--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চীনৰ বিজ্ঞানীসকলে কেঞ্চাৰৰ চিকিৎসাৰ বাবে এক নতুন তথা সস্তীয়া প্রণালী ঘৰ বিকশিত কৰিছে। ইয়াক অংক'লাইটিক ভাইৰাছ থেৰাপী বুলি কোৱা হৈছে। এই প্ৰণালীৰ জৰিয়তে কেঞ্চাৰৰ টিউমাৰ নষ্ট কৰা আৰু শৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় কৰিব পাৰি। এই প্ৰণালী বৃহৎ হাৰত সফল হ'লে কেঞ্চাৰৰ চিকিৎসা অধিক প্ৰভাৱশালী হোৱাৰ লগতে কম খৰচী হৈ পৰিব। উল্লেখযোগ্য যে বৰ্তমান কেঞ্চাৰৰ চিকিৎসা যথেষ্ট ব্যয়বহুল আৰু ইয়াৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। 

অংক'লাইটিক ভাইৰাছ থেৰাপীৰ এটা ইনজেকশ্যনৰ দাম মাত্র ১১ হাজাৰ টকা। এবছৰত এই থেৰাপীত ব্যয় হ'ব প্রায় ৩.৩ লাখ টকা। ই বৰ্তমানৰ কেঞ্চাৰৰ চিকিৎসাত হোৱাৰ ব্যয়ৰ তুলনাত যথেষ্ট কম। উল্লেখযোগ্য যে এই প্রণালীক লৈ প্রায় ১০০ বছৰ ধৰি গৱেষণা চলি আছে। শেহতীয়া বছৰবোৰত জেনেটিক ইঞ্জিনীয়াৰিঙৰ জৰিয়তে ইয়াৰ ক্ষমতা উন্নত কৰা হৈছে। আমেৰিকা আৰু জাপানত এই থেৰাপী ব্যৱহাৰ কৰা হৈছে যদিও চীন এই বিষয়ত দ্রুত গতিত আগবঢ়া পৰিলক্ষিত হৈছে। চীনে প্রায় ৬০জন লোকক লৈ ইয়াৰ পৰীক্ষা কৰিছে। 

ইয়াত লাভ কৰা সফলতাই এতিয়া অংক'লাইটিক ভাইৰাছ থেৰাপীয়ে সাধাৰণ মানুহৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। এই থেৰাপীৰ বিজ্ঞানীসকলে এনে ধৰণেৰে বিকাশ কৰিছে যে এই ভাইৰাছ প্ৰত্যক্ষভাৱে কেঞ্চাৰৰ কোষবোৰত প্ৰৱেশ কৰে। এবাৰ কেঞ্চাৰ হোৱা কোষবোৰত প্ৰৱেশ কৰাৰ পাছত এই ভাইৰাছে নিজৰ সংখ্যা বৃদ্ধি কৰিবলৈ ধৰে আৰু শেষত কেঞ্চাৰৰ কোষবোৰ নষ্ট কৰি পেলায়। ইয়াৰ লগতে এই ভাইৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে, যাৰ ফলত বাকী থকা কেঞ্চাৰৰ কোষবোৰ নোহোৱা হৈ পৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ