--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৰ্থনৈতিক লক্ষ্য পূৰণৰ দিশত পুনৰ পিছ পৰিল ভাৰত। ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰে মন্থৰ ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত দেশে অৰ্থনৈতিক স্থিতি হাচিল কৰাৰ যি লক্ষ্য নিৰূপন কৰিছিল তাতো পিছ হুহকিবলৈ বাধ্য হৈ পৰিছে। ৫ ত্ৰিলয়ন ডলাৰৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চলোৱা ভাৰতৰ প্ৰচেষ্টা এতিয়া স্তিমিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, বিশ্ব বেংক, আইএমএফৰ দৰে সংস্থাই ভাৰতৰ জিডিপি বিকাশৰ হাৰ হ্ৰাস হ’ব বুলি ধাৰণা কৰিছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতে পূ্ৰ্বে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাত পলম হ’ব বুলি স্পষ্ট হৈ পৰিছে।      

এই পৰিস্থিতিৰ প্ৰসংগত দেশৰ মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতাই কৰা মন্তব্যক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেন্দ্ৰৰ বিৰুদ্ধে পুনৰ হৈ পৰিছে দেশৰ প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমে। কেন্দ্ৰৰ ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ প্ৰসংগক লৈ কটাক্ষ কৰিছে চিদাম্বৰমে। তেওঁ কয় যে, ৫ ত্ৰিলিয়ন ডলাৰৰ জিডিপিৰ লক্ষ্য ‘শ্বিফটিং গোলপোষ্ট’ নিচিনা চিহ্নিত হৈছে। কেন্দ্ৰীয় চৰকাৰে ২০২৩-২৪ চনত এই স্থানত উপনীত হোৱাৰ বাবে লক্ষ্য স্থিৰ কৰিছিল যদিও আমি এতিয়া তাৰে কাষে-পাঁজৰেও নাই।

তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে, দেশৰ মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা অনন্ত নাগেশ্বৰে আইএমএফৰ পূৰ্বানুমানৰ প্ৰসংগ উত্থাপন কৰি কৈছিল যে, ভাৰতীয় অৰ্থনীতিয়ে ২০২৬-২৭ চনলৈ ৫ ত্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিব। ভাৰতৰ জিডিপিয়ে ইতিমধ্যয়েই ৩ ত্ৰিলিয়ন ডলাৰৰ লক্ষ্য অতিক্ৰম কৰিছে। ২০২৩ চনৰ পৰা ২০২৭ চনলৈ ভাৰতৰ এই পশ্চাৎগমনক বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰিছে চিদাম্বৰমে।

তেওঁ এটা টুইটযোগে শুকুৰবাৰে প্ৰকাশ কৰে যে, ‘কেন্দ্ৰৰ ৫ ত্ৰিলিয়ন ডলাৰৰ জিডিপিৰ লক্ষ্য ‘শ্বিফটিং গোলপোষ্ট’ৰ দৰে হৈ পৰা যেন ধাৰণা হৈছে। মূল লক্ষ্য বৰ্ষ ২০২৩-২৪ চন আছিল। এতিয়া মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতাই এই লক্ষ্য আমি ২০২৭লৈ পূৰণ কৰিম। তেওঁ এই প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীকো কটাক্ষ

উল্লেখ্য যে, বিত্ত মন্ত্ৰালয়ৰ 'আজাদী কা অমৃত মহোৎসৱ'ৰ প্ৰতিষ্ঠিত সপ্তাহ উদযাপনত ভাষণ দি মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে যোৱা সপ্তাহত কৈছিল যে আইএমএফে ২০২৬-২৭ বৰ্ষৰ ভিতৰত ভাৰতীয় অৰ্থনীতিক ৫ ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিব বুলি অনুমান কৰিছে। মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ বক্তব্যৰ পাছতেই পি চিদাম্বৰমে জিডিপিক লৈ চৰকাৰক সমালোচনা কৰিছে। উল্লখ্য যে, অৰ্থনৈতিক বিকাশৰ প্ৰসংগত সততে সৰৱ হৈ থকা চিদাম্বৰমে ইয়াৰ এই মাহৰ আৰম্ভণিতে কৈছিল যে,  ত্ৰৈমাসিকৰ সৈতে দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ দুৰ্বল হৈ আহিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে