--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰুণাচলৰ এখন ৰাজহুৱা সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছক তীক্ষ্ণ শব্দৰে আক্ৰমণৰ লক্ষ্য কৰি লয়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত উপস্থিত হৈ গৃহমন্ত্ৰীগৰাকীয়ে নামচাইত বিভিন্ন উন্নয়ণমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ মাজতে এখন সভাত গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক সমালোচনা কৰি কয়, 'কংগ্ৰেছে সোধে, বিজেপিয়ে ৮ বছৰত কি কৰিলে? 

ৰাহুল গান্ধীয়ে নিজৰ ইটালীয়ান চশমাজোৰ আঁতৰাই চাওক, কি কি হৈছে দেখা পাব।‘ লগতে তেওঁ কংগ্ৰেছৰ লোকসকলকো সমালোচনাৰ লক্ষ্য কৰি লয়, ‘কংগ্ৰেছৰ বন্ধুসকলে কয় যে ৮ বছৰ হৈ গ’ল কিন্তু মোদীয়ে কি কৰিলে? তেওঁলোকে চকু বন্ধ কৰি উন্নয়ণ বিচাৰি আছে। ৰাহুল বাবাই চকু মেলক আৰু ইটালীয়ান চশমাৰ সলনি ভাৰতীয় চশমাজোৰ পিন্ধি লওক। তেতিয়াহে গম পাব কি কি উন্নয়ন হৈছে।‘

ৰাহুল গান্ধী আৰু কংগ্ৰেছক লক্ষ্য কৰি দেশৰ গৃহমন্ত্ৰীয়ে দিয়া এনে বক্তৃতা এতিয়া সৰ্বত্তে চৰ্চা হৈ থকা দেখিবলৈ পোৱা গৈছে। অৰুণাচলৰ উন্নয়ণৰ বাবে বিজেপিয়ে গ্ৰহণ কৰা কল্যাণকামী আঁচনিবোৰৰ বিষয়ে উল্লেখ কৰি বিজেপিৰ দ্বৈত ইঞ্জিনৰ চৰকাৰে আইন-শৃংখলা পৰিস্থিতিলৈও অভূতপূৰ্ব পৰিৱৰ্তন আনিছে বুলি দাবী কৰা গৃহমন্ত্ৰীৰ বক্তব্যৰ কেইঘন্টামান পূৰ্বে ইটানগৰত দুই ফৈদৰ সংঘৰ্ষত আৰক্ষীৰ নিৰ্লিপ্ততাৰ বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশজুৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ