--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী বুমৰাহে তিনিখন টেষ্টতহে খেলাৰ কথা।

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ হাতত প্রথম টেষ্টত পৰাজিত হোৱাৰ পাছত যশপ্রীত বুমৰাহক জিৰণি দিব পাৰে ভাৰতে। দলীয় মেনেজমেন্টে নির্দিষ্টকৈ কোনো কথা প্রকাশ নকৰালৈ চাই জল্পনাৰ সৃষ্টি হৈছে। অনুশীলনত বুমৰাহৰ অনুপস্থিতিক কেন্দ্ৰ কৰি জল্পনা-কল্পনা বৃদ্ধি কৰিছে। শুকুৰবাৰে দলৰ সকলোৱে অনুশীলনত ব্যস্ত হ'লেও বিশ্রাম লৈছে বেগী বলাৰগৰাকীয়ে শুকুৰবাৰে ভাৰতীয় দলে গোপনে অনুশীলন চলায়। ইংলিছ বাহিনীৰ বিৰুদ্ধে বুমৰাহে ৫খন টেষ্ট নেখেলে বুলি আগতীয়াকৈ প্ৰচাৰ হৈছিল।


ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী বুমৰাহে তিনিখন টেষ্টতহে খেলাৰ কথা। বুমৰাহে কোন তিনিখন টেষ্টত খেলিব সেয়া ভাৰতীয় শিবিৰৰ পৰা জনোৱা হোৱা নাই। ইফালে, মহম্মদ ছিৰাজৰ সৈতে অর্শদীপক বলিং কৰা দেখা পোৱা গৈছে। বুমৰাহ কিয় অনুশীলনৰ পৰা আঁতৰি আছে সেয়া নির্দিষ্টকৈ জনোৱা হোৱা নাই। বুমৰাহ অনুপস্থিত থাকিলেও প্রশিক্ষক গৌতম গম্ভীৰ বাকী সদস্যসকলক লৈ অনুশীলনত ব্যস্ত আছে।


প্রথম টেষ্ট সমাপ্ত হোৱাৰ পাছত শুকুৰবাৰে প্ৰথম অনুশীলন আৰম্ভ কৰে ভাৰতে। কৌশল গোপনে ৰাখিবলৈ শুকুৰবাৰে ৰুদ্ধদ্বাৰ অনুশীলন চলায় ভাৰতীয় দলে। ভাৰতৰ অনুশীলন চাবলৈ কাকো অনুমতি দিয়া হোৱা নাছিল। আনকি সংবাদ মাধ্যমকো অনুশীলনস্থলীত প্ৰৱেশত বাধা দিয়া হয়। শনিবাৰেও এনেদৰেই অনুশীলন চলোৱাৰ পৰিকল্পনা কৰিছে প্রশিক্ষক গম্ভীৰে। প্ৰথম টেষ্টৰ আগেয়েও গোপনে অনুশীলন কৰিছিল শুভমন গীল বাহিনীয়ে। দীর্ঘ সময়জুৰি অৰ্শদীপ সিঙে অনুশীলন কৰে।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ