--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু কেতিয়া আহি আমাক আঁকোৱালি ল'ব সেয়া আমি কোনেও ক'ব নোৱাৰো। ৰাজপথত কেতিয়াবা মানুহৰ জীৱন কাঢ়িবলৈ ৰৈ থাকে মৃত্যু। এজন যুৱকৰ ঘটিছে কৰুণ মৃত্যু। প্ৰেমিকাক লগত লৈ বাইকেৰে গৈ থকাৰ সময়ত বাঘৰ আক্ৰমণত যুৱকজনে হেৰুৱালে প্ৰাণ। 

এই কৰুণ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাত। বৃহস্পতিবাৰে আবেলি এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। এজন ২১ বছৰীয়া যুৱকে বাঘৰ আক্ৰমণত দুৰ্ভাগ্যজনকভাৱে মৃত্যুবৰণ কৰিবলগীয়া হয়। জানিব পৰা মতে বৃহস্পতিবাৰে আবেলি অজিত নাকাডে নামৰ ২১ বছৰীয়া যুৱকজনে প্ৰেমিকাৰ সৈতে বাইকেৰে উচেগাঁও বনাঞ্চললৈ যোৱাৰ সময়তে বাঘৰ আক্ৰমণৰ সন্মুখীন হয়। 


বনাঞ্চললৈ যোৱাৰ সময়তে অজিত নাকাডেক এটা বাঘে আকস্মিকভাৱে আক্ৰমণ কৰে আৰু হাবলৈ টানি লৈ যায়। এই ঘটনা সংঘটিত হোৱাৰ পাছতে অজিত নাকাডেৰ প্ৰেমিকাই কোনোমতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু স্থানীয় অঞ্চলৰ লোকক ঘটনাটোৰ সন্দৰ্ভত অৱগত কৰে। 

ইয়াৰ পাছতে ঘটনাস্থলীত বন বিভাগৰ এটা দল উপস্থিত হৈ অজিত নাকাডেৰ সন্ধানত নামি পৰে। অভিযান কালত অজিত নাকাডেৰ মৃতদেহ উদ্ধাৰ কৰে বন বিভাগৰ দলে। উল্লেখযোগ্য যে চলিত বৰ্ষত মহাৰাষ্ট্ৰত বাঘৰ আক্ৰমণত এতিয়ালৈকে বহুলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।এই কৰুণ ঘটনাত অঞ্চলজুৰি বৈছে শোকৰ বন্যা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ