--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চীনৰ বিজ্ঞানীসকলে কেঞ্চাৰৰ চিকিৎসাৰ বাবে এক নতুন তথা সস্তীয়া প্রণালী ঘৰ বিকশিত কৰিছে। ইয়াক অংক'লাইটিক ভাইৰাছ থেৰাপী বুলি কোৱা হৈছে। এই প্ৰণালীৰ জৰিয়তে কেঞ্চাৰৰ টিউমাৰ নষ্ট কৰা আৰু শৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় কৰিব পাৰি। এই প্ৰণালী বৃহৎ হাৰত সফল হ'লে কেঞ্চাৰৰ চিকিৎসা অধিক প্ৰভাৱশালী হোৱাৰ লগতে কম খৰচী হৈ পৰিব। উল্লেখযোগ্য যে বৰ্তমান কেঞ্চাৰৰ চিকিৎসা যথেষ্ট ব্যয়বহুল আৰু ইয়াৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। 

অংক'লাইটিক ভাইৰাছ থেৰাপীৰ এটা ইনজেকশ্যনৰ দাম মাত্র ১১ হাজাৰ টকা। এবছৰত এই থেৰাপীত ব্যয় হ'ব প্রায় ৩.৩ লাখ টকা। ই বৰ্তমানৰ কেঞ্চাৰৰ চিকিৎসাত হোৱাৰ ব্যয়ৰ তুলনাত যথেষ্ট কম। উল্লেখযোগ্য যে এই প্রণালীক লৈ প্রায় ১০০ বছৰ ধৰি গৱেষণা চলি আছে। শেহতীয়া বছৰবোৰত জেনেটিক ইঞ্জিনীয়াৰিঙৰ জৰিয়তে ইয়াৰ ক্ষমতা উন্নত কৰা হৈছে। আমেৰিকা আৰু জাপানত এই থেৰাপী ব্যৱহাৰ কৰা হৈছে যদিও চীন এই বিষয়ত দ্রুত গতিত আগবঢ়া পৰিলক্ষিত হৈছে। চীনে প্রায় ৬০জন লোকক লৈ ইয়াৰ পৰীক্ষা কৰিছে। 

ইয়াত লাভ কৰা সফলতাই এতিয়া অংক'লাইটিক ভাইৰাছ থেৰাপীয়ে সাধাৰণ মানুহৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। এই থেৰাপীৰ বিজ্ঞানীসকলে এনে ধৰণেৰে বিকাশ কৰিছে যে এই ভাইৰাছ প্ৰত্যক্ষভাৱে কেঞ্চাৰৰ কোষবোৰত প্ৰৱেশ কৰে। এবাৰ কেঞ্চাৰ হোৱা কোষবোৰত প্ৰৱেশ কৰাৰ পাছত এই ভাইৰাছে নিজৰ সংখ্যা বৃদ্ধি কৰিবলৈ ধৰে আৰু শেষত কেঞ্চাৰৰ কোষবোৰ নষ্ট কৰি পেলায়। ইয়াৰ লগতে এই ভাইৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে, যাৰ ফলত বাকী থকা কেঞ্চাৰৰ কোষবোৰ নোহোৱা হৈ পৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ