--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযেন পৰিয়াল পৰিকল্পনাৰ প্ৰতি মুঠেও গুৰুত্ব নাই বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ ভিতৰৰে অন্যতম ইলন মাস্কৰ। সেয়ে তেওঁৰ বৰ্তমান সন্তানৰ সংখ্যা হৈছে গৈ ৯ টা। এই তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে এখন মাৰ্কিন আদালতত দাখিল কৰা আবেদনৰ পৰা। মন কৰিবলগীয়া কথাটো হ’ল এয়াই যে মাস্কৰ দুটাকৈ সন্তান জন্ম দিছে তেওঁৰেই কোম্পানীৰ এগৰাকী কৰ্মচাৰীয়ে।

 ২০২১ চনত ইলন মাস্কৰ কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয়  কোম্পানী নিউৰালিংকৰ এজন শীৰ্ষ কাৰ্যবাহী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল শিৱন জিলিছ নামৰ ৩৬ বছৰীয়া কৰ্মচাৰী গৰাকীয়ে। মূলতঃ কানাডাৰ বাসিন্দা জিলিছে পৰৱৰ্তী সময়ত কামৰ সন্ধানত ছান ফ্ৰান্সিকোলৈ আহিছিল আৰু মাস্কৰ কোম্পানীত যোগদান কৰিছিল।

 জিলিন আৰু মাস্কৰ সম্পৰ্কৰ কথা সময়ত সকলোৱে জনা হৈ পৰিছিল। সেই জিলিনেই মাস্কৰ দুটাকৈ যমজ সন্তান জন্ম দিয়াৰ তথ্য পোৱা গৈছে। ইয়াকেলৈ মাস্কৰ মুঠ সন্তানৰ সংখ্যা হৈছে গৈ ৯ টা। সেই সন্তানবোৰৰ ভিতৰত আছে মাস্কৰ প্ৰথমা পত্নী জাষ্টিন মাস্কৰ  পাঁচটা সন্তান, আৰু গায়ক ক্লেয়াৰ বাউচাৰে জন্ম দিয়া দুটা সন্তান। 

 শেহতীয়াকৈ  ইলন মাস্ক আৰু জিলিছে তেওঁলোকৰ যমজ সন্তানৰ নাম সলনি কৰি  মাকৰ অন্তিম নামটো সন্তানৰ নামৰ মাজত  অন্তৰ্ভূক্ত কৰিবলৈ আদালতত আবেদন জনাইছে।  এনে আবেদনৰ পিছতে জিলিনে মাস্কৰ যমজ সন্তান জন্ম দিয়াৰ কথাটো পোহৰলৈ আহিছে।


মাৰ্কিন সংবাদমাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১ চনৰ নৱেম্বৰ মাহত জিলিনে যমজ সন্তান জন্ম দিছিল।  ৩৬ বছৰীয়া জিলিছৰ জন্ম কানাডাত হৈছিল আৰু আইবিএমত কাম কৰাৰ আগতে ইয়েলত অৰ্থনীতি আৰু দৰ্শন বিষয়ত অধ্যয়ন কৰিছিল আৰু পিছত ব্লুমবাৰ্গ বেটাত অধ্যয়ন কৰিছিল। জিলিছে মাস্কৰ নিউৰোটেকন'লজী ফাৰ্ম নিউৰালিংকত সঞ্চালন আৰু বিশেষ প্ৰকল্পৰ সঞ্চালক হিচাপে কৰ্তব্যৰত আছিল। 

 ৯ টাকৈ সন্তানৰ পিতৃ হোৱা মাস্কে তাহানিৰে পৰাই অধিক সন্তান জন্ম দিয়াৰ সপক্ষে মত পোষণ কৰি আহিছে।  ৪৪  বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয়ৰ চুক্তি কৰা মাস্কে  টুইটাৰ কৈছিল ’যদি মানুহৰ অধিক সন্তান নাথাকে তেন্তে সভ্যতা ভাঙি পৰিব’ । 

টুইটাৰৰ সৈতে ক্ৰয়ৰ চুক্তি কৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে।এলন মাস্কে বিশ্বৰ অতি জনপ্ৰিয় ছ’চিয়েল মিডিয়াৰ মাধ্যম টুইটাৰ ক্ৰয়ৰ চুক্তি কৰাৰ পিছত বিশ্বত বহু সমাদৃত পানীয় প্ৰস্তুতকাৰী প্ৰতিষ্ঠান কোকা-কোলা ক্ৰয় কৰিবলৈ মন মেলিছে। এলন মাস্কে তেওঁৰ টুইটাৰত এই ইচ্ছাৰ কথা ব্যক্ত কৰিছিল।মাস্কে টুইটত কৈছিল , “কোকা-কোলা ক্ৰয় কৰিব বিচাৰো যাতে কোকেইন বিধ পুনৰ ওভতাই আনিব পাৰি”।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি