--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি, দেশত সংঘটিত হৈ থকা অবর্ণনীয় আকস্মিক মৃত্যুসমূহৰ বিষয়ত দেশত বিভিন্ন সংস্থাৰ জৰিয়তে অনুসন্ধান চলাই থকা হৈছে

ডিজিটেল ডেস্ক: দেশত আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।


ইয়াৰ মাজতে ভাৰতীয় স্বাস্থ্য গৱেষণা পৰিষদে (আই চি এম আৰ) আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই (এন চি ডি চি) চলোৱা এটা অধ্যয়নৰ প্ৰতিবেদনত কোৱা হৈছে যে দেশত হৈ থকা আকস্মিক মৃত্যুৰ সৈতে কভিড-১৯ৰ টিকাকৰণৰ কোনো প্রত্যক্ষ সংযোগ নাই।


 কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি, দেশত সংঘটিত হৈ থকা অবর্ণনীয় আকস্মিক মৃত্যুসমূহৰ বিষয়ত দেশত বিভিন্ন সংস্থাৰ জৰিয়তে অনুসন্ধান চলাই থকা হৈছে। আনহাতে দেশৰ দুয়োটা সংস্থাই চলোৱা অধ্যয়নত শেহতীয়াকৈ প্রকাশ পাইছে যে কভিড-১৯ৰ টিকাকৰণৰ সৈতে দেশত সংঘটিত হৈ থকা আকস্মিক মৃত্যুৰ কোনো প্রত্যক্ষ সংযোগ নাই। আই চি এম আৰ আৰু এন চি ডি চিৰ অধ্যয়নত প্ৰকাশ কৰা অনুসৰি ভাৰতত কভিড-১৯ টিকা হৈছে নিৰাপদ আৰু ফলপ্রসূ। এই টিকাৰ পৰা গুৰুতৰ পার্শ্বক্ৰিয়া হোৱাৰ বিৰল উদাহৰণহে পোৱা গৈছে।


আনহাতে, সংস্থাটোৰ অধ্যয়নত প্রকাশ পোৱা অনুসৰি, শেহতীয়াকৈ আকস্মিকভাৱে হৃদক্রিয়া বন্ধ হৈ ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। এই আকস্মিক হৃদৰোগৰ কাৰক হিচাপে জন্মগতভাৱে হোৱা, জীৱনশৈলী, পূৰ্বৰে পৰা হৃদৰোগত আক্রান্ত আৰু কভিডোত্তৰ সমস্যা আদিক চিনাক্ত কৰা হৈছে বুলি অধ্যয়ন দুটাত প্রকাশ পাইছে। আইচি এম আৰ আৰু এন চি ডি চিয়ে কয় যে এই আকস্মিক মৃত্যুসমূহৰ কাৰক বিচাৰি উলিয়াবলৈ সংস্থা দুটাই একেলগে কাম কৰি আছে।


বিশেষকৈ ১৮ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ ব্যক্তিসকলৰ আকস্মিকভাৱে হৃদক্রিয়া বন্ধ হৈ মৃত্যু হৈছে। আনহাতে, কর্ণাটকৰ হাছান জিলাত হৃদৰোগত আক্রান্ত হৈ আকস্মিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। এই বিষয়ত সমগ্র ৰাজ্যখনতে উদ্বেগৰ সৃষ্টি হৈছে। এতিয়া ৰাজ্যখনত হৃদৰোগৰ পৰীক্ষণৰ বাবে সমগ্র চিকিৎসালয়সমূহত জনতাই ভিৰ কৰিছে। হাছান জিলাত যোৱা ৪০ দিনৰ ভিতৰত ২৩জন লোকৰ আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। ইফালে, হাছানত হৃদৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যু হোৱা বিষয়টোৰ কাৰণ উলিয়াবলৈ হাছানৰ জিলা আযুক্তই এখন ছজনীয়া সমিতি গঠন কৰি দিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ