--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইলন মাস্ক নিজৰ অদ্ভুত সিদ্ধান্তৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। নিজৰ সিদ্ধান্তৰে সমগ্ৰ বিশ্বতে চাঞ্চল্য সৃষ্টি কৰাটো মাস্কৰ অভ্যাস। বিশ্বৰ আটাইতকৈ ধনী মানুহজনে প্ৰথমে টুইটাৰ কিনিলে, তাৰ পিছত নিজৰ নীলা চৰাইজৰ পাখি কাটি টুইটাৰৰ নাম সলনি কৰি এক্স কৰিলে আৰু এতিয়া এক্স বিক্ৰী কৰিলে। 


হয়,মাস্কে নিজৰ মাইক্ৰ’ব্লগিং প্লেটফৰ্ম X নিজৰ কোম্পানী xAIক বিক্ৰী কৰিছে। এই চুক্তি ৩৩ বিলিয়ন ডলাৰ (প্ৰায় ২৮,২৩,৪৩,৭১,০০,০০ টকা)ৰ বাবে কৰা হৈছে । মন কৰিব যে, এইটো এটা ষ্টক চুক্তি।

এই চুক্তিৰ বিষয়ে কি লিখিলে ইলন মাস্কে ?


তেওঁ কয় যে xAI এ ষ্টক লেনদেনত X অধিগ্ৰহণ কৰিছে। দুবছৰ আগতে প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা xAI দ্ৰুতগতিত বিশ্বৰ অন্যতম আগশাৰীৰ AI পৰীক্ষাগাৰত পৰিণত হৈছে। আনহাতে X হৈছে ৬০ কোটিতকৈ অধিক সক্ৰিয় ব্যৱহাৰকাৰী থকা ডিজিটেল প্লেটফৰ্ম।

xAI আৰু X ৰ ভৱিষ্যত আন্তঃসংলগ্ন। আজি আমি আনুষ্ঠানিকভাৱে তথ্য, মডেল, গণনা, বিতৰণ, আৰু প্ৰতিভাক একত্ৰিত কৰাৰ পদক্ষেপ লৈছো। এই সংমিশ্ৰণে xAI ৰ উন্নত AI ক্ষমতা আৰু বিশেষজ্ঞতাক X ৰ বিশাল প্ৰসাৰতাৰ সৈতে মিহলাই অপৰিসীম সম্ভাৱনা মুকলি কৰিব।

এই সংযুক্ত কোম্পানীটোৱে কোটি কোটি লোকক অধিক স্মাৰ্ট, অধিক অৰ্থপূৰ্ণ অভিজ্ঞতা প্ৰদান কৰিব। ইয়াৰ দ্বাৰা আমি এনে এখন মঞ্চ সৃষ্টি কৰিব পাৰিম যিয়ে কেৱল বিশ্বক প্ৰতিফলিত কৰাই নহয়, মানৱ প্ৰগতি সক্ৰিয়ভাৱে ত্বৰান্বিত কৰে।

উল্লেখ্য যে টেছলা আৰু স্পেচএক্সৰ চিইঅ’ ইলন মাস্কে ২০২২ চনত টুইটাৰ ক্ৰয় কৰিছিল।সেই সময়ত এই চুক্তি ৪৪ বিলিয়ন ডলাৰত কৰা হৈছিল। ইয়াৰ পিছত তেওঁ টুইটাৰৰ নাম সলনি কৰি এক্স কৰি ২০২৩ চনত xAI আৰম্ভ কৰে।

এতিয়া তেওঁ Xai ক বিক্ৰী কৰিছে। ইয়াৰ লগতে ইলন মাস্কে এক্সৰ ওপৰত লিখা পোষ্টৰ শেষৰ শাৰীটোত আন এটা অতি গভীৰ কথা কৈছিল ।তেওঁ কয় যে এইটো মাত্ৰ এটা আৰম্ভণিহে। অৰ্থাৎ ইয়াৰ পিছত মাস্কে কি কৰিবলৈ ওলাইছে? এই কথা হয়তো মাস্কৰ বাহিৰে কোনেও নাজানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ