--°C
Loading...
Listen to Article
2 min read
80%

তিৰুনেলভেলী : ‘সত্তৰ বছৰ পূৰ্বে নৰেন্দ্ৰ মোদীতকৈ বহু বেছি বৃহৎ শত্ৰুক আমি পৰাজিত কৰিবলৈ সক্ষম হৈছোঁ। তাৰ তুলনাত নৰেন্দ্ৰ মোদী কোন?’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আজি পুনৰ আক্ৰমণাত্মক হৈ উঠে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। তামিলনাডুৰ তিৰুনেলভেলীত একাংশ শিক্ষাসদীৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এই হুংকাৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।

আৰু পঢ়িব পাৰিব : ইছৰোৰ অভিযান : ১৯টাকৈ উপগ্ৰহ লৈ মহাকাশলৈ পিএছএলভি

ৰাহুলে কয়, ‘আমি ভয়ংকৰ এক শত্ৰুৰ সৈতে যুঁজ কৰি আছোঁ যিয়ে দেশৰ সম্পদ কুক্ষিগত কৰিছে আৰু বিৰোধীক ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। কিন্তু আমি এই কাম আগতে কৰি থৈছোঁ। আমি ইয়াতকৈও বৃহৎ শত্ৰুক পৰাজিত কৰিছোঁ। ৭০ বছৰ আগেয়ে ব্ৰিটিছসকল নৰেন্দ্ৰ মোদীতকৈ বহু বেছি শক্তিশালী আছিল। ব্ৰিটিছ সাম্ৰাজ্যৰ লগত তুলনা কৰিলে নৰেন্দ্ৰ মোদী কোন?’ ৰাহুল গান্ধীয়ে কয়।

আৰু পঢ়িব পাৰিব : স্বৰ্গদেউ চ্যুকাফাৰ বিকৃত প্ৰতিমূৰ্তি! বিভিন্নজনৰ প্ৰতিক্ৰিয়া

তেওঁ লগতে কয়, ‘দেশৰ জনগণে ব্ৰেটিছক দেশৰ পৰা বিতাড়িত কৰিছে। একেদৰে আমি তেওঁক (নৰেন্দ্ৰ মোদী) নাগপুৰলৈ ঘূৰাই পঠিয়াম। আমি কোনো ঘৃণা, ক্ৰোধ আৰু হিংসা অবিহনেই এই কাম কৰিম। তেওঁলোকে আমাৰ সৈতে যিয়েই নকৰক। আমাক অত্যাচাৰ কৰক, আমাৰ মুখত থুৱাওক। আমি কিন্তু তাৰ পুনৰাবৃত্তি নকৰোঁ।’ তেওঁ কয় যে, পৰিৱৰ্তন সম্ভৱ বুলি বিশ্বাস নকৰিলে তেওঁ এনেদৰে সকলোৰে সন্মুখত আহি এই কথা নক’লেহেঁতেন। জনগণে সহায় কৰিলে পৰিৱৰ্তন কঢ়িয়াই অনাটো সম্ভৱ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ