--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি, দেশত সংঘটিত হৈ থকা অবর্ণনীয় আকস্মিক মৃত্যুসমূহৰ বিষয়ত দেশত বিভিন্ন সংস্থাৰ জৰিয়তে অনুসন্ধান চলাই থকা হৈছে

ডিজিটেল ডেস্ক: দেশত আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।


ইয়াৰ মাজতে ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে (আই চি এম আৰ) আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই (এন চি ডি চি) চলোৱা এটা অধ্যয়নৰ প্ৰতিবেদনত কোৱা হৈছে যে দেশত হৈ থকা আকস্মিক মৃত্যুৰ সৈতে কভিড-১৯ৰ টিকাকৰণৰ কোনো প্রত্যক্ষ সংযোগ নাই।


 কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি, দেশত সংঘটিত হৈ থকা অবর্ণনীয় আকস্মিক মৃত্যুসমূহৰ বিষয়ত দেশত বিভিন্ন সংস্থাৰ জৰিয়তে অনুসন্ধান চলাই থকা হৈছে। আনহাতে দেশৰ দুয়োটা সংস্থাই চলোৱা অধ্যয়নত শেহতীয়াকৈ প্রকাশ পাইছে যে কভিড-১৯ৰ টিকাকৰণৰ সৈতে দেশত সংঘটিত হৈ থকা আকস্মিক মৃত্যুৰ কোনো প্রত্যক্ষ সংযোগ নাই। আই চি এম আৰ আৰু এন চি ডি চিৰ অধ্যয়নত প্ৰকাশ কৰা অনুসৰি ভাৰতত কভিড-১৯ টিকা হৈছে নিৰাপদ আৰু ফলপ্রসূ। এই টিকাৰ পৰা গুৰুতৰ পার্শ্বক্ৰিয়া হোৱাৰ বিৰল উদাহৰণহে পোৱা গৈছে।


আনহাতে, সংস্থাটোৰ অধ্যয়নত প্রকাশ পোৱা অনুসৰি, শেহতীয়াকৈ আকস্মিকভাৱে হৃদক্রিয়া বন্ধ হৈ ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। এই আকস্মিক হৃদৰোগৰ কাৰক হিচাপে জন্মগতভাৱে হোৱা, জীৱনশৈলী, পূৰ্বৰে পৰা হৃদৰোগত আক্রান্ত আৰু কভিডোত্তৰ সমস্যা আদিক চিনাক্ত কৰা হৈছে বুলি অধ্যয়ন দুটাত প্রকাশ পাইছে। আইচি এম আৰ আৰু এন চি ডি চিয়ে কয় যে এই আকস্মিক মৃত্যুসমূহৰ কাৰক বিচাৰি উলিয়াবলৈ সংস্থা দুটাই একেলগে কাম কৰি আছে।


বিশেষকৈ ১৮ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ ব্যক্তিসকলৰ আকস্মিকভাৱে হৃদক্রিয়া বন্ধ হৈ মৃত্যু হৈছে। আনহাতে, কর্ণাটকৰ হাছান জিলাত হৃদৰোগত আক্রান্ত হৈ আকস্মিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। এই বিষয়ত সমগ্র ৰাজ্যখনতে উদ্বেগৰ সৃষ্টি হৈছে। এতিয়া ৰাজ্যখনত হৃদৰোগৰ পৰীক্ষণৰ বাবে সমগ্র চিকিৎসালয়সমূহত জনতাই ভিৰ কৰিছে। হাছান জিলাত যোৱা ৪০ দিনৰ ভিতৰত ২৩জন লোকৰ আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। ইফালে, হাছানত হৃদৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যু হোৱা বিষয়টোৰ কাৰণ উলিয়াবলৈ হাছানৰ জিলা আযুক্তই এখন ছজনীয়া সমিতি গঠন কৰি দিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে