--°C
Loading...
Listen to Article
2 min read
80%

বিহালী : চৰকাৰৰ সম-উন্নয়নৰ শ্লোগানেৰে বিহালীত ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই৷ বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ জয়গুণ গাই ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা কৰে নাড্ডাই৷

আৰু পঢ়িব পাৰিব : কাৰাগাৰতে থাকিব অশীতিপৰ ষ্টেন স্বামী, জামিন আৱেদন নাকচ

অসমলৈ অহা কংগ্ৰেছ নেতৃত্বই অসমৰ চাহ বাগিচাত প্ৰবেশ কৰি বাগিচাসমূহত বসবাস কৰা ভোটাৰক আকৰ্ষিত কৰিবলৈ চাহপাত বুটলি দেখুৱাই চমক সৃষ্টি কৰে বুলি নাড্ডাই সভাত মন্তব্য কৰে৷ লগতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক 'ভাৰতৰত্ন' বিজেপি চৰকাৰেহে প্ৰদান কৰা বুলি মন্তব্য কৰে বিজেপিৰ মুৰব্বীগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : ‘জনতা কাৰ্ফিউ’ৰ বৰ্ষপূৰ্তি : থালি লৈ ওলাই আহিছিল কৰ’নাক খেদিবলৈ !

কংগ্ৰেছৰ দিনত কোনো উন্নয়নৰ মুখ নেদেখা অসমৰ জনতাই বিজেপিৰ শাসনকালৰ পাঁচটা বছৰতে ব্যাপক উন্নয়ন হোৱা বুলি উল্লেখ কৰি দেশ উজলাই তুলিবলৈ ৰাইজ এতিয়া বিজেপিৰ লগত থিয় হোৱা বুলি তেওঁ দাবী কৰে৷ বিজেপি চৰকাৰৰ দিনত হত্যা-হিংসা ৰোধ হোৱা বুলি উল্লেখ কৰি বড়ো শান্তি চুক্তি, মহিলা সবলীকৰণ, সাত লাখ শৌচালয় নিৰ্মাণ, ১৮ হাজাৰ বিজুলী সংযোগ, একলাখ স্বাস্থ্য কাৰ্ড, ইঞ্জিনিয়াৰিং কলেজ, খিলঞ্জীয়াৰ বাবে সোণোৱাল চৰকাৰে ভূমি পট্টা প্ৰদান কৰা, কৃষি আঁচনি, বিহালীত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি গাংমৌ থানক পৰ্যটকৰ স্থলীলৈ ৰূপান্তৰ কৰাৰ দৰে উন্নয়নমূলক কামৰ খতিয়ানো নাড্ডাই দাঙি ধৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ