--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কিছুদিন পূর্বে অহা এই আবতৰীয়া শীতৰ বাবেই হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ পাহাৰীয়া ওখ অঞ্চলবোৰত প্ৰবল তুষাৰপাত হৈছে। বৰফৰ শুভ্র আচ্ছাদনে আৱৰি ধৰিছে হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ বিস্তীর্ণ অঞ্চল।

ডিজিটেল ডেস্কঃ দেশত সংগোপনে আবতৰীয়া শীতে প্রৱেশ কৰিছে। দিল্লী-এন চি আৰত পুৱাই পুৱাই শীতৰ কোমল আবেশে সকলোকে আমেজ দিবলৈ আৰম্ভ কৰিছে। প্রাতঃভ্ৰমণৰ বাবে ওলাই অহা লোকসকলৰ পৰা অফিচ-কাছাৰীলৈ যোৱা লোকসকলেও বৰ্তমানৰ পুৱাৰ সময়ত অনুভৱ কৰিছে শীতৰ কোমল আৱেশ। 


কিছুদিন পূর্বে অহা এই আবতৰীয়া শীতৰ বাবেই হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ পাহাৰীয়া ওখ অঞ্চলবোৰত প্ৰবল তুষাৰপাত হৈছে। বৰফৰ শুভ্র আচ্ছাদনে আৱৰি ধৰিছে হিমাচল প্রদেশ আৰু জম্মু-কাশ্মীৰৰ বিস্তীর্ণ অঞ্চল। দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত আবতৰীয়া শীতৰ আগমনে তাপমাত্রা নিম্নগামী কৰিছে। এই আবতৰীয়া শীতৰ আগমনে দেশত এইবাৰ শীতৰ প্রকোপ বৃদ্ধি কৰাৰ আশংকা কৰা হৈছে। 


যোৱা সপ্তাহত জম্মু-কাশ্মীৰৰ শ্রীনগৰত নিৰ্ধাৰিত সময়ৰ পূৰ্বেই প্রবল তৃষাৰপাত হয়। ইয়াৰ পাছতে কেন্দ্রীয় শাসিত ৰাজ্যখনত তাপমাত্রা হ্রাস পায়। তদুপৰি, হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত প্রবল তুষাৰপাত হয়। 


ইফালে, হিমাচল প্রদেশ আৰু পঞ্জাবতো তাপমান হ্রাস পাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা অনুসৰি, বৰ্তমানৰ বতৰৰ পৰিস্থিতি আৰু আহি থকা দিনবোৰত বতৰৰ পূর্বানুমানে সূচাইছে যে মধ্য আৰু পূব প্রশান্ত মহাসাগৰত সাগৰীয় জলভাগত তাপমান হ্রাস হোৱাৰ বাবেই লা-নিনা পৰিস্থিতিৰ সৃষ্টি হৈছে। 


আনহাতে, লা-নিনা জলবায়ু পৰিঘটনাৰ বাবে ভাৰতত শীতকাল আগতীয়াকৈ আহিছে। লা-নিনা পৰিঘটনাৰ বাবে বতাহ তীব্র গতিত আহে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আই এম ডি) মতে, লা-নিনাৰ বাবে ভাৰতৰ বিভিন্ন অঞ্চলত, বিশেষকৈ উত্তৰ আৰু পূব ভাৰতত শীতৰ প্রকোপ বৃদ্ধি হ'ব। আনহাতে, হিমালয়ান অঞ্চলৰ ৰাজ্যসমূহত প্রবল তুষাৰপাত হ'ব। আই এম ডিয়ে দেশৰ অধিকাংশ অঞ্চলত অক্টোবৰ মাহত পাতলীয়া বৰষুণৰ আগজাননী দিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক