--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী বুমৰাহে তিনিখন টেষ্টতহে খেলাৰ কথা।

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ হাতত প্রথম টেষ্টত পৰাজিত হোৱাৰ পাছত যশপ্রীত বুমৰাহক জিৰণি দিব পাৰে ভাৰতে। দলীয় মেনেজমেন্টে নির্দিষ্টকৈ কোনো কথা প্রকাশ নকৰালৈ চাই জল্পনাৰ সৃষ্টি হৈছে। অনুশীলনত বুমৰাহৰ অনুপস্থিতিক কেন্দ্ৰ কৰি জল্পনা-কল্পনা বৃদ্ধি কৰিছে। শুকুৰবাৰে দলৰ সকলোৱে অনুশীলনত ব্যস্ত হ'লেও বিশ্রাম লৈছে বেগী বলাৰগৰাকীয়ে শুকুৰবাৰে ভাৰতীয় দলে গোপনে অনুশীলন চলায়। ইংলিছ বাহিনীৰ বিৰুদ্ধে বুমৰাহে ৫খন টেষ্ট নেখেলে বুলি আগতীয়াকৈ প্ৰচাৰ হৈছিল।

ভাৰতীয় ক্রিকেট ব'ৰ্ডৰ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী বুমৰাহে তিনিখন টেষ্টতহে খেলাৰ কথা। বুমৰাহে কোন তিনিখন টেষ্টত খেলিব সেয়া ভাৰতীয় শিবিৰৰ পৰা জনোৱা হোৱা নাই। ইফালে, মহম্মদ ছিৰাজৰ সৈতে অর্শদীপক বলিং কৰা দেখা পোৱা গৈছে। বুমৰাহ কিয় অনুশীলনৰ পৰা আঁতৰি আছে সেয়া নির্দিষ্টকৈ জনোৱা হোৱা নাই। বুমৰাহ অনুপস্থিত থাকিলেও প্রশিক্ষক গৌতম গম্ভীৰ বাকী সদস্যসকলক লৈ অনুশীলনত ব্যস্ত আছে।

প্রথম টেষ্ট সমাপ্ত হোৱাৰ পাছত শুকুৰবাৰে প্ৰথম অনুশীলন আৰম্ভ কৰে ভাৰতে। কৌশল গোপনে ৰাখিবলৈ শুকুৰবাৰে ৰুদ্ধদ্বাৰ অনুশীলন চলায় ভাৰতীয় দলে। ভাৰতৰ অনুশীলন চাবলৈ কাকো অনুমতি দিয়া হোৱা নাছিল। আনকি সংবাদ মাধ্যমকো অনুশীলনস্থলীত প্ৰৱেশত বাধা দিয়া হয়। শনিবাৰেও এনেদৰেই অনুশীলন চলোৱাৰ পৰিকল্পনা কৰিছে প্রশিক্ষক গম্ভীৰে। প্ৰথম টেষ্টৰ আগেয়েও গোপনে অনুশীলন কৰিছিল শুভমন গীল বাহিনীয়ে। দীর্ঘ সময়জুৰি অৰ্শদীপ সিঙে অনুশীলন কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ