--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কিছুদিন পূর্বে অহা এই আবতৰীয়া শীতৰ বাবেই হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ পাহাৰীয়া ওখ অঞ্চলবোৰত প্ৰবল তুষাৰপাত হৈছে। বৰফৰ শুভ্র আচ্ছাদনে আৱৰি ধৰিছে হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ বিস্তীর্ণ অঞ্চল।

ডিজিটেল ডেস্কঃ দেশত সংগোপনে আবতৰীয়া শীতে প্রৱেশ কৰিছে। দিল্লী-এন চি আৰত পুৱাই পুৱাই শীতৰ কোমল আবেশে সকলোকে আমেজ দিবলৈ আৰম্ভ কৰিছে। প্রাতঃভ্ৰমণৰ বাবে ওলাই অহা লোকসকলৰ পৰা অফিচ-কাছাৰীলৈ যোৱা লোকসকলেও বৰ্তমানৰ পুৱাৰ সময়ত অনুভৱ কৰিছে শীতৰ কোমল আৱেশ। 


কিছুদিন পূর্বে অহা এই আবতৰীয়া শীতৰ বাবেই হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ পাহাৰীয়া ওখ অঞ্চলবোৰত প্ৰবল তুষাৰপাত হৈছে। বৰফৰ শুভ্র আচ্ছাদনে আৱৰি ধৰিছে হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ বিস্তীর্ণ অঞ্চল। দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত আবতৰীয়া শীতৰ আগমনে তাপমাত্রা নিম্নগামী কৰিছে। এই আবতৰীয়া শীতৰ আগমনে দেশত এইবাৰ শীতৰ প্রকোপ বৃদ্ধি কৰাৰ আশংকা কৰা হৈছে। 


যোৱা সপ্তাহত জম্মু-কাশ্মীৰৰ শ্রীনগৰত নিৰ্ধাৰিত সময়ৰ পূৰ্বেই প্রবল তৃষাৰপাত হয়। ইয়াৰ পাছতে কেন্দ্রীয় শাসিত ৰাজ্যখনত তাপমাত্রা হ্রাস পায়। তদুপৰি, হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত প্রবল তুষাৰপাত হয়। 


ইফালে, হিমাচল প্রদেশ আৰু পঞ্জাবতো তাপমান হ্রাস পাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা অনুসৰি, বৰ্তমানৰ বতৰৰ পৰিস্থিতি আৰু আহি থকা দিনবোৰত বতৰৰ পূর্বানুমানে সূচাইছে যে মধ্য আৰু পূব প্রশান্ত মহাসাগৰত সাগৰীয় জলভাগত তাপমান হ্রাস হোৱাৰ বাবেই লা-নিনা পৰিস্থিতিৰ সৃষ্টি হৈছে। 


আনহাতে, লা-নিনা জলবায়ু পৰিঘটনাৰ বাবে ভাৰতত শীতকাল আগতীয়াকৈ আহিছে। লা-নিনা পৰিঘটনাৰ বাবে বতাহ তীব্র গতিত আহে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আই এম ডি) মতে, লা-নিনাৰ বাবে ভাৰতৰ বিভিন্ন অঞ্চলত, বিশেষকৈ উত্তৰ আৰু পূব ভাৰতত শীতৰ প্রকোপ বৃদ্ধি হ'ব। আনহাতে, হিমালয়ান অঞ্চলৰ ৰাজ্যসমূহত প্রবল তুষাৰপাত হ'ব। আই এম ডিয়ে দেশৰ অধিকাংশ অঞ্চলত অক্টোবৰ মাহত পাতলীয়া বৰষুণৰ আগজাননী দিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?