--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু কেতিয়া আহি আমাক আঁকোৱালি ল'ব সেয়া আমি কোনেও ক'ব নোৱাৰো। ৰাজপথত কেতিয়াবা মানুহৰ জীৱন কাঢ়িবলৈ ৰৈ থাকে মৃত্যু। এজন যুৱকৰ ঘটিছে কৰুণ মৃত্যু। প্ৰেমিকাক লগত লৈ বাইকেৰে গৈ থকাৰ সময়ত বাঘৰ আক্ৰমণত যুৱকজনে হেৰুৱালে প্ৰাণ। 

এই কৰুণ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাত। বৃহস্পতিবাৰে আবেলি এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। এজন ২১ বছৰীয়া যুৱকে বাঘৰ আক্ৰমণত দুৰ্ভাগ্যজনকভাৱে মৃত্যুবৰণ কৰিবলগীয়া হয়। জানিব পৰা মতে বৃহস্পতিবাৰে আবেলি অজিত নাকাডে নামৰ ২১ বছৰীয়া যুৱকজনে প্ৰেমিকাৰ সৈতে বাইকেৰে উচেগাঁও বনাঞ্চললৈ যোৱাৰ সময়তে বাঘৰ আক্ৰমণৰ সন্মুখীন হয়। 

বনাঞ্চললৈ যোৱাৰ সময়তে অজিত নাকাডেক এটা বাঘে আকস্মিকভাৱে আক্ৰমণ কৰে আৰু হাবলৈ টানি লৈ যায়। এই ঘটনা সংঘটিত হোৱাৰ পাছতে অজিত নাকাডেৰ প্ৰেমিকাই কোনোমতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু স্থানীয় অঞ্চলৰ লোকক ঘটনাটোৰ সন্দৰ্ভত অৱগত কৰে। 

ইয়াৰ পাছতে ঘটনাস্থলীত বন বিভাগৰ এটা দল উপস্থিত হৈ অজিত নাকাডেৰ সন্ধানত নামি পৰে। অভিযান কালত অজিত নাকাডেৰ মৃতদেহ উদ্ধাৰ কৰে বন বিভাগৰ দলে। উল্লেখযোগ্য যে চলিত বৰ্ষত মহাৰাষ্ট্ৰত বাঘৰ আক্ৰমণত এতিয়ালৈকে বহুলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।এই কৰুণ ঘটনাত অঞ্চলজুৰি বৈছে শোকৰ বন্যা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ