--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে জম্মু-কাশ্মীৰক লৈ। অমৰনাথ যাত্ৰাৰ সময়তে ভক্তৰ তেজেৰে কাশ্মীৰ ৰাঙলী কৰাৰ ষড়যন্ত্ৰ ৰচিছে সন্ত্ৰাসবাদীয়ে। শেহতীয়াকৈ চোৰাংচোৱাই প্ৰকাশ কৰা তথ্য অনুসৰি অমৰনাথ যাত্ৰাৰ সময়ত ষ্টিকী বোমা আক্ৰামণৰ আশংকা গাঢ় হৈ পৰিছে। 

চোৰাংচোৱা সংস্থাসমূহে দিয়া তথ্য অনুসৰি অমৰনাথ যাত্ৰীক কঢ়িয়াই নিয়া বাহনত ষ্টিকী বোমাৰে আক্ৰমণ কৰা হ’ব পাৰে। উল্লেখ্য যে, ৩০ জুনত আৰম্ভ হ’বলগীয়া অমৰনাথ যাত্ৰাত এইবাৰ প্ৰায় ৩ লাখ ভক্তৰ সমাগম ঘটিব। ভক্তৰ সমাৱেশ ব্যাপক হোৱালৈ চাই নিৰাপত্তা বাহিনীসমূহে নিৰাপত্তা সম্পৰ্কীয় কৌশল সলনি কৰিছে। বিশেষকৈ যান-বাহন চালনাৰ দিশত পৰিকল্পনাৰ ব্যাপক সাল-সলনি ঘটোৱা হৈছে। 


জম্মু-কাশ্মীৰৰ সন্ত্ৰসবাদীৰ হাতত ষ্টিকী বোমা থকা সম্পৰ্কীয় তথ্যক লৈ নিৰাপত্তা সংস্থাসমূহ সতৰ্ক হৈ পৰিছে। এই ষ্টিকী বোমা হৈছে এবিধ বিশেষ প্ৰযুক্তিৰ বিস্ফোৰক। যাক গাড়ীত আঠা লগোৱাৰ দৰে লগাই থৈ দূৰৰ পৰাই নিয়ন্ত্ৰণৰ জৰিয়তে ইয়াৰ বিস্ফোৰণ ঘটাব পাৰি। এই বোমাৰ ব্যৱহাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে কৰা হৈছিল আৰু তালিবান সন্ত্ৰাসবাদীয়েও ইয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰি আহিছে।


তাৎপৰ্যপূৰ্ণভাৱে বিগত সময়ছোৱাত নিৰাপত্তাবাহিনীয়ে সন্ত্ৰাসবাদীৰ হাতৰ পৰা ভালেমান ষ্টিকী বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীক কৰা জেৰা আৰু অন্যান্য তথ্যৰ আধাৰত এই আশংকা কৰা হৈছে যে, জম্মু-কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ হাতত ইতিমধ্যেই ষ্টিকী বোমা মজুত আছে। যোৱা মাহত জম্মুত এখন বাছৰ ওপৰত হোৱা আক্ৰমণত ষ্টিকী বোমা ব্যৱহাৰ কৰাৰ আশংকা কৰা হৈছে আৰু এই ঘটনাৰ তদন্ত নিয়াই কৰি আছে।


কেৱল এয়াই নহয়, বিগত সপ্তাহত আৰক্ষীয়ে কাশ্মীৰত আতংক বিয়পোৱাৰ বাবে পাকিস্তানে চলোৱা প্ৰচেষ্টা এটা বিফল কৰি তুলিছিল। আৰক্ষীয়ে কথুৱাৰ হৰিনগৰৰ টল্লী হৰিয়া চাক গাঁৱৰ সমীপত এখন পাকিস্তানী ড্ৰোন গুলীয়াই ভূপতিত কৰিছিল। ড্ৰোনখনৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। এই অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত মেগনেটিক বা ষ্টিকী বোমাও আছিল। এই ঘটনাৰ পাছতে নিৰাপত্তা সংস্থাসমূহে অমৰনাথ যাত্ৰাৰ নিৰাপত্তাৰ ৰণনীতি সাল-সলনি ঘটাইছে আৰু নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে। কাশ্মীৰ ৰেঞ্জৰ আইজি বিজয় কুমাৰে মন্তব্য কৰিছে যে, নিৰাপত্তা সংস্থাসমূহে ষ্টিকী বোমাৰ আতংকৰ সৈতে মোকাবিলা কৰাৰ কাৰণে চেষ্টা চলাই আছে আৰু তাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে, কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ হাতত যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহতে প্ৰথমবাৰৰ বাবে ষ্টিকী বোমা পোৱা গৈছিল।


উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত এইবাৰ প্ৰথম অমৰনাথ যাত্ৰা অনুষ্ঠিত হ’ব। বিগত দুটা বছৰে কৰ’না পৰিস্থিতিৰ বাবে অমৰনাথ যাত্ৰা অনুষ্ঠিত হোৱা নাছিল। এইবাৰ ৩ লক্ষাধিক ভক্তই অমৰনাথ যাত্ৰাত ভাগ লোৱাৰ সম্ভাৱনা আছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ