--°C
Loading...
Listen to Article
2 min read
80%

ধেমাজি : প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টাৰ কেম্পেইনাৰ লক্ষ্যৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জোনাই বিধানসভা সমষ্টি। চিলাপথাৰত আজি উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপি প্ৰাৰ্থী ভূবন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ শ্বাহে চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত সভাত প্ৰচাৰ চলায়।

আৰু পঢ়িব পাৰিব : উন্নয়নৰ খতিয়ানেৰে বিহালীত জে পি নাড্ডাৰ নিৰ্বাচনী প্ৰচাৰ

সভাত উপস্থিত হৈ শ্বাহে কয়, ‘আমি আপোনালোকৰ পৰা ৫ বছৰ বিচাৰিছিলোঁ৷ আৰু এই ৫বছৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনক উন্নয়নৰ দিশত আগুৱাই নিবলৈ সক্ষম হৈছে। এইবাৰো অসমত বিজেপি চৰকাৰ গঠন কৰিবলৈ বিজেপি দলক ভোট দিবলৈ আহ্বান জনাইছোঁ।’ নিজৰ ভাষণত তেওঁ বিৰোধী মহাজোঁটক তীব্ৰ সমালোচনা কৰে।

আৰু পঢ়িব পাৰিব : কাৰাগাৰতে থাকিব অশীতিপৰ ষ্টেন স্বামী, জামিন আৱেদন নাকচ

মহাজোঁটক অংশীদাৰ এআইইউডিএফ নেতা আজমলক কালাপাহাৰ বুলি কটাক্ষ কৰে শ্বাহে। কংগ্ৰেছ দলে কালাপাহাৰক অসমৰ মুৰব্বী পাতি ৰাজ্যখনক ধ্বংস মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ কৰা বুলি তেওঁ অভিযোগ কৰে। শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো নিৰ্বাচনী প্ৰচাৰ সভাখনত উপস্থিত থাকে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ