--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰুণাচলৰ এখন ৰাজহুৱা সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছক তীক্ষ্ণ শব্দৰে আক্ৰমণৰ লক্ষ্য কৰি লয়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত উপস্থিত হৈ গৃহমন্ত্ৰীগৰাকীয়ে নামচাইত বিভিন্ন উন্নয়ণমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ মাজতে এখন সভাত গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি কয়, 'কংগ্ৰেছে সোধে, বিজেপিয়ে ৮ বছৰত কি কৰিলে? 

ৰাহুল গান্ধীয়ে নিজৰ ইটালীয়ান চশমাজোৰ আঁতৰাই চাওক, কি কি হৈছে দেখা পাব।‘ লগতে তেওঁ কংগ্ৰেছৰ লোকসকলকো সমালোচনাৰ লক্ষ্য কৰি লয়, ‘কংগ্ৰেছৰ বন্ধুসকলে কয় যে ৮ বছৰ হৈ গ’ল কিন্তু মোদীয়ে কি কৰিলে? তেওঁলোকে চকু বন্ধ কৰি উন্নয়ণ বিচাৰি আছে। ৰাহুল বাবাই চকু মেলক আৰু ইটালীয়ান চশমাৰ সলনি ভাৰতীয় চশমাজোৰ পিন্ধি লওক। তেতিয়াহে গম পাব কি কি উন্নয়ন হৈছে।‘

ৰাহুল গান্ধী আৰু কংগ্ৰেছক লক্ষ্য কৰি দেশৰ গৃহমন্ত্ৰীয়ে দিয়া এনে বক্তৃতা এতিয়া সৰ্বত্তে চৰ্চা হৈ থকা দেখিবলৈ পোৱা গৈছে। অৰুণাচলৰ উন্নয়ণৰ বাবে বিজেপিয়ে গ্ৰহণ কৰা কল্যাণকামী আঁচনিবোৰৰ বিষয়ে উল্লেখ কৰি বিজেপিৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে আইন-শৃংখলা পৰিস্থিতিলৈও অভূতপূৰ্ব পৰিৱৰ্তন আনিছে বুলি দাবী কৰা গৃহমন্ত্ৰীৰ বক্তব্যৰ কেইঘন্টামান পূৰ্বে ইটানগৰত দুই ফৈদৰ সংঘৰ্ষত আৰক্ষীৰ নিৰ্লিপ্ততাৰ বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশজুৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ