--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেহৰ ওজন কমাবৰ বাবে প্লাষ্টিক চাৰ্জাৰী কৰিছিল এগৰাকী অভিনেত্ৰীয়ে। সেয়াই কাল হল অভিনেত্ৰীগৰাকীৰ বাবে। প্লাষ্টিক চাৰ্জাৰীৰ পাছতেই মৃত্যুক সাৱটিলে ২১ বছৰীয়া বিখ্যাত কানাড়া টিভি অভিনেত্ৰী চেতনা ৰাজে (Chetana Raj)। বাংগালুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে চেতনাই। মৃত্যুৰ মাত্ৰ এদিন পূৰ্বে ওজন কমাবৰ বাবে চেতনাই প্লাষ্টিক চাৰ্জাৰী কৰিছিল। 


অস্ত্ৰোপচাৰত হোৱা ভুলৰ বাবে পাছদিনাই তেওঁৰ হাওঁফাওঁত সমস্যাই দেখা দিয়ে। হাওঁফাওঁৰ সমস্যাই গুৰুতৰ ৰূুপ লোৱাত চেতনা ৰাজৰ মৃত্যু হয়। চেতনাই পিতৃ-মাতৃক অস্ত্ৰোপচাৰৰ কথা কোৱা নাছিল। বন্ধু-বান্ধৱীৰ সৈতে লগ লাগি তেওঁ অকলে অস্ত্ৰোপচাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছিল। অস্ত্ৰোপচাৰৰ পাছত অভিনেত্ৰীগৰাকীৰ শৰীৰত কিছু জটিলতা আৰম্ভ হয় আৰু অভিনেত্ৰীগৰাকীৰ হাওঁফাওঁত তৰল পদাৰ্থ জমা হ’বলৈ ধৰে, তাৰপাছতে চেতনাৰ মৃত্যু হয়। 


অভিনেত্ৰীগৰাকীৰ অভিভাৱকে চিকিৎসকসকলৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰাৰ লগতে চিকিৎসালয়খনৰ প্ৰশাসনৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰিছে। চেতনাৰ কথা ক’বলৈ গ’লে তেওঁ আছিল কানাড়া টিভি উদ্যোগৰ এগৰাকী বিখ্যাত অভিনেত্ৰী। 


বহু টিভি শ্ব’ত কাম কৰি তেওঁ নিজৰ বিশেষ পৰিচয় গঢ়ি তুলিছিল। গীতা আৰু দোৰেছানী ধাৰাবাহিকত কৰা শক্তিশালী অভিনয়ৰ বাবে পৰিচিত হৈ পৰিছিল চেতনা ৰাজ। চেতনাই হঠাৎ এই পৃথিৱীৰ পৰা আঁতৰি যোৱাত তেওঁৰ পৰিয়ালটো গভীৰভাৱে দুখত ভাগি পৰিছে। চেতনাৰ মৃত্যুৰ খবৰ পাই তেওঁৰ অনুৰাগীসকল শোকত মৰ্মাহত হৈ পৰিছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ