--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জ্ঞানবাপী মছজিদক লৈ দেশজুৰি ব্যাপক বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ আন এক ঐতিহ্যক্ষেত্ৰক লৈ সৃষ্টি হৈছে ব্যাপক বিতৰ্কৰ। এইবাৰ দিল্লীৰ কুটুব মিনাৰক লৈ নতুন বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছে। কুটুব মিনাৰত হিন্দু দেৱ-দেৱতাৰ মূৰ্তি উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে আৰু তাৰ পাছতে এই মিনাৰ হিন্দু ৰজা বিক্ৰমাদিত্যই নিৰ্মাণ কৰিছিল বুলি দাবী কৰা হৈছে।

ইয়াকে লৈ ব্যাপক বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ আৰ্কিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়াক কুটুব মিনাৰৰ চৌহদত খনন কাৰ্য চলাবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে। প্ৰাক্তন আঞ্চলিক সঞ্চালক ধৰ্মবীৰ শৰ্মাই দাবী কৰিছিল যে, কুটুব মিনাৰ ৰজা বিক্ৰমাদিত্যইহে নিৰ্মাণ কৰিছিল কুতুব আল-দিন আইবাকে নহয়। এই দাবীৰ পাছতে বিতৰ্কৰ সূত্ৰপাত ঘটে।

তাৰ পাছতে সাংস্কৃতিক মন্ত্ৰণালয়ৰ ফালৰ পৰা এই নিৰ্দেশ জাৰি কৰা হৈছে। মন্ত্ৰণালয়ে পুৰাতত্ত্ব বিভাগক খনন কাৰ্যৰ প্ৰতিবেদন জমা দিবলৈও নিৰ্দেশ দিছে। মিনাৰৰ দক্ষিণ অংশৰ মছজিগৰ ১৫ মিটাৰ আঁতৰৰ পৰা এই খনন কাৰ্য চলোৱাৰ সম্ভাৱনা আছে। সাংস্কৃতিক মন্ত্ৰণালয়ৰ সচিব গোবিন্দ মোহনে ২১ মে’ত বিষয়াবৰ্গৰ সৈতে সেই স্থান পৰিদৰ্শন কৰাৰ পাছত এই খননৰ সিদ্ধান্ত গ্ৰহণ কৰে।

গোবিন্দ মোহনে তিনিগৰাকী বুৰঞ্জীবিদ, চাৰিগৰাকী পুৰাতত্ত্ব বিভাগৰ বিষয়া আৰু গৱেষকক লগত লৈ সেই ঐতিহ্যক্ষেত্ৰখন পৰিদৰ্শন কৰিছিল। পুৰাতত্ত্ব বিভাগৰ বিষয়াবৰ্গই সদৰি কৰা মতে ১৯৯১ চনৰ পৰা কুটুব মিনাৰ চৌহদত কোনো খননৰ কাম হোৱা নাই।

উল্লেখ্য যে, ইয়াৰ পূ্ৰ্বে বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ বিনোদ বানছালে দাবী কৰিছিল যে, কুটুব মিনাৰটো আচলতে এটা বিষ্ণুস্তম্ভহে। ২৭ টা হিন্দু আৰু জৈন মন্দিৰ ধ্বংসৰ পাছত লাভ কৰা সামগ্ৰীৰে এই মিনাৰ নিৰ্মাণ কৰা হৈছিল। কেৱল এয়াই নহয় ভালেমান হিন্দু সংগঠনে কুটুব মিনাৰক বিষ্ণুস্তম্ভৰূপে পুনৰ চিহ্নিত কৰিবলৈ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কুটুব মিনাৰৰ বাহিৰত হনুমাৱ চালিছা পাঠ কৰিও প্ৰতিবাদ কৰা হৈছিল। কুটুব মিনাৰৰ ভিতৰত ১২০০ বছৰ পুৰণি নৰসিংহৰ মূৰ্তি, গণেশৰ মূৰ্তি আৰু কৃষ্ণৰ মূৰ্তি উদ্ধাৰ হোৱাৰ পাছতে আৰম্ভ হৈছিল প্ৰতিবাদ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ