--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ সকলো সমস্যা পাহৰি এতিয়া পূৰ্বোত্তৰবাসী বিশেষকৈ গুৱাহাটীবাসী আক্রান্ত আই পি এল জ্বৰত। আই পি এল ২০২৫ক লৈ এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী। কোনোবা যদি ৰিয়ান পৰাগৰ ফেন, কোনোবাজন আকৌ ধোনীৰ। কোনোবাই আকৌ আশা কৰি আছে সোঁশৰীৰে কিং খানক এবাৰ গুৱাহাটীত প্রত্যক্ষ কৰাৰ। ২৬ মার্চ আৰু ৩০ মাৰ্চৰ গুৱাহাটীৰ খেল চাবলৈ সাজু হৈছে ৰাজ্যবাসী। 

উল্লেখযোগ্য যে আজি ২৬ মার্চত বর্ষাপাৰাত সমুখসমৰত নামিব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছ। আনহাতে, ৩০ মাৰ্চত মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ। দুয়োখন হাইভল্টেজ মেচতে ৰানৰ জোৱাৰ উঠিব বুলি ক্রিকেটপ্রেমীসকল অত্যন্ত আশাবাদী। সকলোৱেই আশা কৰিছে এইবাৰ শেষ আই পি এলত অংশগ্রহণ কৰা ধোনীয়ে বর্ষাপাৰাৰ সেউজ দলিচা কঁপাই তুলিব ধোনীৰ ট্রেডমার্ক হেলিকপ্টাৰ শ্বটেৰে। এই হাইভল্টেজ মেচ দুখনৰ বাবে মহানগৰীৰ যান-বাহন আৰক্ষীয়েও গ্রহণ কৰিছে কেতবোৰ বিশেষ ব্যৱস্থা। সেই অনুসৰি মেচৰ দুদিন বিয়লি ২ বজাৰ পৰা নিশা ১ বজা পর্যন্ত জি এছ ৰ'ড, বি কে কাকতী ৰ'ড, এ টি ৰ'ড, এম জি ৰ'ড, কাহিলিপাৰা পথকে ধৰি বহুকেইটা পথত বন্ধ থাকিব বাণিজ্যিক যান-বাহনৰ চলাচল। 

সেইদৰে যান-বাহন শাখাৰ নিৰ্দেশনা অনুসৰি মহানগৰীৰ এ কে আজাদ ৰ'ড ৱান বে' হ'ব আৰু ৩ বজাৰ পাছত চাইকেল ফেক্টৰীৰ দিশৰ পৰা লালগণেশ তিনিআলিলৈ চলাচল কৰিব নোৱাৰিব যান-বাহন। বিয়লি ৪-৩০ বজাত বর্ষাপাৰা ষ্টেডিয়ামৰ গেট খোল খাব আৰু তেতিয়াৰ পৰা লালগণেশৰ পৰা বর্ষাপাৰালৈ পাছ থকা বাহনহে আহিব পাৰিব। মুঠ ৬খন গে'টেৰে দৰ্শক ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব। ইফালে, আজি বর্ষাপাৰাত বলিউডৰ চেলিব্রেটি জেকুলিন ফার্নাণ্ডেজক চাম বুলি আশা কৰি থকাসকলৰ বাবে দুঃখবৰ- মাতৃৰ অসুস্থতাৰ বাবে জেকুলিন আহিব নোৱাৰিব। কিন্তু হ'লেও কিং খানকে ধৰি বলিউডৰ আনসকল চেলিব্রেটিয়ে গুৱাহাটী ৰঙীন কৰি তুলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ