--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযেন পৰিয়াল পৰিকল্পনাৰ প্ৰতি মুঠেও গুৰুত্ব নাই বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ ভিতৰৰে অন্যতম ইলন মাস্কৰ। সেয়ে তেওঁৰ বৰ্তমান সন্তানৰ সংখ্যা হৈছে গৈ ৯ টা। এই তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে এখন মাৰ্কিন আদালতত দাখিল কৰা আবেদনৰ পৰা। মন কৰিবলগীয়া কথাটো হ’ল এয়াই যে মাস্কৰ দুটাকৈ সন্তান জন্ম দিছে তেওঁৰেই কোম্পানীৰ এগৰাকী কৰ্মচাৰীয়ে।

 ২০২১ চনত ইলন মাস্কৰ কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয়  কোম্পানী নিউৰালিংকৰ এজন শীৰ্ষ কাৰ্যবাহী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল শিৱন জিলিছ নামৰ ৩৬ বছৰীয়া কৰ্মচাৰী গৰাকীয়ে। মূলতঃ কানাডাৰ বাসিন্দা জিলিছে পৰৱৰ্তী সময়ত কামৰ সন্ধানত ছান ফ্ৰান্সিকোলৈ আহিছিল আৰু মাস্কৰ কোম্পানীত যোগদান কৰিছিল।

 জিলিন আৰু মাস্কৰ সম্পৰ্কৰ কথা সময়ত সকলোৱে জনা হৈ পৰিছিল। সেই জিলিনেই মাস্কৰ দুটাকৈ যমজ সন্তান জন্ম দিয়াৰ তথ্য পোৱা গৈছে। ইয়াকেলৈ মাস্কৰ মুঠ সন্তানৰ সংখ্যা হৈছে গৈ ৯ টা। সেই সন্তানবোৰৰ ভিতৰত আছে মাস্কৰ প্ৰথমা পত্নী জাষ্টিন মাস্কৰ  পাঁচটা সন্তান, আৰু গায়ক ক্লেয়াৰ বাউচাৰে জন্ম দিয়া দুটা সন্তান। 

 শেহতীয়াকৈ  ইলন মাস্ক আৰু জিলিছে তেওঁলোকৰ যমজ সন্তানৰ নাম সলনি কৰি  মাকৰ অন্তিম নামটো সন্তানৰ নামৰ মাজত  অন্তৰ্ভূক্ত কৰিবলৈ আদালতত আবেদন জনাইছে।  এনে আবেদনৰ পিছতে জিলিনে মাস্কৰ যমজ সন্তান জন্ম দিয়াৰ কথাটো পোহৰলৈ আহিছে।


মাৰ্কিন সংবাদমাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১ চনৰ নৱেম্বৰ মাহত জিলিনে যমজ সন্তান জন্ম দিছিল।  ৩৬ বছৰীয়া জিলিছৰ জন্ম কানাডাত হৈছিল আৰু আইবিএমত কাম কৰাৰ আগতে ইয়েলত অৰ্থনীতি আৰু দৰ্শন বিষয়ত অধ্যয়ন কৰিছিল আৰু পিছত ব্লুমবাৰ্গ বেটাত অধ্যয়ন কৰিছিল। জিলিছে মাস্কৰ নিউৰোটেকন'লজী ফাৰ্ম নিউৰালিংকত সঞ্চালন আৰু বিশেষ প্ৰকল্পৰ সঞ্চালক হিচাপে কৰ্তব্যৰত আছিল। 

 ৯ টাকৈ সন্তানৰ পিতৃ হোৱা মাস্কে তাহানিৰে পৰাই অধিক সন্তান জন্ম দিয়াৰ সপক্ষে মত পোষণ কৰি আহিছে।  ৪৪  বিলিয়ন মাৰ্কিন ডলাৰত টুইটাৰ ক্ৰয়ৰ চুক্তি কৰা মাস্কে  টুইটাৰ কৈছিল ’যদি মানুহৰ অধিক সন্তান নাথাকে তেন্তে সভ্যতা ভাঙি পৰিব’ । 

টুইটাৰৰ সৈতে ক্ৰয়ৰ চুক্তি কৰা বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাবে পৰিগণিত হৈছে।এলন মাস্কে বিশ্বৰ অতি জনপ্ৰিয় ছ’চিয়েল মিডিয়াৰ মাধ্যম টুইটাৰ ক্ৰয়ৰ চুক্তি কৰাৰ পিছত বিশ্বত বহু সমাদৃত পানীয় প্ৰস্তুতকাৰী প্ৰতিষ্ঠান কোকা-কোলা ক্ৰয় কৰিবলৈ মন মেলিছে। এলন মাস্কে তেওঁৰ টুইটাৰত এই ইচ্ছাৰ কথা ব্যক্ত কৰিছিল।মাস্কে টুইটত কৈছিল , “কোকা-কোলা ক্ৰয় কৰিব বিচাৰো যাতে কোকেইন বিধ পুনৰ ওভতাই আনিব পাৰি”।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক