--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ হিন্দু মন্দিৰত পুনৰ আক্ৰমণ কৰা হৈছে। পাক প্ৰদেশত সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ এনে আক্ৰমণ কোনো নতুন ঘটনা নহয়। শেহতীয়াকৈ উগ্ৰপন্থীৰ এটা দলে কৰাচীৰ সিন্ধু প্ৰদেশৰ এটা হিন্দু মন্দিৰত আক্ৰমণ কৰিছিল। আক্ৰমণত সমগ্ৰ মন্দিৰটো ধ্বংস হৈ পৰিছে। মন্দিৰৰ গৰ্ভগৃহটো ভাঙি চুৰমাৰ কৰা হল। 
খবৰ অনুসৰি, ঘটনাটো পাকিস্তানৰ বন্দৰ চহৰৰ পাঁচ নম্বৰ কোৰাংগী অঞ্চলত সংঘটিত হৈছিল। উক্ত ঘটনাটোৱে পাকিস্তানত এতিয়া আতংকৰ সৃষ্টি কৰিছে। বিশেষকৈ এতিয়া পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল আতংকিত হৈ পৰিছে।

অঞ্চলটোৰ এটা বিখ্যাত মন্দিৰ কৰাচীৰ শ্ৰী মাৰি মাতা মন্দিৰ। সেই মন্দিৰতে  জনতাই আক্ৰমণ কৰে। কেৱল মন্দিৰতে নহয়, পুৰোহিতৰ ঘৰও আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলটোৱে। পাকিস্তানী আৰক্ষীয়ে এতিয়াও গোচৰটোৰ সন্দৰ্ভত কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই। আক্ৰমণৰ কাৰণো বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। 

কোৰাংগীৰ এছএইচঅ' ফাৰুক সঞ্জৰানীয়ে কয় যে স্থানীয় লোকসকলৰ বিবৃতি অনুসৰি, ঘটনাটোত ছয়ৰ পৰা আঠজন অভিযুক্ত আছে। এটা হিন্দু মন্দিৰত দলটোৱে আক্ৰমণ কৰা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে তদন্ত কৰি আছে। তেওঁ কয় যে,আটাইকেইজন অভিযুক্ত সোনকালেই সোনকালেই গ্ৰেপ্তাৰ কৰা হব।

ঘটনাটো প্ৰথম বাৰৰ বাবে নহয়, আনকি ইমৰান খান চৰকাৰৰ অধীনতো, হিন্দু মন্দিৰসমূহত বাৰে বাৰে আক্ৰমণ হৈছিল। ইয়াৰ পূৰ্বে, খাইবাৰ পাখতুনখোৱাত এটা মন্দিৰ ধ্বংস কৰাৰ বাবে মানৱ অধিকাৰ সংগঠনসমূহৰ হেঁচাত পাকিস্তানে এটা উগ্ৰ ইছলামবাদী গোটৰ বিৰুদ্ধে কঠিন ব্যৱস্থা ল'বলৈ বাধ্য হৈছিল। চৰকাৰৰ নিৰ্দেশত, ঘটনাটোৰ লগত জড়িত ৩০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ