--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰদূষিত পৰিৱেশে মানৱ জীৱনলৈ কিমান ভংয়কৰ বিপদ মাতি আনিছে তাৰ উদাহৰণ দি শেষ কৰিব নোৱাৰি। নানা জটিল আৰু প্ৰাণঘাতী ৰোগৰ কাৰণ হৈ পৰিছে পৰিৱেশত মিহলি হৈ পৰা মানৱসৃষ্টি বহু প্ৰদূষক উপাদান। মানৱ সমাজৰ বাবে অভিশাপস্বৰূপ হৈ পৰা প্লাষ্টিকে কিদৰে মানুহৰ জীৱন বিপন্ন কৰি তুলিছে তাৰ নানা উদাহৰণ দেখিবলৈ পোৱা গৈছে। কেৱল মানুহেই নহয়, অন্য জীৱ আৰু প্ৰাকৃতিক উপাদানৰ বাবেও প্লাষ্টিক হৈ পৰিছে এক অভিশাপস্বৰূপ। কিন্তু এতিয়া বিজ্ঞানীসকলে প্ৰকাশ কৰিছে তাতোকৈ ভয়ংকৰ তথ্য।

চিকিৎসা বিজ্ঞানীসকলে চলোৱা এটা অধ্যয়নত পোহৰলৈ আহিছে যে, জীৱিত মানুহৰ হাঁওফাঁওৰ ভিতৰত এতিয়া ধৰা পৰিছে প্লাষ্টিকৰ মাইক্ৰ’ কণিকা। শ্বাসনলীৰে এই প্লাষ্টিকৰ কণিকা মানুহৰ শৰীৰত সোমাই হাঁওফাঁওৰ ভিতৰত আবদ্ধ হৈ পৰাৰ তথ্য প্ৰকাশ কৰিছে বিজ্ঞানীসকলে। আমি নজনাকৈয়ে স্বাস্থ্যৰ প্ৰতি ভয়াৱহ ভাবুকি আনিব পৰা এনে ভয়ংকৰ উপাদান আমি নজনাকৈয়ে মানৱ শৰীৰত প্ৰৱেশ কৰিছে। যাৰ ফলত বহু জটিল ৰোগৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।  

মাইক্ৰ’প্লাষ্টিক হৈছে পাঁচ মিলমিটাৰতকৈ আকাৰত সৰু কিছুমান প্লাষ্টিকৰ কণিকা যিবোৰৰ উপস্থিতি এতিয়া সমুদ্ৰ, পাহাৰ আৰু আনকি বতাহতো বিয়পি পৰিছে। প্লাষ্টিকৰ ডাঙৰ কোনো সামগ্ৰীৰ পৰাই এইবোৰৰ উৎপত্তি হয় আৰু সেইবোৰ সহজে জল, স্থল আৰু বায়ুমণ্ডলতো মিহলি হৈ পৰে। এই ক্ষুদ্ৰ কণিকাবোৰ পানীত মিহলৈ হৈ শেষত সাগৰত গৈ পৰাৰ ফলত সামুদ্ৰিক জীৱনকূললৈ ই ভাবুকি কঢ়িয়াই আনিছে।

‘হাল বিশ্ববিদ্যালয়’ৰ ‘হাল য়ৰ্ক মেডিকেল স্কুল’ৰ বিজ্ঞানীৰ দল এটাই ১৩টা হাঁওফাঁওৰ টিছুৰ নমুনা পৰীক্ষা কৰাৰ পাছত তাৰ ১১টাতে মাইক্ৰ’প্লাষ্টিকৰ কণিকা বিচাৰি পাইছে। এই পৰিমাণ পূ্ৰ্বে কৰা আন যিকোনো পৰীক্ষাৰ সময়ত লাভ কৰা ফলাফলতকৈ অধিক চিন্তনীয়। এই অধ্যয়নৰ ফলাফস দ্য জাৰ্নেল ছায়েন্স অব্ দ্য ট’টেল এনভাৰমেণ্টত প্ৰকাশৰ বাবে নিৰ্বাচিত হৈছে।

বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি মানুহৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ সময়ত এনে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি পোৱা গৈছিল যদিও এইবাৰেই প্ৰথমবাৰৰ বাবে জীৱিত লোকৰ দেহত এনে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি পোৱা গৈছে। মানুহৰ শ্বাস প্ৰণালীৰ মাজেৰে সৰকি গৈ হাঁওফাঁও পোৱা এনে মাইক্ৰ’প্লাষ্টিকৰ কণিকাই মানৱ স্বাস্থ্যলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই অনাৰ আশংকা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement