--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেৱজিত ডেকা দলৈ যোৱা ২১ জুন তাৰিখৰ পৰা জ্বৰত আক্ৰান্ত আছিল। জানিব পৰা মতে তেওঁ যোৱা ২১ তাৰিখে কাৰ্বিআংলংত বেডমিণ্টন খেলিবলৈ যোৱাৰ সময়তে জ্বৰত আক্ৰান্ত হয়।

ডিজিটেল ডেস্ক: ৰহা বাৰপূজীয়াৰ উদীয়মান সৰবৰহী যুৱক, বিহুৱা, ফুটবল খেলুৱৈ দেৱজিৎ ডেকা দলৈ (জোন)ৰ শনিবাৰে দিনৰ প্ৰায় ১২ বজাত আকস্মিক বিয়োগ ঘটাত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।  


বৃহত্তৰ ৰহা, বাৰপূজীয়াৰ এজন প্ৰতিভাবান বেডমিণ্টন ,ফুটবল খেলুৱৈৰ লগতে ক্ৰিকেটাৰ, বিহুৱা, বিহু শিল্পী সন্থাৰ সদস্য তথা তিৱা জনগোষ্ঠীৰ এগৰাকী প্ৰতিভাৱান শিল্পী দেৱজিত ডেকা দলৈ যোৱা ২১ জুন তাৰিখৰ পৰা জ্বৰত আক্ৰান্ত আছিল। জানিব পৰা মতে তেওঁ যোৱা ২১ তাৰিখে কাৰ্বিআংলংত বেডমিণ্টন খেলিবলৈ যোৱাৰ সময়তে জ্বৰত আক্ৰান্ত হয়। 


শনিবাৰে পুৱা হঠাৎ উশাহ ল'বলৈ কষ্ট অনুভৱ কৰাত পৰিয়ালে লগে লগে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ লৈ প্ৰেৰণ কৰাত গুৱাহাটীলৈ নিয়াৰ পথত জাগীৰোডত শেষ নিঃশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে নিজ বাসগৃহত বাৰপূজীয়াত বহু শতাধিক শুভাকাংক্ষী, গুণমুগ্ধই উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।.মৃত্যুৰ সময়ত তেখেতৰ মাতৃ,পত্নী,পুত্ৰ আৰু আত্মীয় স্বজনক এৰি থৈ যায়।


বৃহত্তৰ ৰহা, বাৰপূজীয়া অঞ্চলৰে নহয়, নগাঁও, মৰিগাঁও, হোজাই গোলাঘাট, কাৰ্বিআংলং আদিৰ লগতে অসমৰ বিভিন্ন জিলাত ফুটবল খেলৰ জৰিয়তে বিশেষ ভাৱে জনপ্ৰিয় আছিল। কেৱল সেয়াই নহয় এজন বিহুৱা, ঢুলীয়াৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত অতি সৰবৰহী ব্যক্তি আছিল দেৱজিৎ। স্থানীয় ৰাইজে শিল্পী গৰাকীৰ শৱদেহ লৈ এক অন্তিম সমদল বাহিৰ কৰে আৰু বাৰপূজীয়াৰ বিভিন্ন দল, সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।  


দেৱজিৎ ডেকা দলৈৰ অকাল মৃত্যুত ৰহা বাৰপূজীয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী