--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ক্রিকেটৰ জ্বৰত আক্রান্ত অসম তথা উত্তৰ-পূব। বিশেষকৈ এইবাৰ ৰিয়ান পৰাগক লৈ আৱেগত উথলি উঠিছে অঞ্চলটোৰ ক্রিকেটপ্রেমী। দেশীয় ক্রিকেটত অসম-উত্তৰ-পূব এতিয়া এৰাব নোৱৰা এক নাম। ৰিয়ান পৰাগ আই পি এলৰ আৱেগ। 

উমা চেত্রী আৰু জিণ্টিমণি কলিতা মহিলা ক্রিকেটৰ পৰিচয়। দেৱজিৎ শইকীয়া দেশৰ ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ সচিব। আই পি এলৰ অন্যতম দল ৰাজস্থান ৰয়েলছৰ (আৰ আৰ) ঘৰুৱা গ্রাউণ্ড গুৱাহাটী। আহি থকা সময়ত গুৱাহাটীত প্রথমখন টেষ্ট মেচ আৰু মহিলা বিশ্ব কাপৰ খেল উপভোগ কৰিব পাৰিব ক্রিকেট প্রেমীয়ে। 

এনে এক আনন্দদায়ক পৰিৱেশৰ মাজতেই বর্ষাপাৰাত আজি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ আই পি এলৰ এখন খেলত মুখামুখি হ'ব। আই পি এলৰ অষ্টাদশ সংস্কৰণৰ ৬ নম্বৰৰ মেচখন আজি ৭-৩০ বজাত আৰম্ভ হ'ব। টিকট বিক্রী হৈছে যদিও আশংকা আছে বৰষুণৰ। এফালে ৰিয়ান পৰাগৰ আৱেগ আৰু আনফালে বৰষুণৰ আশংকা। ইয়াৰ মাজতেই দুলি আছে ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ সম্ভাব্য জয়-পৰাজয়। ঘৰুৱা গ্রাউণ্ড আৰু ঘৰুৱা দর্শকৰ অভূতপূর্ব সমর্থন। এই দুটা হ'ব অসম সন্তান ৰিয়ান পৰাগৰ বাবে কাইলৈ তেওঁৰ আই পি এলৰ ইতিহাসত অধিনায়কত্বৰ দ্বিতীয়খন খেলৰ পৰিপক্বতাৰ দিশ। ইফালে, আজিংক্য ৰাহানে নেতৃত্বাধীন শক্তিৰে ভৰপূৰ কে কে আৰৰ পক্ষত ঘৰুৱা সমর্থক নাথাকিলেও কে কে আৰৰ লিগেছি তেওঁলোকৰ অন্যতম শক্তি। দুয়োটা দলে আৰম্ভণিৰ বিপৰ্যয়ৰ পৰা উভতি আহিবলৈ বিচাৰিছে। 

উল্লেখযোগ্য যে ২৩ মার্চত হায়দৰাবাদত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অধিনায়কত্বৰ অভিষেক ঘটোৱা ৰিয়ান পৰাগে নিজৰ গৃহ ৰাজ্যত ২খন বেক টু বেক মেচত আৰ আৰক নেতৃত্ব দিব। ইফালে, অজিংক্য বাহানেৰ নেতৃত্বত কে কে আৰে নিজৰ বিস্ফোৰক লাইনআপেৰে আৰ আৰক লক্ষ্যভ্রষ্ট কৰাৰ চেষ্টা কৰিব। ৰয়েলছৰ ৰাজত্ব, নে নাইটছৰ উত্থান হ'ব গুৱাহাটীত? এই উত্তৰ পাবলৈ আমি অপেক্ষা কৰিব লাগিব আৰু কেইটামান মুহূর্ত।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ