--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিপদে লগ এৰা দিয়া নাই গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীৰ। অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁ শেহতীয়াকৈ জামিন লাভ কৰিছে যদিও তেওঁৰ বিপদ আঁতৰা নাই। এইবাৰ এটা পুৰণি গোচৰত তেওঁক কাৰাদণ্ড বিহিছে এখন আদলতে। বিধায়ক মেৱানী আৰু এনচিপি নেতা ৰেশ্মা পেটেলক মেহছানা আদালতে তিনি মাহৰ কাৰাদণ্ড প্ৰদান কৰিছে। আদালতে অভিযুক্তকেইজনক ,০০০ টকাকৈ জৰিমনাও বিহিছে। আদালতে এই গোচৰটোত ৰেশ্মা পেটেল আৰু মেৱানীকে ধৰি ১২ জন অভিযুক্তক দোষী সাব্যস্ত কৰে।

মেহছানা আদালতে ২০১৭ৰ ফ্ৰীডম মাৰ্চ ৰেলীৰ সম্পৰ্কীয় গোচৰত শাস্তি ঘোষণা কৰে। অভিযোগ আছিল যে অনুমতি অবিহনে এই ৰেলী উলিওৱা হৈছিল। এনচিপি নেতা ৰেশ্মা পেটেলে কয়, আমি আদালতৰ আদেশক সন্মান কৰোঁ, কিন্তু জনসাধাৰণৰ বাবে ন্যায় বিচৰাটোও বিজেপি শাসনত অপৰাধ হিচাপে বিবেচিত হৈছে। বিজেপিয়ে আইনৰ মিছা ভয় দেখুৱাই আমাৰ মাত দমন কৰিব নোৱাৰে। আমি সদায় মানুহৰ ন্যায়ৰ বাবে যুঁজ দিম।


এই ৰায় প্ৰদান কৰি অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ জে এ পাৰমাৰে কয় যে, ৰেলী অনুষ্ঠিত কৰাটো অপৰাধ নহয়, কিন্তু অনুমতি অবিহনে ৰেলী অনুষ্ঠিত কৰাটো অপৰাধ। আদালতে এইটোও কয় যে আদালতৰ আদেশ অবাধ্য হোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰি। উল্লেখ্য যে, ২০১৭ চনৰ ১২ জুলাই জিগনেশ মেৱানীয়ে, তেতিয়াৰ ছাত্ৰ নেতা কানহাইয়া কুমাৰ আৰু অন্যান্যসকলৰ সৈতে, ন্নাও সংঘটিত চাবুক আক্ৰমণৰ ঘটনাৰ প্ৰথম বাৰ্ষিকীত 'ফ্ৰীডম মাৰ্চ' উলিয়াইছিল। মেহছানা জিলা প্ৰশাসনে মেৱানীক পদযাত্ৰা উলিয়াবলৈ দিয়া পূৰ্বৰ অনুমতি প্ৰত্যাহাৰ কৰিছিল। মেহছানা আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৪৩ ধাৰাৰ অধীনত অবৈধ পদযাত্ৰা কৰাৰ বাবে এটা গোচৰ ৰুজু কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ