--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেৱজিত ডেকা দলৈ যোৱা ২১ জুন তাৰিখৰ পৰা জ্বৰত আক্ৰান্ত আছিল। জানিব পৰা মতে তেওঁ যোৱা ২১ তাৰিখে কাৰ্বিআংলংত বেডমিণ্টন খেলিবলৈ যোৱাৰ সময়তে জ্বৰত আক্ৰান্ত হয়।

ডিজিটেল ডেস্ক: ৰহা বাৰপূজীয়াৰ উদীয়মান সৰবৰহী যুৱক, বিহুৱা, ফুটবল খেলুৱৈ দেৱজিৎ ডেকা দলৈ (জোন)ৰ শনিবাৰে দিনৰ প্ৰায় ১২ বজাত আকস্মিক বিয়োগ ঘটাত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।  


বৃহত্তৰ ৰহা, বাৰপূজীয়াৰ এজন প্ৰতিভাবান বেডমিণ্টন ,ফুটবল খেলুৱৈৰ লগতে ক্ৰিকেটাৰ, বিহুৱা, বিহু শিল্পী সন্থাৰ সদস্য তথা তিৱা জনগোষ্ঠীৰ এগৰাকী প্ৰতিভাৱান শিল্পী দেৱজিত ডেকা দলৈ যোৱা ২১ জুন তাৰিখৰ পৰা জ্বৰত আক্ৰান্ত আছিল। জানিব পৰা মতে তেওঁ যোৱা ২১ তাৰিখে কাৰ্বিআংলংত বেডমিণ্টন খেলিবলৈ যোৱাৰ সময়তে জ্বৰত আক্ৰান্ত হয়। 


শনিবাৰে পুৱা হঠাৎ উশাহ ল'বলৈ কষ্ট অনুভৱ কৰাত পৰিয়ালে লগে লগে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ লৈ প্ৰেৰণ কৰাত গুৱাহাটীলৈ নিয়াৰ পথত জাগীৰোডত শেষ নিঃশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে নিজ বাসগৃহত বাৰপূজীয়াত বহু শতাধিক শুভাকাংক্ষী, গুণমুগ্ধই উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।.মৃত্যুৰ সময়ত তেখেতৰ মাতৃ,পত্নী,পুত্ৰ আৰু আত্মীয় স্বজনক এৰি থৈ যায়।


বৃহত্তৰ ৰহা, বাৰপূজীয়া অঞ্চলৰে নহয়, নগাঁও, মৰিগাঁও, হোজাই গোলাঘাট, কাৰ্বিআংলং আদিৰ লগতে অসমৰ বিভিন্ন জিলাত ফুটবল খেলৰ জৰিয়তে বিশেষ ভাৱে জনপ্ৰিয় আছিল। কেৱল সেয়াই নহয় এজন বিহুৱা, ঢুলীয়াৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত অতি সৰবৰহী ব্যক্তি আছিল দেৱজিৎ। স্থানীয় ৰাইজে শিল্পী গৰাকীৰ শৱদেহ লৈ এক অন্তিম সমদল বাহিৰ কৰে আৰু বাৰপূজীয়াৰ বিভিন্ন দল, সংগঠনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।  


দেৱজিৎ ডেকা দলৈৰ অকাল মৃত্যুত ৰহা বাৰপূজীয়া অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী