--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাংলাদেশৰ বিতৰ্কিত লেখিকা তছলিমা নাছৰিনে এইবাৰ মুখ খুলিছে হজৰত মহম্মদ বিতৰ্ক সন্দৰ্ভত। বিজেপিৰ নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাই এটা টিভি শ্ব’ত হজৰত মহম্মদ সম্পৰ্কত অপমানজনক মন্তব্য কৰি জ্বলোৱা জুইকুৰাৰ উত্তাপ অলপো কম হোৱা দেখিবলৈ পোৱা হোৱা নাই। হজৰত মহম্মদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ নিলম্বিত নেত্ৰীগৰাকীৰ ভাষ্যক লৈ দেশে-বিদেশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

 

নূপুৰ শৰ্মাৰ মন্তব্যৰ প্ৰতিবাদত শুকুৰবাৰে দেশৰ কেইবাখনো প্ৰধান চহৰত হাজাৰ হাজাৰ ইছলামধৰ্মী লোকে একত্ৰিত প্ৰতিবাদ কৰাক লৈও তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু প্ৰতিবাদ কেৱল ভাৰততে সীমাবদ্ধ হৈ থকা নাই। আৰৱ বিশ্বৰ বিভিন্ন দেশৰ লগতে আনকি পাকিস্তান, মালয়েছিয়ায়ো ভাৰতৰ বিৰুদ্ধে বিষোদগাৰ কৰাৰ পাছত এইবাৰ এই তালিকাত চামিল হৈছে বাংলাদেশো।তাৰ মাজতে বিতৰ্কিত লেখিকাগৰাকীয়ে কৰা মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

 

এই বিতৰ্ক আৰু বিস্ফোৰক পৰিস্থিতি সম্পৰ্কত তেওঁ তিক্ত বিৰক্ত হৈ পৰা পৰিলক্ষিত হৈছে। তেওঁ টুইটাৰত লিখিছে যে, আজি হজৰত মহম্মদ যদি জীয়াই থাকিলহেঁতেন তেন্তে তেওঁ বিশ্বজুৰি ইছলামধৰ্মীৰ এই ধৰ্মান্ধতা আৰু উন্মাদনা দেখি চকিত হৈ পৰিলহেঁতেন।

 

ভাৰতৰ বিভিন্ন চহৰত ইছলামধৰ্মী লোকে একত্ৰিতভাৱে প্ৰতিবাদ কৰাৰ পাছতে এই মন্তব্য কৰে তছলিমাই। উল্লেখ্য যে, শুকুৰবাৰে মছজিদত নামাজ আদায় কৰাৰ পাছতে হাজাৰ হাজাৰ ইছলামধৰ্মী লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। দিল্লী, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, ঝাৰখণ্ড আদিত নূপুৰ শৰ্মাৰ মন্তব্যৰ বিৰোধিতাৰে সাব্যস্ত কৰা হৈছিল তীব্ৰ প্ৰতিবাদ। ঝাৰখণ্ডৰ ৰাঁচী, পশ্চিম বংগৰ হাওৰা আৰু উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰত এই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। আনহাতে বাংলাদেশৰ ৰাজধানী ঢাকাৰ লগতে আন কেইবাখনো জিলাতো নূপুৰ শৰ্মা আৰু ভাৰতবিৰোধী প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছিল। বাংলাদেশত আনকি ভাৰতক বৰ্জন কৰা তথা ১৬ জুনত ভাৰতীয় দূতাৱাস ঘেৰাও কৰাৰো হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে।

 

এই উন্মাদনাৰ বিৰোধিতাৰে তছলিমা নাছৰিনে কৰা মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, বাংলাদেশৰ পৰা আঁতৰি অহাৰ পাছত দীঘলীয়া সময় ভাৰতৰ আশ্ৰয়ত আছিল বিতৰ্কিত লেখিকাগৰাকী।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ