--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ হিন্দু মন্দিৰত পুনৰ আক্ৰমণ কৰা হৈছে। পাক প্ৰদেশত সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ এনে আক্ৰমণ কোনো নতুন ঘটনা নহয়। শেহতীয়াকৈ উগ্ৰপন্থীৰ এটা দলে কৰাচীৰ সিন্ধু প্ৰদেশৰ এটা হিন্দু মন্দিৰত আক্ৰমণ কৰিছিল। আক্ৰমণত সমগ্ৰ মন্দিৰটো ধ্বংস হৈ পৰিছে। মন্দিৰৰ গৰ্ভগৃহটো ভাঙি চুৰমাৰ কৰা হল। 
খবৰ অনুসৰি, ঘটনাটো পাকিস্তানৰ বন্দৰ চহৰৰ পাঁচ নম্বৰ কোৰাংগী অঞ্চলত সংঘটিত হৈছিল। উক্ত ঘটনাটোৱে পাকিস্তানত এতিয়া আতংকৰ সৃষ্টি কৰিছে। বিশেষকৈ এতিয়া পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল আতংকিত হৈ পৰিছে।

অঞ্চলটোৰ এটা বিখ্যাত মন্দিৰ কৰাচীৰ শ্ৰী মাৰি মাতা মন্দিৰ। সেই মন্দিৰতে  জনতাই আক্ৰমণ কৰে। কেৱল মন্দিৰতে নহয়, পুৰোহিতৰ ঘৰও আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে। পাকিস্তানী আৰক্ষীয়ে এতিয়াও গোচৰটোৰ সন্দৰ্ভত কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই। আক্ৰমণৰ কাৰণো বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। 

কোৰাংগীৰ এছএইচঅ' ফাৰুক সঞ্জৰানীয়ে কয় যে স্থানীয় লোকসকলৰ বিবৃতি অনুসৰি, ঘটনাটোত ছয়ৰ পৰা আঠজন অভিযুক্ত আছে। এটা হিন্দু মন্দিৰত দলটোৱে আক্ৰমণ কৰা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে তদন্ত কৰি আছে। তেওঁ কয় যে,আটাইকেইজন অভিযুক্ত সোনকালেই সোনকালেই গ্ৰেপ্তাৰ কৰা হব।

ঘটনাটো প্ৰথম বাৰৰ বাবে নহয়, আনকি ইমৰান খান চৰকাৰৰ অধীনতো, হিন্দু মন্দিৰসমূহত বাৰে বাৰে আক্ৰমণ হৈছিল। ইয়াৰ পূৰ্বে, খাইবাৰ পাখতুনখোৱাত এটা মন্দিৰ ধ্বংস কৰাৰ বাবে মানৱ অধিকাৰ সংগঠনসমূহৰ হেঁচাত পাকিস্তানে এটা উগ্ৰ ইছলামবাদী গোটৰ বিৰুদ্ধে কঠিন ব্যৱস্থা ল'বলৈ বাধ্য হৈছিল। চৰকাৰৰ নিৰ্দেশত, ঘটনাটোৰ লগত জড়িত ৩০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে