটজনক।


ইফালে, ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পাৰিবাৰিক অশান্তিৰ প্ৰকৃত কাৰণ আৰু ঘটনাটোৰ নেপথ্যৰ সত্য আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।


এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু পুনৰ এবাৰ পাৰিবাৰিক হিংসাৰ ভয়ংকৰ দিশটো উন্মোচিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী