--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিপদে লগ এৰা দিয়া নাই গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীৰ। অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁ শেহতীয়াকৈ জামিন লাভ কৰিছে যদিও তেওঁৰ বিপদ আঁতৰা নাই। এইবাৰ এটা পুৰণি গোচৰত তেওঁক কাৰাদণ্ড বিহিছে এখন আদলতে। বিধায়ক মেৱানী আৰু এনচিপি নেতা ৰেশ্মা পেটেলক মেহছানা আদালতে তিনি মাহৰ কাৰাদণ্ড প্ৰদান কৰিছে। আদালতে অভিযুক্তকেইজনক ১,০০০ টকাকৈ জৰিমনাও বিহিছে। আদালতে এই গোচৰটোত ৰেশ্মা পেটেল আৰু মেৱানীকে ধৰি ১২ জন অভিযুক্তক দোষী সাব্যস্ত কৰে।

মেহছানা আদালতে ২০১৭ৰ ‘ফ্ৰীডম মাৰ্চ ৰেলী’ৰ সম্পৰ্কীয় গোচৰত শাস্তি ঘোষণা কৰে। অভিযোগ আছিল যে অনুমতি অবিহনে এই ৰেলী উলিওৱা হৈছিল। এনচিপি নেতা ৰেশ্মা পেটেলে কয়, ‘আমি আদালতৰ আদেশক সন্মান কৰোঁ, কিন্তু জনসাধাৰণৰ বাবে ন্যায় বিচৰাটোও বিজেপি শাসনত অপৰাধ হিচাপে বিবেচিত হৈছে। বিজেপিয়ে আইনৰ মিছা ভয় দেখুৱাই আমাৰ মাত দমন কৰিব নোৱাৰে। আমি সদায় মানুহৰ ন্যায়ৰ বাবে যুঁজ দিম।’

এই ৰায় প্ৰদান কৰি অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ জে এ পাৰমাৰে কয় যে, ৰেলী অনুষ্ঠিত কৰাটো অপৰাধ নহয়, কিন্তু অনুমতি অবিহনে ৰেলী অনুষ্ঠিত কৰাটো অপৰাধ। আদালতে এইটোও কয় যে আদালতৰ আদেশৰ অবাধ্য হোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰি। উল্লেখ্য যে, ২০১৭ চনৰ ১২ জুলাইত জিগনেশ মেৱানীয়ে, তেতিয়াৰ ছাত্ৰ নেতা কানহাইয়া কুমাৰ আৰু অন্যান্যসকলৰ সৈতে, উন্নাও সংঘটিত চাবুক আক্ৰমণৰ ঘটনাৰ প্ৰথম বাৰ্ষিকীত 'ফ্ৰীডম মাৰ্চ' উলিয়াইছিল। মেহছানা জিলা প্ৰশাসনে মেৱানীক পদযাত্ৰা উলিয়াবলৈ দিয়া পূৰ্বৰ অনুমতি প্ৰত্যাহাৰ কৰিছিল। মেহছানা আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৪৩ ধাৰাৰ অধীনত অবৈধ পদযাত্ৰা কৰাৰ বাবে এটা গোচৰ ৰুজু কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ