--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অৰ্থনৈতিক লক্ষ্য পূৰণৰ দিশত পুনৰ পিছ পৰিল ভাৰত। ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰে মন্থৰ ৰূপ লোৱাৰ পৰিপ্ৰেক্ষিতত দেশে অৰ্থনৈতিক স্থিতি হাচিল কৰাৰ যি লক্ষ্য নিৰূপন কৰিছিল তাতো পিছ হুহকিবলৈ বাধ্য হৈ পৰিছে। ৫ ত্ৰিলয়ন ডলাৰৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চলোৱা ভাৰতৰ প্ৰচেষ্টা এতিয়া স্তিমিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, বিশ্ব বেংক, আইএমএফৰ দৰে সংস্থাই ভাৰতৰ জিডিপি বিকাশৰ হাৰ হ্ৰাস হ’ব বুলি ধাৰণা কৰিছে। এনে পৰিপ্ৰেক্ষিতত ভাৰতে পূ্ৰ্বে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাত পলম হ’ব বুলি স্পষ্ট হৈ পৰিছে।      

এই পৰিস্থিতিৰ প্ৰসংগত দেশৰ মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতাই কৰা মন্তব্যক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেন্দ্ৰৰ বিৰুদ্ধে পুনৰ হৈ পৰিছে দেশৰ প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমে। কেন্দ্ৰৰ ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ প্ৰসংগক লৈ কটাক্ষ কৰিছে চিদাম্বৰমে। তেওঁ কয় যে, ৫ ত্ৰিলিয়ন ডলাৰৰ জিডিপিৰ লক্ষ্য ‘শ্বিফটিং গোলপোষ্ট’ নিচিনা চিহ্নিত হৈছে। কেন্দ্ৰীয় চৰকাৰে ২০২৩-২৪ চনত এই স্থানত উপনীত হোৱাৰ বাবে লক্ষ্য স্থিৰ কৰিছিল যদিও আমি এতিয়া তাৰে কাষে-পাঁজৰেও নাই।

তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে, দেশৰ মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা অনন্ত নাগেশ্বৰে আইএমএফৰ পূৰ্বানুমানৰ প্ৰসংগ উত্থাপন কৰি কৈছিল যে, ভাৰতীয় অৰ্থনীতিয়ে ২০২৬-২৭ চনলৈ ৫ ত্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিব। ভাৰতৰ জিডিপিয়ে ইতিমধ্যয়েই ৩ ত্ৰিলিয়ন ডলাৰৰ লক্ষ্য অতিক্ৰম কৰিছে। ২০২৩ চনৰ পৰা ২০২৭ চনলৈ ভাৰতৰ এই পশ্চাৎগমনক বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰিছে চিদাম্বৰমে।

তেওঁ এটা টুইটযোগে শুকুৰবাৰে প্ৰকাশ কৰে যে, ‘কেন্দ্ৰৰ ৫ ত্ৰিলিয়ন ডলাৰৰ জিডিপিৰ লক্ষ্য ‘শ্বিফটিং গোলপোষ্ট’ৰ দৰে হৈ পৰা যেন ধাৰণা হৈছে। মূল লক্ষ্য বৰ্ষ ২০২৩-২৪ চন আছিল। এতিয়া মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতাই এই লক্ষ্য আমি ২০২৭লৈ পূৰণ কৰিম। তেওঁ এই প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীকো কটাক্ষ

উল্লেখ্য যে, বিত্ত মন্ত্ৰালয়ৰ 'আজাদী কা অমৃত মহোৎসৱ'প্ৰতিষ্ঠিত সপ্তাহ উদযাপনত ভাষণ দি মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে যোৱা সপ্তাহত কৈছিল যে আইএমএফে ২০২৬-২৭ বৰ্ষৰ ভিতৰত ভাৰতীয় অৰ্থনীতিক ৫ ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিব বুলি অনুমান কৰিছে। মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ বক্তব্যৰ পাতেই পি চিদাম্বৰমে জিডিপিক লৈ চৰকাৰক সমালোচনা কৰিছে। উল্লখ্য যে, অৰ্থনৈতিক বিকাশৰ প্ৰসংগত সততে সৰৱ হৈ থকা চিদাম্বৰমে ইয়াৰ এই মাহৰ আৰম্ভণিতে কৈছিল যে,  ত্ৰৈমাসিকৰ সৈতে দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ দুৰ্বল হৈ আহিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ