--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জ্ঞানবাপী মছজিদক লৈ দেশজুৰি ব্যাপক বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ আন এক ঐতিহ্যক্ষেত্ৰক লৈ সৃষ্টি হৈছে ব্যাপক বিতৰ্কৰ। এইবাৰ দিল্লীৰ কুটুব মিনাৰক লৈ নতুন বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছে। কুটুব মিনাৰত হিন্দু দেৱ-দেৱতাৰ মূৰ্তি উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে আৰু তাৰ পাছতে এই মিনাৰ হিন্দু ৰজা বিক্ৰমাদিত্যই নিৰ্মাণ কৰিছিল বুলি দাবী কৰা হৈছে।

ইয়াকে লৈ ব্যাপক বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ আৰ্কিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়াক কুটুব মিনাৰৰ চৌহদত খনন কাৰ্য চলাবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে। প্ৰাক্তন আঞ্চলিক সঞ্চালক ধৰ্মবীৰ শৰ্মাই দাবী কৰিছিল যে, কুটুব মিনাৰ ৰজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব আল-দিন আইবাকে নহয়। এই দাবীৰ পাছতে বিতৰ্কৰ সূত্ৰপাত ঘটে।

তাৰ পাছতে সাংস্কৃতিক মন্ত্ৰণালয়ৰ ফালৰ পৰা এই নিৰ্দেশ জাৰি কৰা হৈছে। মন্ত্ৰণালয়ে পুৰাতত্ত্ব বিভাগক খনন কাৰ্যৰ প্ৰতিবেদন জমা দিবলৈও নিৰ্দেশ দিছে। মিনাৰৰ দক্ষিণ অংশৰ মছজিগৰ ১৫ মিটাৰ আঁতৰৰ পৰা এই খনন কাৰ্য চলোৱাৰ সম্ভাৱনা আছে। সাংস্কৃতিক মন্ত্ৰণালয়ৰ সচিব গোবিন্দ মোহনে ২১ মে’ত বিষয়াবৰ্গৰ সৈতে সেই স্থান পৰিদৰ্শন কৰাৰ পাছত এই খননৰ সিদ্ধান্ত গ্ৰহণ কৰে।

গোবিন্দ মোহনে তিনিগৰাকী বুৰঞ্জীবিদ, চাৰিগৰাকী পুৰাতত্ত্ব বিভাগৰ বিষয়া আৰু গৱেষকক লগত লৈ সেই ঐতিহ্যক্ষেত্ৰখন পৰিদৰ্শন কৰিছিল। পুৰাতত্ত্ব বিভাগৰ বিষয়াবৰ্গই সদৰি কৰা মতে ১৯৯১ চনৰ পৰা কুটুব মিনাৰ চৌহদত কোনো খননৰ কাম হোৱা নাই।

উল্লেখ্য যে, ইয়াৰ পূ্ৰ্বে বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ বিনোদ বানছালে দাবী কৰিছিল যে, কুটুব মিনাৰটো আচলতে এটা বিষ্ণুস্তম্ভহে। ২৭ টা হিন্দু আৰু জৈন মন্দিৰ ধ্বংসৰ পাছত লাভ কৰা সামগ্ৰীৰে এই মিনাৰ নিৰ্মাণ কৰা হৈছিল। কেৱল এয়াই নহয় ভালেমান হিন্দু সংগঠনে কুটুব মিনাৰক বিষ্ণুস্তম্ভৰূপে পুনৰ চিহ্নিত কৰিবলৈ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কুটুব মিনাৰৰ বাহিৰত হনুমাৱ চালিছা পাঠ কৰিও প্ৰতিবাদ কৰা হৈছিল। কুটুব মিনাৰৰ ভিতৰত ১২০০ বছৰ পুৰণি নৰসিংহৰ মূৰ্তি, গণেশৰ মূৰ্তি আৰু কৃষ্ণৰ মূৰ্তি উদ্ধাৰ হোৱাৰ পাছতে আৰম্ভ হৈছিল প্ৰতিবাদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ