--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএল ২০২২ এলিমিনেটৰত আৰচিবিৰ হাতত ১৪ ৰানত পৰাস্ত হয় চলিত ছিজনত আত্মপ্ৰকাশ কৰা লক্ষ্ণৌ ছুপাৰ জায়েন্টছে। প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পাছত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে দলটোৰ অধিনায়ক কে এল ৰাহুলে। দীনেশ কাৰ্তিকৰ এটা সহজ কেচ মিছ কৰিছিল ৰাহুলে। 

গুৰুত্বপূৰ্ণ মেচখনত ৬৯ ৰান সংগ্ৰহ কৰাৰ পিছতো ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ৰাহুলৰ ষ্ট্ৰাইক ৰেটক লৈ প্ৰশ্ন উত্থাপন কৰিছে। মেচখনৰ শেষত লক্ষ্ণৌৰ মেণ্টৰ গৌতম গম্ভীৰৰ এখন ছবিও ভাইৰেল হৈ পৰে। ছবিখনলৈ চাই, ৰাহুলৰ ওপৰত গম্ভীৰে ক্ষোভ প্ৰকাশ কৰিছে বুলি ধাৰণা কৰি লৈছে নেটিজেনে।

আৰচিবিয়ে প্ৰথমে বেটিং কৰি ২০৬ ৰান কৰে। মাত্ৰ ৫৪টা বলত ১১২ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল ৰজত পাটিদাৰে। কিন্তু মেচ চলাকালীন লক্ষ্ণৌৰ ফিল্ডাৰসকলে তিনিবাৰকৈ তেওঁৰ কেচ ড্ৰপ কৰিছিল। ৰাহুলে পাটিদাৰৰ সহজ কেচ মিছ কৰে। চলিত আইপিএলত ৰাহুলে ফৰ্মত থকা বেটছমেন দীনেশ কাৰ্তিকৰ কেচ মিছ কৰি এক প্ৰকাৰ নিজৰ বিপদ নিজে মাতি আনিছিল। সেই সময়ত মাত্ৰ ২ ৰানত থকা কাৰ্তিকে অপৰাজিত ৩৬ ৰানেৰে ইনিংছৰ সামৰণি মাৰিছিল। ডাগ আউটত থকা গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
 
ৰাহুলৰ মন্থৰ বেটিঙক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে ৰবি শাস্ত্ৰীয়ে। তেওঁ কয়, ‘সেই সময়ত আৰু অলপ বেগেৰে ৰান সংগ্ৰহ কৰাটো উচিত আছিল। ৯-১৪ অ’ভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। যিকোনো এজন বলাৰক টাৰ্গেট কৰিব পাৰিব লাগিছিল। ৰাহুল আৰু দীপক হুডাই খেলি থকাৰ সময়ত ৰাহুলে অধিক আক্ৰমণাত্মকভাৱে বেটিং কৰাৰ প্ৰয়োজন আছিল। মিডল অ’ভাৰত ৰান সংগ্ৰহ কৰিব পাৰিলেই আৰচিবিক হেঁচাত পেলাব পৰা গ’লহেঁতেন।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ