--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেহৰ ওজন কমাবৰ বাবে প্লাষ্টিক চাৰ্জাৰী কৰিছিল এগৰাকী অভিনেত্ৰীয়ে। সেয়াই কাল হল অভিনেত্ৰীগৰাকীৰ বাবে। প্লাষ্টিক চাৰ্জাৰীৰ পাছতেই মৃত্যুক সাৱটিলে ২১ বছৰীয়া বিখ্যাত কানাড়া টিভি অভিনেত্ৰী চেতনা ৰাজে (Chetana Raj)। বাংগালুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে চেতনাই। মৃত্যুৰ মাত্ৰ এদিন পূৰ্বে ওজন কমাবৰ বাবে চেতনাই প্লাষ্টিক চাৰ্জাৰী কৰিছিল। 

অস্ত্ৰোপচাৰত হোৱা ভুলৰ বাবে পাছদিনাই তেওঁৰ হাওঁফাওঁত সমস্যাই দেখা দিয়ে। হাওঁফাওঁৰ সমস্যাই গুৰুতৰ ৰূুপ লোৱাত চেতনা ৰাজৰ মৃত্যু হয়। চেতনাই পিতৃ-মাতৃক অস্ত্ৰোপচাৰৰ কথা কোৱা নাছিল। বন্ধু-বান্ধৱীৰ সৈতে লগ লাগি তেওঁ অকলে অস্ত্ৰোপচাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছিল। অস্ত্ৰোপচাৰৰ পাছত অভিনেত্ৰীগৰাকীৰ শৰীৰত কিছু জটিলতা আৰম্ভ হয় আৰু অভিনেত্ৰীগৰাকীৰ হাওঁফাওঁত তৰল পদাৰ্থ জমা হ’বলৈ ধৰে, তাৰপাছতে চেতনাৰ মৃত্যু হয়। 

অভিনেত্ৰীগৰাকীৰ অভিভাৱকে চিকিৎসকসকলৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰাৰ লগতে চিকিৎসালয়খনৰ প্ৰশাসনৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে। চেতনাৰ কথা ক’বলৈ গ’লে তেওঁ আছিল কানাড়া টিভি উদ্যোগৰ এগৰাকী বিখ্যাত অভিনেত্ৰী। 

বহু টিভি শ্ব’ত কাম কৰি তেওঁ নিজৰ বিশেষ পৰিচয় গঢ়ি তুলিছিল। গীতা আৰু দোৰেছানী ধাৰাবাহিকত কৰা শক্তিশালী অভিনয়ৰ বাবে পৰিচিত হৈ পৰিছিল চেতনা ৰাজ। চেতনাই হঠাৎ এই পৃথিৱীৰ পৰা আঁতৰি যোৱাত তেওঁৰ পৰিয়ালটো গভীৰভাৱে দুখত ভাগি পৰিছে। চেতনাৰ মৃত্যুৰ খবৰ পাই তেওঁৰ অনুৰাগীসকল শোকত মৰ্মাহত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ