--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি মহানগৰীৰ ‘তাজ ভিভাণ্টা’ত বিজেপিয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ৷ ইস্তাহাৰ মুকলি কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই৷ এই অনুষ্ঠান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাকে ধৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তকে ধৰি দলৰ শীৰ্ষ নেতা উপস্থিত আছিল৷ বান নিয়ন্ত্ৰণকে ধৰি ১০টা বিশেষ সংকল্প ঘোষণা কৰি বিজ্ঞানসন্মতভাৱে বান সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে নাড্ডাই৷ লগতে দেশত নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাটো নিশ্চিত বুলি কয়৷

আৰু পঢ়িব পাৰিব : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি : দাৰ ঘাপত আহত দুজন

তদুপৰি এনআৰচিৰ পৰা অবৈধ লোকৰ নাম কৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে বিজেপিয়ে৷ ইয়াৰ উপৰি ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ১ লাখ লোকক চাকৰিৰ প্ৰদান, ১০ লাখ যুৱ উদ্যোগী সৃষ্টি, মিছন শিশু উন্নয়ন অভিযান আৰম্ভ কৰিব বুলি বিজেপিৰ নিৰ্বাচনী ইস্তহাৰত উল্লেখ কৰিছে৷

ৰাজ্যৰ ৩০ লাখ লোক ‘অৰুণোদয়’ আঁচনিত সামৰি লোৱাৰ লগতে আঁচনিৰ ধন ৩ হাজাৰলৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ৰাজ্যৰ পৰ্যটনৰ দিশতো গুৰুত্ব প্ৰদান কৰিব বুলি ইস্তহাৰত উল্লেখ কৰিছে৷ সংকল্প-পত্ৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কোনো ব্যৱস্থা নাই৷ লগতে ৬ নম্বৰ দফা কাৰ্যকৰীৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে৷

আৰু পঢ়িব পাৰিব : দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুই যুৱকক আক্ৰমণ উন্মত্ত জনতাৰ !

বিজেপিৰ ইস্তহাৰত উল্লেখিত আছে - অসম সভ্যতাৰ সুৰক্ষা, অসমৰ যুৱ প্ৰজন্মৰ সৱলীকৰণ, অৰ্থনৈতিক সৱলীকৰণ, বানপানীমুক্ত অসম, আন্তঃগাঁঠনি, জনজাতি সম্পৰ্ক আৰু কল্যাণ, কৃষি, অৰ্থনৈতিক বিকাশ, শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ, অসমৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ তথা উদযাপন, পৰ্যটন তথা সেউজ অসমকে ধৰি বহুকেইটা বিষয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ