--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : জাহাজত উঠি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে অসম জাতীয় পৰিষদে। নৱগঠিত দলটোৱে আজি তেওঁলোকৰ প্ৰতীকৰ বিষয়ে সদৰি কৰে। সমাগত বিধানসভা নিৰ্বাচনত ‘জাহাজ’ক প্ৰতীক হিচাপে গ্ৰহণ কৰি অসম জাতীয় পৰিষদ ৰণত নামিব৷ নদীৰ দুয়ো পাৰৰ মানুহৰ লগত সমন্বয় স্থাপনৰ প্ৰতীক হিচাপে এই চিহ্ন গ্ৰহণ কৰিছে বুলি দলটোৱে প্ৰকাশ কৰিছে৷

আৰু পঢ়িব পাৰিব :‘ডিনাৰ ৰাজনীতি’ : আজমলৰ বাসভৱনত তেজস্বী যাদৱৰ নৈশ ভোজন

আজি হোটেল ‘প্ৰাগ কণ্টিনেণ্টেল’ত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰি কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ তেওঁ কয়, জাতীয়তাবাদৰ প্ৰতি ৰাইজৰ আস্থা অটুট আছে৷ অপপ্ৰচাৰ চলাই এই আদৰ্শক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে একাংশই৷ কিন্তু অসমৰ ৰাইজ বিভ্ৰান্ত নহয় বুলি তেওঁ আশা কৰে৷

আৰু পঢ়িব পাৰিব :প্ৰথমবাৰৰ বাবে ৩ শ্ৰেণীৰ লোকলৈ বিশেষ ব্যৱস্থা : গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্যিক নিৰ্বাচনী আয়োগৰ

ইপিনে, ২৫ ফেব্ৰুৱাৰীত ৰাজনৈতিক দল হিচাপে পঞ্জীকৃত হয় অজাপ৷ অজাপৰ পঞ্জীয়ন নম্বৰ 56/161/2020-2021PPS-1 বুলি দলটোৱে সদৰি কৰে৷ ৰাষ্ট্রীয় দলৰ বোকোচাত উঠি নিৰ্বাচন নেখেলে বুলি স্পষ্ট কৰি দিয়ে দলৰ মূল গুৰি ধৰোঁতা লুৰিণজ্যোতি গগৈয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ