--°C
Loading...
Listen to Article
2 min read
80%

নৱী মুম্বাই : দেশত নাৰী নিৰ্যাতন তথা বলাৎকাৰৰ ঘটনাই প্ৰায় প্ৰতিদিনেই সূচনা কৰিছে কলংকিত অধ্যায়ৰ। শেহতীয়াকৈ আন এক চাঞ্চল্যকৰ ঘটনাৰ বিষয়ে পোহৰলৈ আহিছে। এইবাৰ এগৰাকী ৯০ বছৰীয়া বৃদ্ধাক এজন শ্ৰমিকে বলাৎকাৰ কৰা বুলি দাখিল কৰা হৈছে অভিযোগ। ৰত্নগিৰিৰ ডাপোলিত এই ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে মহিলাগৰাকীৰ বোৱাৰীয়েকে আৰক্ষীৰ ওচৰত এই সম্পৰ্কত অভিযোগ দাখিল কৰে।

আৰু পঢ়িব পাৰিব : ঐতিহাসিক ১৭ ঘণ্টাজোৰা যাত্ৰা সফলতাৰে সম্পূৰ্ণ কৰিলে কেপ্তেইন জয়াৰ বিমানে

মহিলাগৰাকীৰ বিগত বৰ্ষৰ ১৯ ডিচেম্বৰত ছোহাম ভিল নামৰ এজন ৩৩বছৰীয়া লোকে বলাৎকাৰ কৰিছিল। কিন্তু নিৰ্যাতিতা বয়োজ্যেষ্ঠা মহিলাগৰাকীয়ে এই ঘটনাৰ বিষয়ে কাৰো আগতে ইমানদিনে প্ৰকাশ কৰা নাছিল। ডাপোলি আৰক্ষীৰ সহকাৰী পৰিদৰ্শক পূজা হিৰেমাথে প্ৰকাশ কৰে যে, ‘নব্বৈ ঊৰ্ধৰ মহিলাগৰাকীয়ে ডাপোলিৰ হাতিপ গাঁৱত অকলে বসবাস কৰিছিল। তেওঁৰ পুত্ৰ আৰু বোৱাৰী মুম্বাইৰ বাসিন্দা।

আৰু পঢ়িব পাৰিব : দৈদাম চাহ বাগিচাত হত্যাকাণ্ড !পত্নীসহ ৩বছৰীয়া কন্যাক হত্যা

এই ঘটনা সংঘটিত হোৱাৰ পাছত অভিযুক্তই তেওঁৰ অধিক ক্ষতি কৰিব পাৰে বুলি আশংকা কৰি বহুদিনলৈ কাকো একো অৱগত কৰা নাছিল।’ পিছত তেওঁ অসুস্থ হৈ পৰাত একেখন গাঁৱতে থকা আত্মীয়ৰ ঘৰত তেওঁ আশ্ৰয় লয় আৰু এগৰাকী আত্মীয়ক এই বিষয়ে অৱগত কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলিও আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ