--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ বছৰীয়া এগৰাকী যুৱতীয়ে পাৰ্ট টাইম চাকৰি বিচাৰি এখন হোটেললৈ গৈছিল। হোটেলখনত যুৱতীগৰাকীয়ে চাকৰি নহয় প্ৰেমহে বিচাৰি পাইছিল। হোটেলখনৰ  ৫৫ বছৰীয়া জেনেৰেল মেনেজাৰৰ প্ৰেমত পৰিছিল ২৫ বছৰীয়া যুৱতীগৰাকী। এতিয়া সেই প্ৰেমে ৩ বছৰ সম্পূৰ্ণ কৰিলে।  দুয়োজনে ইজনে সিজনৰ লগত থকা সময়খিনি খুব সুখেৰে ভৰা বুলি প্ৰকাশ কৰিছে। আমেৰিকাৰ জেকচন লেকৰ বাসিন্দা ২৫ বছৰীয়া চুজানা ডায়েজে ২০১৮ চনত এটা পাৰ্ট টাইম চাকৰিৰ সন্ধানত আছিল।
 সেই সময়ত চুজানাই ইউনিভাৰ্চিটিত পঢ়ি আছিল আৰু অতিৰিক্ত টকা উপাৰ্জন কৰিব বিচাৰিছিল। তেনেতে চুজানাই এখন স্থানীয় হোটেলত চাকৰি ওলোৱা বুলি খবৰ শুনিবলৈ পাইছিল। চুজানাই সেই ৰেষ্টুৰেণ্টখনলৈ গৈ ওচৰৰ বুথ এটাত চাকৰিৰ আবেদন পত্ৰ পূৰণ কৰি থাকোতেই কোনোবাই তেওঁৰ কান্ধত হাত দিয়ে। পিছলৈ ঘূৰি চাই চুজানাই ৰেষ্টুৰেণ্টখনৰ জেনেৰেল মেনেজাৰ টনি কাহানেক(৫৫) দেখা পায়। তেওঁ তালৈ সুজানাৰ সাক্ষাৎকাৰ ল'বলৈ আহিছিল। ইণ্টাৰভিউৰ কথা-বতৰাৰ সময়ত দুয়োজনে ইজনে সিজনৰ মাজত এটা সংযোগ অনুভৱ কৰিলে, সেয়ে টনিয়ে চুজানাক ফোন নম্বৰটো বিচাৰিলে। পিছদিনা চুজানাই টনিৰ পৰা এটা মেচেজ পালে। ইয়াৰ পাছতেই দুয়োজনে কথা পাতিবলৈ ধৰিলে। কিছুদিন পিছত দুয়ো ৰাতিৰ আহাৰ খাবলৈ ৰেষ্টুৰেণ্টলৈ যায়। এনেদৰেই দুয়োৰে মাজত লাহে-লাহে প্ৰেমৰ সম্পৰ্কই গঢ় লৈ উঠে।
 
 প্ৰথম অৱস্থাত চুজানাই সম্পৰ্কটো গোপন কৰি ৰাখিছিল যদিও কিছু দিনৰ পিছত টনীয়ে চুজানাক তেওঁৰ লগত শ্বিফ্ট কৰিবলৈ ক’লে। চুজানাই ভাবিলে যে এতিয়া তেওঁ মাক-দেউতাকক নিজৰ সম্পৰ্কৰ কথা ক’ব লাগিব। প্ৰথম অৱস্থাত তেওঁৰ পিতৃ-মাতৃয়ে বিশ্বাস কৰা নাছিল। কিন্তু ছোৱালীজনীৰ সুখ দেখি তেওঁলোকে টনিক পৰিয়ালৰে মানুহ যেন গণ্য কৰিবলৈ ল’লে। টনিৰ মাতৃয়েও তেওঁলোকৰ সম্পৰ্কত সন্মতি জনায়।
 অৱশ্যে টনি আৰু চুজানাৰ বন্ধু কেইজনমানে তেওঁলোকৰ সম্পৰ্কক লৈ অস্বস্তিকৰবোধ কৰিছিল। চুজানাৰ মতে নিজৰ বয়সৰ সংগীৰ লগত থকাটো ডাঙৰ কথা নহয়, এজন মানসিকভাৱে পৰিপক্ক ব্যক্তিৰ সৈতে সম্পৰ্কত থকাটোহে ডাঙৰ কথা। এতিয়া তিনি বছৰীয়া সম্পৰ্ক সম্পূৰ্ণ কৰাৰ পিছত চুজানা আৰু টনীয়ে ইজনে সিজনৰ লগত কটোৱা সময়খিনিক জীৱনক আটাইতকৈ সুখৰ মুহূৰ্ত বুলি গণ্য কৰে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ