--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ বছৰীয়া এগৰাকী যুৱতীয়ে পাৰ্ট টাইম চাকৰি বিচাৰি এখন হোটেললৈ গৈছিল। হোটেলখনত যুৱতীগৰাকীয়ে চাকৰি নহয় প্ৰেমহে বিচাৰি পাইছিল। হোটেলখনৰ  ৫৫ বছৰীয়া জেনেৰেল মেনেজাৰৰ প্ৰেমত পৰিছিল ২৫ বছৰীয়া যুৱতীগৰাকী। এতিয়া সেই প্ৰেমে ৩ বছৰ সম্পূৰ্ণ কৰিলে।  দুয়োজনে ইজনে সিজনৰ লগত থকা সময়খিনি খুব সুখেৰে ভৰা বুলি প্ৰকাশ কৰিছে। আমেৰিকাৰ জেকচন লেকৰ বাসিন্দা ২৫ বছৰীয়া চুজানা ডায়েজে ২০১৮ চনত এটা পাৰ্ট টাইম চাকৰিৰ সন্ধানত আছিল।
 সেই সময়ত চুজানাই ইউনিভাৰ্চিটিত পঢ়ি আছিল আৰু অতিৰিক্ত টকা উপাৰ্জন কৰিব বিচাৰিছিল। তেনেতে চুজানাই এখন স্থানীয় হোটেলত চাকৰি ওলোৱা বুলি খবৰ শুনিবলৈ পাইছিল। চুজানাই সেই ৰেষ্টুৰেণ্টখনলৈ গৈ ওচৰৰ বুথ এটাত চাকৰিৰ আবেদন পত্ৰ পূৰণ কৰি থাকোতেই কোনোবাই তেওঁৰ কান্ধত হাত দিয়ে। পিছলৈ ঘূৰি চাই চুজানাই ৰেষ্টুৰেণ্টখনৰ জেনেৰেল মেনেজাৰ টনি কাহানেক(৫৫) দেখা পায়। তেওঁ তালৈ সুজানাৰ সাক্ষাৎকাৰ ল'বলৈ আহিছিল। ইণ্টাৰভিউৰ কথা-বতৰাৰ সময়ত দুয়োজনে ইজনে সিজনৰ মাজত এটা সংযোগ অনুভৱ কৰিলে, সেয়ে টনিয়ে চুজানাক ফোন নম্বৰটো বিচাৰিলে। পিছদিনা চুজানাই টনিৰ পৰা এটা মেচেজ পালে। ইয়াৰ পাছতেই দুয়োজনে কথা পাতিবলৈ ধৰিলে। কিছুদিন পিছত দুয়ো ৰাতিৰ আহাৰ খাবলৈ ৰেষ্টুৰেণ্টলৈ যায়। এনেদৰেই দুয়োৰে মাজত লাহে-লাহে প্ৰেমৰ সম্পৰ্কই গঢ় লৈ উঠে।
 
 প্ৰথম অৱস্থাত চুজানাই সম্পৰ্কটো গোপন কৰি ৰাখিছিল যদিও কিছু দিনৰ পিছত টনীয়ে চুজানাক তেওঁৰ লগত শ্বিফ্ট কৰিবলৈ ক’লে। চুজানাই ভাবিলে যে এতিয়া তেওঁ মাক-দেউতাকক নিজৰ সম্পৰ্কৰ কথা ক’ব লাগিব। প্ৰথম অৱস্থাত তেওঁৰ পিতৃ-মাতৃয়ে বিশ্বাস কৰা নাছিল। কিন্তু ছোৱালীজনীৰ সুখ দেখি তেওঁলোকে টনিক পৰিয়ালৰে মানুহ যেন গণ্য কৰিবলৈ ল’লে। টনিৰ মাতৃয়েও তেওঁলোকৰ সম্পৰ্কত সন্মতি জনায়।
 অৱশ্যে টনি আৰু চুজানাৰ বন্ধু কেইজনমানে তেওঁলোকৰ সম্পৰ্কক লৈ অস্বস্তিকৰবোধ কৰিছিল। চুজানাৰ মতে নিজৰ বয়সৰ সংগীৰ লগত থকাটো ডাঙৰ কথা নহয়, এজন মানসিকভাৱে পৰিপক্ক ব্যক্তিৰ সৈতে সম্পৰ্কত থকাটোহে ডাঙৰ কথা। এতিয়া তিনি বছৰীয়া সম্পৰ্ক সম্পূৰ্ণ কৰাৰ পিছত চুজানা আৰু টনীয়ে ইজনে সিজনৰ লগত কটোৱা সময়খিনিক জীৱনক আটাইতকৈ সুখৰ মুহূৰ্ত বুলি গণ্য কৰে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি