--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাংলাদেশৰ বিতৰ্কিত লেখিকা তছলিমা নাছৰিনে এইবাৰ মুখ খুলিছে হজৰত মহম্মদ বিতৰ্ক সন্দৰ্ভত। বিজেপিৰ নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাই এটা টিভি শ্ব’ত হজৰত মহম্মদ সম্পৰ্কত অপমানজনক মন্তব্য কৰি জ্বলোৱা জুইকুৰাৰ উত্তাপ অলপো কম হোৱা দেখিবলৈ পোৱা হোৱা নাই। হজৰত মহম্মদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ নিলম্বিত নেত্ৰীগৰাকীৰ ভাষ্যক লৈ দেশে-বিদেশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

নূপুৰ শৰ্মাৰ মন্তব্যৰ প্ৰতিবাদত শুকুৰবাৰে দেশৰ কেইবাখনো প্ৰধান চহৰত হাজাৰ হাজাৰ ইছলামধৰ্মী লোকে একত্ৰিত প্ৰতিবাদ কৰাক লৈও তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু প্ৰতিবাদ কেৱল ভাৰততে সীমাবদ্ধ হৈ থকা নাই। আৰৱ বিশ্বৰ বিভিন্ন দেশৰ লগতে আনকি পাকিস্তান, মালয়েছিয়ায়ো ভাৰতৰ বিৰুদ্ধে বিষোদগাৰ কৰাৰ পাছত এইবাৰ এই তালিকাত চামিল হৈছে বাংলাদেশো।তাৰ মাজতে বিতৰ্কিত লেখিকাগৰাকীয়ে কৰা মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

এই বিতৰ্ক আৰু বিস্ফোৰক পৰিস্থিতি সম্পৰ্কত তেওঁ তিক্ত বিৰক্ত হৈ পৰা পৰিলক্ষিত হৈছে। তেওঁ টুইটাৰত লিখিছে যে, আজি হজৰত মহম্মদ যদি জীয়াই থাকিলহেঁতেন তেন্তে তেওঁ বিশ্বজুৰি ইছলামধৰ্মীৰ এই ধৰ্মান্ধতা আৰু উন্মাদনা দেখি চকিত হৈ পৰিলহেঁতেন।

ভাৰতৰ বিভিন্ন চহৰত ইছলামধৰ্মী লোকে একত্ৰিতভাৱে প্ৰতিবাদ কৰাৰ পাছতে এই মন্তব্য কৰে তছলিমাই। উল্লেখ্য যে, শুকুৰবাৰে মছজিদত নামাজ আদায় কৰাৰ পাছতে হাজাৰ হাজাৰ ইছলামধৰ্মী লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। দিল্লী, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, ঝাৰখণ্ড আদিত নূপুৰ শৰ্মাৰ মন্তব্যৰ বিৰোধিতাৰে সাব্যস্ত কৰা হৈছিল তীব্ৰ প্ৰতিবাদ। ঝাৰখণ্ডৰ ৰাঁচী, পশ্চিম বংগৰ হাওৰা আৰু উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰত এই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। আনহাতে বাংলাদেশৰ ৰাজধানী ঢাকাৰ লগতে আন কেইবাখনো জিলাতো নূপুৰ শৰ্মা আৰু ভাৰতবিৰোধী প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছিল। বাংলাদেশত আনকি ভাৰতক বৰ্জন কৰা তথা ১৬ জুনত ভাৰতীয় দূতাৱাস ঘেৰাও কৰাৰো হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে।

এই উন্মাদনাৰ বিৰোধিতাৰে তছলিমা নাছৰিনে কৰা মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, বাংলাদেশৰ পৰা আঁতৰি অহাৰ পাছত দীঘলীয়া সময় ভাৰতৰ আশ্ৰয়ত আছিল বিতৰ্কিত লেখিকাগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ